এক মেৰু বিশ্বত আন্তৰ্জাতিক সংহঠন 

ষষ্ঠ অধ্যায়

অতি চমু প্ৰশ্নঃ

১। কিহৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন ।

উত্তৰঃ  বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন । 


২. আন্তৰ্জাতিক সংগঠন কাক বোলে ।

উত্তৰঃ  বিশ্বৰ ৰাষ্ট্ৰসমূহে স্ব-ইচ্ছাই একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা সংগঠনটোকে আন্তৰ্জাতিক সংগঠন বোলা হয় ।


৩. বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ কি ।

উত্তৰঃ  বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হল মানৱ জাতিৰ শান্তি  আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান ।


৪. ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম হল ডাগ হেমাৰছিল্ড ।


৫. বিশ্বৰ প্ৰতিজন ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিকসকলক কি দিয়াৰ প্ৰয়োজন ।

উত্তৰঃ  বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই নিজৰ নিজৰ নাগৰিকসকলক প্ৰতিষেধক প্ৰদান, ছিটা বা টিকা দিয়াৰ প্ৰয়োজন ।


৬. কিমান চনত জাতিসংঘ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯২০ চনত জাতিসংঘ গঠন কৰা হৈছিল ।


৭. দুখন বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল ।

উত্তৰঃ  কুৰি শতিকাৰ প্ৰথমাৰ্ধতে দুখনকৈ বিশ্বযুদ্ধ সংঘটিত হৈছিল ।


৮. কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল ।

উত্তৰঃ ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল ।


৯. কিমান চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল

উত্তৰঃ  ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল ।


১০. কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনকদত স্বাক্ষৰ কৰি এই সংগঠনটো গঠন কৰিছিল ।

উত্তৰঃ  ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰি এই সংগঠনটো গঠন কৰিছিল ।


১১. ৰাষ্ট্ৰসংঘৰ সন্মিলন কত আৰম্ভ হৈছিল ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ সন্মিলন চানফ্ৰান্সিস্কোত আৰম্ভ হৈছিল ।


১২. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যাৰ সংখ্যা কিমান

উত্তৰঃ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যাৰ সংখ্যা ১৯৩ জন ।


১৩.  কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ।

উত্তৰঃ  ২৪ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ।      

     

১৪. ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ হল 

ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ।

খ) অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক  আৰু মানৱীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰা ।

গ) সমগ্ৰ বিশ্বতে সামাজিক আৰু অৰ্থনৈতিক দিশৰ উন্নতি সাধন কৰা ।

ঘ) যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰহা ।


১৫. ৰাষ্ট্ৰসংঘৰ অংগ কেইটা আৰু কি কি ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অংগ ছয়টা যেনে 

ক) সাধাৰণ সভা ।

খ) নিৰাপত্তা পৰিষদ ।

গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ।

৪. ন্যাসৰক্ষী পৰিষদ ।

ঙ) আন্তৰ্জাতিক ন্যায়ালয় ।

চ) সচিবালতয় ।


১৬. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে লিখা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হল নিৰাপত্তা পৰিষদ । নিৰাপত্তা পৰিষদৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হল ১৫ খন । ইয়াৰ ভিতৰত পাচখন স্থায়ী আৰু দহখন অস্থায়ী পৰিষদ । নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট-ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন । পূৰ্বতে ছোভিয়েট ইউনিয়ন স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল যদিও ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হৈ যোৱাৰ পাছত ৰাছিয়া এই আসনৰ অধিকাৰী হয় । স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ যিকোনো এখনে ভেটো প্ৰয়োগ কৰিলে নিৰাপত্তা পৰিষদৰ যিকোনো প্ৰস্তাৱ বাতিল হৈ যায় । গতিকে ইয়াক ঋণাত্মক ক্ষমতা বোলা হয় । অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক সাধাৰণ সভাই দুবছৰৰ বাবে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে নিৰ্বাচন কৰে । 


১৭. আন্তৰ্জাতিক ন্যায়ালয়ত কেইগৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ  আন্তৰ্জাতিক ন্যায়ালয়ত ১৫ গৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় নেডাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত ।


১৮. সচিবালয়ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ সচিবালয়ৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত ।  

 

১৯. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম হল বেন কী মুন ।


২০. ৰাষ্ট্ৰসংঘক কেইধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন আৰু কি

