সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

সপ্তম অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. নিৰাপত্তা বুলি কলে কাক বুজায় ।

উত্তৰঃ  নিৰাপত্তা বুলি কলে সাধাৰণতে ভাবুকি বা বিপৰ্যয়ক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায় ।


২. বৰ্তমান বিশ্বত কিমানখন ৰাষ্ট্ৰ আছে ।

উত্তৰঃ  বৰ্তমান বিশ্বত প্ৰায় ২০০ খন ৰাস্তা আছে ।


৩. নিৰাপত্তাৰ অৰ্থ কি ।

উত্তৰঃ নিৰাপত্তাৰ অৰ্থ হল বিপৰ্যয় বা ভাবুকিক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা ।


৪. নিৰাপত্তা কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ নিৰাপত্তা দুই প্ৰকাৰৰ যেনে 

ক) পৰম্পৰাগত নিৰাপত্তা ।

খ) অপৰম্পৰাগত নিৰাপত্তা ।


৫. পৰম্পৰাগত নিৰাপত্তাৰ দিশ দুটা কি কি ।

উত্তৰঃ  পৰম্পৰাগত নিৰাপত্তাৰ দিশ দুটা হল 

ক) বহিঃ নিৰাপত্তা ।

খ) আভ্যন্তৰীণ নিৰাপত্তা ।


৬. সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য হল শত্ৰু সৈন্যৰ ওপৰত আঘাত হানি দুৰ্বল কৰা ।


৭. ৰাষ্ট্ৰ এখনৰ চৰকাৰে যুদ্ধৰ ভাবুকিক তথা যুদ্ধ বন্ধ কৰাৰ বাবে তিনিধৰণৰ ব্যৱস্থাসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰ এখনৰ চৰকাৰে যুদ্ধৰ ভাবুকিক তথা যুদ্ধ বন্ধ কৰাৰ বাবে তিনিধৰণৰ ব্যৱস্থাসমূহ হল 

ক) যুদ্ধত আত্মসমৰ্পণ কৰি ।

খ) যুদ্ধৰ ব্যয় অত্যাধিক বৃদ্ধি কৰি, ।

গ) যুদ্ধ সচাকৈয়ে সংঘটিত হলে আক্ৰমণকাৰী ৰাষ্ট্ৰক যুদ্ধত পৰাস্ত কৰি ।


৮. পৰম্পৰাগত বহিঃনিৰাপত্তাৰ এটা উপাদানৰ নাম লিখা ।

উত্তৰঃ পৰম্পৰাগত বহিঃনিৰাপত্তাৰ এটা উপাদানৰ নাম হল ক্ষমতাৰ ভাৰসাম্য 


৯. আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ৰাষ্ট্ৰ এখনৰ বিপদ, ভাবুকি বা প্ৰত্যাহবান যে কেৱল ৰাষ্ট্ৰ এখনৰ সীমাৰ বাহিৰৰ পৰা আহে আৰু ইয়াৰ বাবে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনে নহয়, ৰাষ্ট্ৰ এখনৰ ভিতৰভাগৰ পৰাও ভাবুকি বা প্ৰত্যাহবান আহিব পাৰে আৰু ইয়াৰ বাবে ৰাষ্ট্ৰখনৰ শান্তি-সম্প্ৰীতি বিঘ্নিত হব পাৰে । ৰাষ্ট্ৰ এখনত আভ্যন্তৰীণ বিশৃংখল হৈ থাকিলে বাহিৰৰ শত্ৰুৰ পৰা অহা প্ৰত্যাহবান মোকাবিলা কৰা কঠিন হয় ।

