আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত আধিপত্য 

তৃতীয় অধ্যায় 

অতি চমু প্ৰশ্নঃ 

১.ধ্ৰুৱী বা একমেৰু কাক বোলে ।

উত্তৰঃ  বিশ্বত শীতল যুদ্ধৰ অন্ত পৰাত বা ভোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো গুৰুত্বপূৰ্ণ প্ৰতিদ্ধন্দ্বী নোহোৱা হৈ পৰিছিল । সেয়েহে বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেটিয়া আধিপত্য বিস্তাৰ কৰিছে আৰু ইয়াকে ধ্ৰুৱী বা এক মেৰু বুলি কোৱা হয় । 


২. কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চামিল কৰি লৈছিল । 

উত্তৰঃ ১৯৯০ চনৰ আগষ্ট মাহত ইৰাকে কুৱেইট আক্ৰমণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চামিল কৰি লৈছিল ।


৩. প্ৰথম উপসাগৰীয় যুদ্ধ কাক বোলে ।

উত্তৰঃ  কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্য ৩৪ খন ৰাষ্ট্ৰৰ ৬৬০,০০০  জন সৈন্যৰে গঠিত মিত্ৰ গোষ্ঠীৰ সৈন্যই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰি ইংৰাজক পৰাস্ত কৰিছিল । এই যুদ্ধখনকে প্ৰথম উপসাগৰীয় যুদ্ধ বোলে । 


৪. মৰুভূমি ধুমুহা অভিযান কাক বোলে ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এই সামৰিক অভিযানক মৰুভূমিৰ ধুমুহা অভিযান বোলে । 


৫. ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্যবাহিনীৰ নেতৃত্ব বহন কৰা আমেৰিকাৰ জেনেৰেল গৰাকীৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্যবাহিনীৰ নেতৃত্ব বহন কৰা আমেৰিকাৰ জেনেৰেল গৰাকীৰ নাম হল নৰ্মাল স্কুৱাৰ্জকখে ।


৬. কম্পিউটাৰ যুদ্ধ কাক বোলে ।

উত্তৰঃ  প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সামৰিক কাৰিকৰী সক্ষমতাৰ মাজত যথেষ্ট ব্যৱধান আছিল । এই যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্ট বোম ব্যৱহাৰক লৈ যি প্ৰচাৰ চলিছিল তাকে কম্পিউটাৰ যুদ্ধ বুলি কোৱা হয় । 


৭. প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল ।

উত্তৰঃ  জৰ্জ এইচ ডব্লিউ বুশ্ব প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল ।


৮. কিমান খ্ৰীঃত বিল ক্লিন্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছডিল ।

উত্তৰঃ ১৯৯৬ খ্ৰীঃত বিল ক্লিন্টন আমেিৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল ।


৯. আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ নাম লিখা ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ নাম হল  অল-কাইডা ।


১০. অপাৰেচন ইনফিনিট বা অসীম প্ৰসাৰিত অভিযান কাক বোলে ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা সামৰিক অভিযান হল ইছলাম সন্ত্ৰাসবাদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অল-কাইডা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যেতিয়া নাইৰোবি, আৰু তানজানিয়াৰ ডাৰ-ঈৰ চালামত থকা আমেৰিকাৰ দূতাবাসত বোমাবৰ্ষণ কৰিছিল, তাৰ কিছুদিনৰ পাছত ৰাষ্ট্ৰপতি বিল ক্লিন্টনে চুডান আৰু আফগানিস্তানত থকা অল-কাইদাৰ ঘাটিবোৰত নিৰৱচ্ছিন্নভাৱে মিছাইল নিক্ষেপ কৰাৰ বাবে নিৰ্দেশ দিছিল । এই অভিযানটোকে অপাৰেচন ইনফিনিট বা অসীম প্ৰসাৰিত অভিযান বোলে ।