উত্তৰঃ  ৰাষ্ট্ৰসংঘক দুই ধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন যেনে 

ক) সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ ।

খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ ।


২১. ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্যসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্যসমূহ যেনে স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শিকতা নিয়ন্ত্ৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱীয় অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা আদি কাৰ্যবোৰ ।


২২. ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰ পৰা বৰ্তমানলৈ বিশ্বৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনসমূহ কি কি

উত্তৰঃ  ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰ পৰা বৰ্তমানলৈ বিশ্বৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনসমূহ হল 

ক) বিশ্বত এটা ডাঙৰ শক্তি হিচাপে পৰিগণিত ছোভিয়েট ৰাছিয়াৰ পতন ।

খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ অদ্বিতীয় শক্তি হিচাপে আৱিৰ্ভাৱ ।

গ) ভোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়াক স্বীকৃতি প্ৰদান ।

ঘ) ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতা স্থাপন ।

ঙ)   চীনৰ অতি ক্ষীপ্ৰতাৰে এটা শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰো শক্তি ক্ৰমাগতভাৱে বৃদ্ধি ।

চ) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি ।

ছ) ছোভিয়েট ইউনিয়ন বা পূৰ্বৰ পূব  ইউৰোপৰ সাম্যবাদী ৰাষ্ট্ৰৰ পৰা মুক্ত হৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত যোগদান ।

ছ) সমগ্ৰ বিশ্বতে কেতবোৰ নতুন প্ৰত্যাহবানে দেখা দিছে আৰু এইবোৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । এই নতুন প্ৰত্যাহবানসমূহ হল গৃহযুদ্ধ, গোষ্ঠীগত সংঘৰ্ষ, সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ দ্ৰতগতিত বৃদ্ধি বাতাবৰণ সলনি, পাৰিপাৰ্শ্বিকতাৰ অৱনতি, মহামাৰী ইত্যাদি ।   


২৩. ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰখনৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰখনৰ নাম হল ভাৰতবৰ্ষ ।


৪. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা  সভানেত্ৰীগৰাকীৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকীৰ নাম হল বিজয়লক্ষ্মী পণ্ডিত ।


২৫.   ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘক কি কি কাৰণত সমৰ্থন কৰে লিখা ।

উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘক সমৰ্থন কৰা সাৰণসমূহ হল 

ক) ৰাষ্ট্ৰসংঘক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰিবলৈ হলে পৰিৱৰ্তিত সমসাময়িক ৰাজনীতিৰ সৈতে খাপ খোৱাকৈ ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰাৰ প্ৰয়োজন ।

খ)  বিশ্বৰ ৰাষ্ট্ৰসমবহৰ উন্নয়ন আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ হলে ৰাষ্ট্ৰসংঘৰ ভূমিকা অধিক বৃদ্ধি কৰিব লাগিব ইয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰিব লাগিব ।

গ)   ৰাষ্ট্ৰসংঘৰ মূলমন্ত্ৰ হল বিশ্বৰ প্ৰগতি বা উন্নয়ন । ইয়াক বাস্তৱায়িত কৰিবলৈ হলে বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠিত কৰিব লাগিব । উয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰি নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ সৈতে সক্ৰিয়ভাৱে জড়িত কৰিব লাগিব ।

ঘ) ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ পুনৰ্গঠনৰ ওপৰত বিশেষেভাৱে গুৰুত্ব আৰোপ কৰিছে । কাৰণ, ৰাষ্ট্ৰসংঘই জন্মলগ্নৰ পৰা নিৰাপত্তা পৰিষদৰ সদস্যাৰ সংখ্যা প্ৰয়োজন অনুসৰি বৃদ্ধি কৰা নাই ।


২৬. নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্তকৰাৰ যুক্তিযুক্ততাসমূব কি    

উত্তৰঃ   নিৰাপত্তা পৰিষদৰ ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্ত  কৰাৰ    যুক্তিযুক্ততাসমূহ হল 

ক) ভাৰতবৰ্ষ হল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্ৰ ।

খ) ভাৰতবৰ্ষ বিশ্বৰ এখন ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ ।

গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে ।

ঙ) ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে ।

চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই ।


২৭. বিশ্বত নতুনকৈ গঢ়ি উঠা আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠনবোৰ কি কি ।