পৰম্পৰাগত নিৰাপত্তাৰ সৈতে আভ্যন্তৰীণ নিৰাপত্তা জড়িত হৈ থকা দেখিবলৈ পোৱা যায় । দ্বিতীয় বিশ্বযুদ্ধ পৰিসমাপ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন আৰু ইউৰোপৰ প্ৰায়বোৰ ৰাষ্ট্ৰই আভ্যন্তৰীণভাৱে সুৰক্ষিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হব বুলি ধাৰণা কৰা হৈছিল ।  কিন্তু, ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল আৰু পৰস্পৰে পৰস্পৰৰ ভিতৰচৰাত আভ্যন্তৰীণ বিশৃংখলতা সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰৰ ভিতৰত নিৰৱচ্ছিন্নতাবাদৰ মনোভাৱৰ বীজ সিচি দিবলৈ যত্ন কৰিছিল, তাৰ ফলত ছোভিয়েট িউনিয়ন ভাঙি চুৰমাৰ হৈ গৈছিল । 


১০. কিমান চনত আৰু কাৰ নেতৃত্বত অল-কাইডা নামৰ ইছলামিক সংগঠনৰ জন্ম হৈছিল ।

উত্তৰঃ  ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে ওচামা-বিন লাডেনৰ নেতৃত্বত অল-কাইডা নামৰ ইছলামিক সংগঠনৰ জন্ম হৈছিল ।


১১. নিৰাপত্তা পৰম্পৰাগত ধাৰণাৰ আটাইতকৈ উল্লেখযোগ্য দিশটোৰ নাম কি ।

উত্তৰঃ  নিৰাপত্তা পৰম্পৰাগত ধাৰণাৰ আটাইতকৈ উল্লেখযোগ্য দিশটোৰ নাম হল নিৰস্ত্ৰীকৰণ । 


১২. ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰ শিবিৰ গঢ়ি তোলাৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰ শিবিৰ গঢ়ি তোলাৰ মূল উদ্দেশ্য হল নিজৰ নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষিত আৰু প্ৰসাৰিত কৰা ।


১৩. ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰা মূল কাৰণ কি ।

উত্তৰঃ  ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰাৰ মূল কাৰণ হল আফগানিস্তানত ছোভিয়েট ইউনিয়নৰ আধিপত্যৰ অৱসান ঘটোৱা ।


১৪. বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তিনিটা কি কি ।

উত্তৰঃ  বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তিনিটা হল 

ক) নিৰস্ত্ৰীকৰণ ।

খ) অস্ত্ৰ নিয়ন্ত্ৰণ 

গ) বিশ্বাস প্ৰতিষ্ঠা ।


১৫. নিৰস্ত্ৰীকৰণ 

উত্তৰঃ নিৰস্ত্ৰীকৰণৰ প্ৰকৃত অৰ্থ হল ৰাষ্ট্ৰসমূহে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অস্ত্ৰ নিয়ন্ত্ৰণ কৰা । উদাহৰণস্বৰূপে ১৯৭২ চনত জৈৱ অস্ত্ৰ অভিৱৰ্তন আৰু ১৯৯২ চনত ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন জৈৱ বা ৰাসায়নিক অস্ত্ৰ প্ৰস্তুত বা সংৰক্ষণ কৰাটো নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । জৈৱ অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত ১৫৫ খনৰ অধিক ৰাষ্ট্ৰই আৰু ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত ১৮১ খন ৰাষ্ট্ৰ চুক্তিবদ্ধ হৈছিল । এই চুক্তি দুখনত বিশ্বৰ প্ৰায় বহুত ৰাষ্ট্বোৰ অংশীদাৰ হৈছিল । কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নলৈ তৃতীয় শ্ৰেণীৰ বিধস্তকাৰী অস্ত্ৰ যেনে পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ কৰাত মত পোষণ কৰা নাছিল ।


১৬. কিমান চনত বেলিছটিক মিছাইল বিৰোধী চুক্তি হৈছিল ।

উত্তৰঃ ১৯৭২ চনত বেলিছটিক মিছাইল বিৰোধী চুক্তি হৈছিল ।


১৭. বেলিছটিক মিছাইল বিৰোধী চুক্তিৰ দ্বাৰা প্ৰতিৰোধ কৰা দুখন দেশৰ নাম লিখা ।

উত্তৰঃ  বেলিছটিক মিছাইল বিৰোধী চুক্তিৰ দ্বাৰা প্ৰতিৰোধ কৰা দুখন দেশৰ নাম হল 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