১১.  কিমান চনত আৰু  কত জাপানে আক্ৰমণ কৰিছিল ।

উত্তৰঃ ১৯৪১ চনত পাৰ্ল হাৰবাৰত জাপানে আক্ৰমণ কৰিছিল ।


১২. কিমান চনত আৰু  কত বিমান আ্ক্ৰমণ হৈছিল ।

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত বিমান আক্ৰমণ হৈছিল ।


১৩.  জৰ্জ ডব্লিউ বুশ্বে চলোৱা অভিযানটোৰ নাম কি ।

উত্তৰঃ জৰ্জ ডব্লিউ বুশ্বে চলোৱা অভিযানটোৰ নাম হল স্থায়ী স্বাধীনতা অভিযান ।


১৪. আফগানিস্তানত দীৰ্ঘস্থায়ী স্বতন্ত্ৰতা অভিযান কিমান চনত আৰম্ভ হৈছিল ।

উত্তৰঃ ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে আফগানিস্তানত দীৰ্ঘস্থায়ী স্বতন্ত্ৰতা অভিযান আৰম্ভ হৈছিল । 


১৫. দীৰ্ঘস্থায়ী স্বতন্ত্ৰতা আন্দোলনৰ প্ৰথম লক্ষ্য কি আছিল ।

উত্তৰঃ  দীৰ্ঘস্থয়ী স্বতন্ত্ৰতা আন্দোলনৰ প্ৰথম লক্ষ্য হল কাবুলৰ পৰা তালিবান শাসনৰ অন্ত পেলোৱা ।


১৬. ISAF ৰ সম্পূৰ্ণ নাম কি ।

উত্তৰঃISA F ৰ সম্পূৰ্ণ নাম হল International Security Assistant Force . 


১৭. আফগানিস্তানক আক্ৰমণ কৰাৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  আফগানিস্তানক আক্ৰমণ কৰাৰ মূল উদ্দেশ্য হল 

ক) ওচামা-বিন-লাডেন আৰু অল-কাইডাৰ উচ্চ নেতৃস্থানীয় লোকসকলক বিচাৰি উলিয়াই বিচাৰ কৰা ।

খ) আফগানিস্তানৰ পৰা তালিবানক উৎখাত কৰা ।


১৮. কিমান চনত ওচামা বিন লাডেনক হত্যা কৰা হৈছিল ।

উত্তৰঃ  ২০১১ চনৰ ২ মেত পাকিস্তানৰ ওবাটাবাদত হত্যা কৰা হৈছিল । 


১৯. ইৰাকৰ ওপৰত হোৱা আক্ৰমণৰ  বিষয়ে লিখা ।

উত্তৰঃ  ২০০৩ চনৰ ১৯ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ইৰাকী স্বাধীনতা অভিযান নামৰ এক অভিযানেৰে ইৰাক আক্ৰমণ আৰম্ভ কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্ৰমণত যদিও ৰাষ্ট্ৰসংঘই অনুমোদন দিয়া নাছিল । তথাপি এই আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ৪০ খন ৰাষ্ট্ৰই স্ব-ইচ্ছাই সংযুক্ত হৈ সহযোগ কৰিছিল । এই আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাকক অধিক ধব্সাত্মক অস্ত্ৰ বৃদ্ধি কৰাত বাধা আৰোপ কৰা । কিন্তু ইৰাকত অধিক ধ্বংসাত্মক অস্ত্ৰ থকাৰ যদিও কোনোধৰণৰ প্ৰমাণ পোৱা নাছিল তথাপি কিন্তু ইৰাকৰ ওপৰত আক্ৰমণ অব্যাহত প্ৰয়োজন । শেষত এই বৃহৎ শক্তিয়ে হৈ পৰে বিশ্ব অৰ্থনীতিৰ মূল চালক আৰু বিশ্বৰ অৰ্থনীতিৰ গাথনিটোৰ ওপৰত আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰে । 


২০. ইন্টাৰনেট কি ।

উত্তৰঃ ইন্টাৰনেট হল ১৯৫০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা সামৰিক গৱেষণাৰ পৰিণতি ।