উত্তৰঃ  বিশ্বত নতুনকৈ গঢ়ি উঠা আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠনবোৰ হল 

ক) আন্তৰ্জাতিক মুদ্ৰানিধি ।

খ) বিশ্ব বাণিজ্য সংস্থা ।

গ) বিশ্ববেংক ।


২৮.  আন্তৰ্জাতিক মুদ্ৰানিধিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ ঃ আন্তৰ্জাতিক মুদ্ৰানিধি হল এটা আন্তৰ্জাতিক সংগঠন । এই সংগঠনটো ১৯৪৫ চনত গঠিত হৈছিল । ই ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰে । ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰৰ সংখ্যা আছিল ১৮৮ খন ।   আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটন ডি চিত অৱস্থিত । সংস্থাটোৰ বৰ্তমানৰ পৰিচালক সঞ্চালক হল ক্ৰিষ্টিন লাগাৰ্ড । অৱশ্যে ইয়াৰ সদস্যভূক্ত আটাইবোৰ ৰাষ্ট্ৰই সমান অধিকাৰ ভোগ নকৰে । ইয়াৰ তালিকাৰ প্ৰথম দহখন ৰাষ্ট্ৰই ৫৫ শতাংশ ভোটৰ অধিকাৰী ।

এই ৰাষ্ট্ৰসমূহ হল জি-৮ৰ সদস্যা । জি-৮ৰ সদস্যাভূক্ত হোৱা ৰাষ্ট্ৰকেইখন হল  আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, ফ্ৰান্স, গ্ৰেট-ব্ৰিটেইন, ইটালী, কানাডা, ৰাছিয়া । 


২৯. বিশ্ব বাণিজ্য সংস্থা কি ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থা হল এটা আন্তৰ্জাতিক সংগঠন । 


৩০. বিশ্ব বাণিজ্য সংস্থা কিমান চনত গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৯৫ চনত বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল ।   


৩১.   বৰ্তমান বিশ্ববাণিজ্য সংস্থাৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰৰ সংখ্যা কিমান ।

উত্তৰঃ  বৰ্তমান বিশ্ববাণিজ্য সংস্থাৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰৰ সংখ্যা ১৫৯ খন ।


৩২. বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত । 


৩৩. বিশ্ব বাণিজ্য সস্থাৰ বৰ্তমানৰ সঞ্চালক প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্ৰধানজনৰ নাম হল ৰবাৰ্টো আজেভেড় ।


৩৪. কিমান চনত বিশ্ব বেংক গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল ।

 

৩৫. বিশ্ব বেংকৰ প্ৰধান কাৰ্যসমূহ কি কি ।

উত্তৰঃ  বিশ্ব বেংকৰ প্ৰধান কাৰ্যসমূহ হল মানৱ উন্নয়ন, যেনে শিক্ষা, স্বাস্থ্য. আদি ।


৩৬. বিশ্বত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে গঢ়ি উঠা বেচৰকাৰী দুটা অনুষ্ঠানৰ নাম লিখা ।

উত্তৰঃ  বিশ্বত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে গঢ়ি উঠা বেচৰকাৰী দুটা অনুষ্ঠানৰ নাম হল 

ক) এমনেষ্টি ইন্টাৰনেচনেল ।

খ) হিইমেন ৱাচ্চ আদি ।


৩৭. পাৰমাণৱিক ইন্ধন এজেন্সিৰ মূল লক্ষ্য কি ।

উত্তৰঃ  পাৰমাণৱিক ইন্ধন এজেন্সিৰ মূল লক্ষ্য হল পাৰমাণৱিক শক্তি তথা ইয়াৰ প্ৰযুক্তিবিদ্যাক শান্তিৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰা ।


৩৮. ৰাষ্ট্ৰসংঘই জন্ম লাভ কৰাৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘই জন্ম লাভ কৰা মূল উদ্দেশ্য হল বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা আৰু যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা ।


৩৯. আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মূল উদ্দেশ্য হল ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা ।


৪০. হিউমেন ৰাইট ৱাচ্চ কি আৰু কিমান চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  হিউমেন ৰাইট ৱাচ্চ হল এটা স্বাধীন আন্তৰ্জাতিক বেচৰকাৰী অনুষ্ঠান১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল । 


Type By- Ali Rani Kakati