খ) ছোভিয়েট ইউনিয়ন ।


১৮. কিমান চনত পাৰমাণৱিক অস্ত্ৰ বিৰোধী চুক্তিখন সম্পাদন কৰা হৈছিল ।

উত্তৰঃ  ১৯৬৮ চনত পাৰমাণৱিক অস্ত্ৰ বিৰোধ চুক্তিখন সম্পাদন কৰা হৈছিল ।


১৯. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে স্বাক্ষৰ কৰা কেইখনমান চুক্তিৰ নাম লিখা ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে স্বাক্ষৰ কৰা চুক্তিকেইখন হল 

ক) ৰণ কৌশলগত অস্ত্ৰ সীমিতকৰণ চুক্তি ২ 

খ) ৰণ কৌশলগত অস্ত্ৰ হ্ৰাসকৰণ চুক্তি ।

গ) পাৰমাণৱিক অস্ত্ৰবিৰোধী চুক্তি ।


২০. বিশ্বাস প্ৰতিষ্ঠাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  পৰম্পৰাগত নিৰাপত্তাৰ আন এটা অন্যতম পন্থা হল ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠা কৰা । ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠাৰ জৰিয়তে সংঘাত দূৰ কৰিব পৰা যায় । ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠা কৰিবলৈ হলে ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ সামৰিক বাহিনীৰ উদ্দেশ্য , আঁচনি, কাৰ্যপন্থা আদিৰ বিষয়ে তথ্য প্ৰকাশ কৰাৰ প্ৰয়োজন । ইয়াৰ জৰিয়তে শত্ৰু পক্ষৰ ৰাষ্ট্ৰসমূহে নিশ্চিত হব পাৰে যে তেওঁলোকৰ ওপৰত হঠাতে আক্ৰমণ হোৱাৰ সম্ভাৱনা নাই । শত্ৰু ভাৱাপন্ন ৰাষ্ট্ৰসমূহে পৰস্পৰে পৰস্পৰক তেওঁলোকে আহৰণ কৰা সামৰিক শক্তিৰ বিষয়ে আৰু সামৰিক শক্তি কত প্ৰয়োগ কৰিব সেই বিষয়েও অৱগত কৰিব লাগে ।


২১. বিশ্বাস প্ৰতিষ্ঠা কি ।

উত্তৰঃ  বিশ্বাস প্ৰতিষ্ঠা হল এটা পন্থা , যাৰ জৰিয়তে ভূল বুজাবুজিৰ হব পৰা যুদ্ধৰ পৰা শত্ৰভাৱাপন্ন ৰাষ্ট্ৰসমূহক আতৰত ৰখা হয় ।


২২. মানৱ নিৰাপত্তা কাক বোলে ।

উত্তৰঃ  মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাৱে জড়িত সুক্ষা দিশটোক অ-পৰম্পৰাগত বা মানৱ নিৰাপত্তা বুলি কোৱা হয় ।


২৩. মানৱ জাতিৰ বাবে প্ৰয়োজনীয় বিষয় তিনিটা কি কি ।

উত্তৰঃ  মানৱ জাতিৰ বাবে প্ৰয়োজনীয় বিষয় তিনিটা হল 

ক) বিশ্ব দৰিদ্ৰতা ।

খ) স্বাস্থ্য ।

গ) শিক্ষাৰ নিৰাপত্তা ।


২৪. দুবিধ ভাইৰাছৰ নাম লিখা ।

উত্তৰঃ দুবিধ ভাইৰাছৰ নাম হল 

ক) এব'লা ভাইৰাছ ।

খ) হান্টা ভাইৰাছ ।


২৫. বিশ্বত জনসংখ্যা বৃদ্ধি হোৱা ছয়খন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ  বিশ্বত জনসংখ্যা বৃদ্ধি হোৱা ছয়খন ৰাষ্ট্ৰৰ নাম হল চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া, আৰু ইণ্ডোনেছিয়া ।