২১. ব্ৰেটন উড পদ্ধতি কাক বোলে ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান বিশ্ব অৰ্থনীতিৰ প্ৰতিটো খণ্ড আৰু প্ৰযুক্তিবিদ্যাত প্ৰৱেশ কৰিছে । বিশ্ব অৰ্থনীতিৰ শতকৰা ২৮ ভাগ হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ । বিশ্বৰ অৰ্থনীতিত এনেকুৱা এটা ব্যৱসায়িক প্ৰতিষ্ঠান নাই যত আমেৰিকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থান প্ৰথম তিনিটাৰ ভিতৰত নাই । গোলকীয় অৰ্থনীতি বৰ্তমান সম্পূৰ্ণভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আৰু ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰই গঢ় দিয়ে । ইয়াকে ব্ৰেটন উড পদ্ধতি বোলে । 


২২. ৰাজনীতি বুলিলে কি বুজা ।

উত্তৰঃ ৰাজনীতি হল ক্ষমতা আহৰণ কৰাৰ বাবে কৰা প্ৰচেষ্টা ।


২৩. নিজৰ ক্ষমতাক ইক্ষুন্ন ৰখাৰ বাবে প্ৰচেষ্টা চলাই থকা ক্ষমতাসমূহ কি কি ।

উত্তৰঃ  নিজৰ ক্ষমতাক অক্ষুন্ন ৰখাৰ বাবে প্ৰচেষ্টা চলাই থকা ক্ষমতাসমূহ হল 

ক) সামৰিক আধিপত্য ।

খ) অৰ্থনৈতিক ক্ষমতা ।

গ)  ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ ।

ঘ) সাংস্কৃতিক শ্ৰেষ্ঠতা ।


২৪. বিশ্বৰ ৰাজনীতিৰ প্ৰাধান্যসূচক প্ৰভাৱ কেইটা আৰু কি কি ।

উত্তৰঃ  বিশ্বৰ ৰাজনীতিৰ প্ৰাধান্যসূচক প্ৰভাৱ তিনিটা সেইকেইটা হল 

ক) কঠোৰ তথা নিৰ্মম ক্ষমতা হিচাপে প্ৰাধান্যসূচক প্ৰভাৱ ।

খ) গঠনাত্মক ক্ষমতা হিচাপে প্ৰাধান্যসূচক প্ৰভাৱ ।

গ) নমনীয় ক্ষমতা হিচাপে প্ৰাধান্যসূচক প্ৰভাৱ ।


২৫. প্ৰাধান্যসূচক প্ৰভাৱ শব্দটো পোনপ্ৰথমে কত ব্যৱহাৰ হৈছিল ।

উত্তৰঃ  প্ৰাধান্যসূচক প্ৰভাৱ শব্দটো পোন প্ৰথমে ব্যৱহাৰ হৈছিল প্ৰাচীন গ্ৰীক ৰাষ্ট্ৰত ।


২৬. বিশ্বৰ আধিপত্যৰ প্ৰাচীন শিপাডাল কত থকা বুলি কব পাৰো ।

উত্তৰঃ  বিশ্বৰ আধিপত্যৰ প্ৰাচীন শিপাডাল প্ৰাচীন গ্ৰীচত থকা বুলি কব পাৰহি ।


২৭. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা গাথনিমূলক ক্ষমতাৰ উদাহৰণ দিয়া ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা গাথনিমূলক ক্ষমতাৰ উদাহৰণ হল মাষ্টাৰ্চ ইন বিজনেছ এডমিনিছট্ৰেছন ।


২৮. বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুলৰ নাম লিখা ।

উত্তৰঃ  বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুলৰ নাম হল ৱাৰটন স্কুল ।


২৯. কিমান চনত আৰু কাৰ অধীনত বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুল স্থাপিত কৰা হৈছিল ।

উত্তৰঃ  ১৮৮১ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধীনত বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুল স্থাপিত কৰা হৈছিল ।


৩০. কিমান খ্ৰীঃত আৰু কত মাষ্টাৰ্চ ইন এডমিনিছট্ৰেছন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল ।

উত্তৰঃ  ১৯০০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মাষ্টাৰ্চ ইন এডমিনিছটিৰেছন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল ।


৩১. নমনীয় ক্ষমতা কাক বোলে ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচলিত ৰীতি-নীতিবোৰ অনুসৰণ কৰি সাধাৰণ জীৱন-যাপন, ব্যক্তিগত কৃতকাৰ্য্য আৰু সৰহভাগ সপোন বাস্তৱায়িত কৰিব বিছাৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচলিত ৰীতি-নীতিবোৰ জোৰ কৰি আন ৰাষ্ট্ৰত জাপি দিয়া নাই , তেওঁলোকৰ ৰীতি-নীতি, সংস্কৃতিবোৰ আন ৰাষ্ট্ৰই নিজে নিজে গ্ৰহণ কৰিছে । ইয়াকে নমনীয় ক্ষমতা বোলে ।


৩২. নমনীয় আধিপত্যৰ এটা প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ ডেকা-গাভৰুৱে জিনছ পেন্ট বা ছাৰ্ট পৰিধান কৰে । 


৩৩. পূঁজিবাদী অৰ্থনীতি গ্ৰহণ কৰা প্ৰথমখন দেশৰ নাম লিখা ।

উত্তৰঃ পূঁজিবাদী অৰ্থনীতি গ্ৰহণ কৰা প্ৰথমখন দেশৰ নাম হল আমেৰিকা যুক্তৰাষ্ট্ৰ ।


৩৪. নমনীয় প্ৰভাৱ কাক বোলে ।

উত্তৰঃ  আদৰ্শগত আৰু সাংস্কৃতিক ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱকে নমনীয় প্ৰভাৱ বোলে ।


৩৫. আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিৰ ওপৰত হব পৰা তিনি প্ৰকাৰৰ হেচাৰ বিষয়ে লিখা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিৰ ওপৰত হব পৰা তিনি প্ৰকাৰৰ হেচা হল 

ক) সাংবিধানিক গাঁথনি ।

খ) জনমত তথা সংবাদ মাধ্যম ।

গ) উত্তৰ আটলান্টিক চুক্তি সংগঠন ।


৩৬. আধিপত্যসূচক প্ৰভাৱ আহৰণ কৰাৰ এটা কৌশলৰ নাম লিখা

উত্তৰঃ  আধিপত্যসূচক প্ৰভাৱ আহৰণ কৰাৰ এটা কৌশলৰ নাম হল আত্মগোপন ।


৩৭. কিমান চনত বাৰাক অ'বামা গণতন্ত্ৰ দিৱসৰ অতিথি হিচাপে ভাৰতবৰ্ষলৈ আহিছিল ।

উত্তৰঃ  ২০১৫ চনত বাৰাক অবামা গণতন্ত্ৰ দিৱসৰ অতিথি হিচাপে ভাৰতবৰ্ষলৈ আহিছিল ।


৩৮. ব্ৰিটেইনে কিমান চনৰ পৰা কিমান চনলৈ বিশ্বত সাম্ৰাজ্য বিস্তাৰ কৰিছিল ।

উত্তৰঃ ১৮৬০ চনৰ পৰা ১৯১০ চনলৈকে ব্ৰিটেইনে বিশ্বত সাম্ৰাজ্য বিস্তাৰ কৰিছিল ।


৩৯. বিশ্বৰ ৰাজনীতিৰ কোনটো বছৰক সাৰ্বভৌম ৰাষ্ট্ৰৰ মুখ্য নায়ক হিচাপে আৱিৰ্ভাৱ হোৱা বছৰ বুলি কোৱা হয় ।

উত্তৰঃ ১৯৪৮ চনটোক বিশ্বৰ ৰাজনীতিত পৰম্পৰাগতভাৱে সাৰ্বভৌম ৰাষ্ট্ৰক মুখ্য নায়ক হিচাপে আৱিৰ্ভাৱ হোৱা বছৰ বুলি কোৱা হয় ।


৪০. উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত প্ৰয়োগ হোৱা তৃতীয়টো হেঁচা বা চাপ আছিল অতি গুৰুত্বপূৰ্ণ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰিব পৰা একমাত্ৰ আন্তৰ্জাতিক সংগঠনটো হল উত্তৰ আটলান্টিক চুক্তি সংগঠন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাটোক সজীৱ কৰি তোলাৰ বা ৰখাৰ বাবে নাটোৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহৰ সৈতে আমেৰিকাৰ জোট বান্ধি থকাটো নিতান্ত্য প্ৰয়োজন । সেয়েহে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নাটোৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে বিশেষ ভূমিকা লব পাৰে । 


Type By- Ali Rani Kakati