২৬. কিমান চনত আৰু কত পগলা গৰুৰ বেমাৰ হৈছিল ।

উত্তৰঃ  ১৯৯০ চনত ব্ৰিটেইনত পগলা গৰুৰ বেমাৰ হৈছিল ।


২৭. মানৱ উন্নয়নৰ প্ৰধান কেন্দ্ৰবিন্দু কি

উত্তৰঃ  মানৱ উন্নয়নৰ প্ৰধান কেন্দ্ৰবিন্দু হল সাক্ষৰতা আৰু আনুষ্ঠানিক শিক্ষা ।


২৮. মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা কাৰণকেইটা কিকি ।

উত্তৰঃ মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা কাৰণকেইটা হল 

ক) নিৰক্ষৰতাই মানুহৰ জীৱনলৈ নিৰাপত্তাহীনত কঢ়িয়াই আনে । মানুহৰ জীৱনৰ পৰা নিৰাপত্তাহীনতাক আঁতৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই পোনপটীয়া ভূমিকা লয় ।

খ) শিক্ষাৰ জৰিয়তে চাকৰি বা কৰ্মসংস্থাপন পোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হয় আৰু মানুহৰ জীৱনলৈ নিৰাপত্তা আহে ।

গ) নিৰক্ষৰ বা অশিক্ষিত লোকসকলে আইনগত অধিকাৰৰ বিষয়ে জ্ঞাত নহয় , ইয়াৰ ফলত তেওঁলোকে বহুত পাপ্য অধিকাৰৰ পৰা বঞ্চিত হবলগীয়া হয় আৰু নিৰাপত্তাহীনতাত ভোগে । শিক্ষাৰ জৰিয়তে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ দিব পৰা যায় ।

ঘ) ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ চতুৰালিৰ জৰিয়তে অশিক্ষিত লোকসকলক টেটু চেপি ধৰাত সুবিধা পায়, যাৰ ফলত এই লোকসকলৰ নিৰাপত্তা নোহোৱা হৈ পৰে । সেয়ে শিক্ষা মানৱ নিৰাপত্তাৰ অতিশয় প্ৰয়োজনীয় বিষয় । 

ঙ) শিক্ষাই মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰে আৰু পৰিয়ালৰ ভিতৰৰ বা বাহিৰৰ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আনি দিয়ে ।

চ) শিক্ষিত মহিলাসকলৰ মাজত প্ৰজনন ক্ষমতাৰ হাৰ হ্ৰাস হোৱা দেখিবলৈ পোৱা যায় । ইয়ে পৰিয়ালক আৰ্থিক নিৰাপত্তা দিয়ে । তদুপৰি মহিলাৰ শিক্ষাই শিশুৰ মৃত্যুৰ হাৰো হ্ৰাস কৰে । 


২৯. মানৱ অধিকাৰক কেইটা প্ৰকাৰত ভাগ কৰিব পাৰি আৰু  কি কি ।

উত্তৰঃ  মানৱ অধিকাৰক তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰি যেনে 

ক) ৰাজনৈতিক অধিকাৰ ।

খ) অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ ।

গ) ঔপনিবেশিক ৰাষ্ট্ৰৰ বসবাস কৰা নাগৰিক আৰু নৃগোষ্ঠী বা স্থানীয় সংখ্যালঘু লোকৰ অধিকাৰ ।


৩০. এবিধ জাতীয় মাৰাত্মক ৰোগৰ নাম লিখা

উত্তৰঃ এবিধ জাতীয় মাৰাত্মক ৰোগৰ নাম হল এইডছ ।


৩১. তিনিবিধ পুৰণি ৰোগৰ নাম লিখা ।

উত্তৰঃ তিনিবিধ পুৰণি ৰোগৰ নাম হল 

ক) টিউবাৰকুলোচিচ ।

খ) মেলেৰীয়া ।

গ) কলেৰা ।


৩২. অ-পৰম্পৰাগত নিৰাপত্তা ধাৰণাৰ এটা বিষয়বস্তুৰ নাম লিখা ।

উত্তৰঃ  অ-পৰম্পৰাগত নিৰাপত্তা ধাৰণাৰ এটা বিষয়বস্তুৰ নাম হল মহামাৰী ।


৩৩. সকলো লোকে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ ভাৰতবৰ্ষত খোলা বিশ্ববিদ্যালয়খনৰ নাম কি ।

উত্তৰঃ  সকলো লোকে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ ভাৰতবৰ্ষত খোলা বিশ্ববিদ্যালয়খনৰ নাম হল ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ।


৩৪. প্ৰব্ৰজন কাক বোলে ।

উত্তৰঃ  মানুহে যেতিয়া এখন স্থান এৰি আন এখন স্থানলৈ স্থায়ীভাৱে বসতি কৰাৰ উদ্দেশ্যৰে যায় তাকে প্ৰব্ৰজন বুলি কোৱা ।


৩৫. প্ৰব্ৰজনৰ বাবে খোলা সংগঠনটোৰ নাম কি ।

উত্তৰঃ  প্ৰব্ৰজনৰ বাবে খোলা সংগঠনটোৰ নাম হল আন্তৰ্জাতিক সংগঠন ।


৩৬. ২০১০ চনত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি ২০১০ চনলৈকে আন্তৰ্জাতিক প্ৰব্ৰজনকাৰীৰ সংখ্যা কিমান আছিল

উত্তৰঃ  ২০১০ চনত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি ২০১০ চনলৈকে আন্তৰ্জাতিক প্ৰব্ৰজনকাৰীৰ সংখ্যা হল ২১৪ নিযুত ।


৩৭. ইৰাকী লোকৰ প্ৰব্ৰজন হোৱা দুখন দেশৰ নাম লিখা ।

উত্তৰঃ  ইৰাকী লোকৰ প্ৰব্ৰজন হোৱা দুখন দেশৰ নাম হল 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

খ) গ্ৰেট-ব্ৰিটেইন ।


৩৮. বহিৰাগত কাক বোলে ।

উত্তৰঃ  সাধাৰণতে দৰিদ্ৰতা বা কৰ্মসংস্থাপন বিচাৰি এনেধৰণৰ প্ৰব্ৰজন হোৱা দেখিবলৈ পোৱা যায় । এনেদৰে নিজৰ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰলৈ অবৈধভাৱে যোৱা প্ৰব্ৰজনকাৰীসকলক আইন অনুসৰি সেই ৰাষ্ট্ৰখনে আশ্ৰয় দিয়াৰ বাবে বাধ্য নহয়। এনেদৰে অহা লোকক বহিৰাগত বুলি কোৱা হয় । 


৩৯. শৰনাৰ্থী কাক বোলে ।

উত্তৰঃ  প্ৰাকৃতিক দুৰ্যোগৰ বাবে, যুদ্ধৰ বাবে বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰলৈ পলাই যোৱা লোকসকলক শৰনাৰ্থী বুলি কোৱা হয় । 


৪০. আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক কাক বোলে ।

উত্তৰঃ বিপদগ্ৰস্ত লোকক সাধাৰণতে আন ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে । সেই একেবোৰ কাৰণত যদি কোনো অঞ্চলৰ লোক নিজৰ বাসস্থান এৰি ভয়তে নিজৰ ৰাষ্ট্ৰৰ ভিতৰৰে আন অঞ্চললৈ পলাই যায়, তেন্তে তেনে লোকক আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বোলে ।         


Type By- Ali Rani Kakati