অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল 
চতুৰ্থ অধ্যায়

অতি চমু প্ৰশ্ন ঃ

১. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকল্প শক্তি হিচাপে আৱিৰ্ভাৱ হোৱা দুটা অনুষ্ঠানৰ নাম লিখা ।
উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকল্প শক্তি হিচাপে আৱিৰ্ভাৱ হোৱা দুটা অনুষ্ঠানৰ নাম হল 
ক) ইউৰোপীয় সংঘ ।
খ) দক্ষিণ-পূৱএছিয় ৰাষ্ট্ৰসমূহৰ সংস্থা ।


২. কিমান চনত ইউৰোপীয়  অৰ্থনৈতিক সহযোগী সংগঠন স্থাপন কৰিছিল ।
উত্তৰঃ  ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগী সংগঠন স্থাপন কৰিছিল ।


৩. ৰাজনৈতিক সহযোগিতাৰ বাবে গঠন কৰা সংগঠনটোৰ নাম কি আছিল । 
উত্তৰঃ  ৰাজনৈতিক সহযোগিতাৰ বাবে গঠন কৰা সংগঠনটোৰ নাম হল ইউৰোপীয় পৰিষদ ।


৪. কিমান চনত  ইউৰোপীয় পৰিষদ স্থাপন কৰিছিল ।
উত্তৰঃ  ১৯৪৯ চনত ইউৰোপীয় পৰিষদ স্থাপন কৰিছিল ।


৫. কিমান চনত ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী স্থাপন হৈছিল ।
উত্তৰঃ ১৯৫৭ চনত ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী স্থাপন হৈছিল । 


. ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী গঠনৰ বাবে ৰোমৰ সন্ধিত স্বাক্ষৰিত কৰা ৰাষ্ট্ৰ ছখনৰ নাম লিখা ।
উত্তৰঃ  ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী গঠনৰ বাবে ৰোমৰ সন্ধিত স্বাক্ষৰিত কৰা ৰাষ্ট্ৰ ছখনৰ নাম হল 
বেলজিয়াম, ফ্ৰান্স, ইটালী, ল'জেমবাৰ্গ, নেডাৰলেণ্ড আৰু পশ্চিম জাৰ্মানী । 


৭. কিমান চনত ইউৰোপীয় সংঘ নামৰ এটা নতুন আঞ্চলিক  অনুষ্ঠান গঠন কৰা হৈছিল ।
উত্তৰঃ  ১৯৯২ চনত ইউৰোপীয় সংঘ নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন কৰা হৈছিল ।


৮. আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাক কি বুলি কোৱা হয় ।
উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাক ডলাৰ বুলি কোৱা হয় ।


৯. ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাক কি বুলি কোৱা হয় ।
উত্তৰঃ  ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাক ইউৰোৱে বুলি কোৱা হয় ।

১০. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা । 
 উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম হল
ক) ব্ৰিটেইন ।
খ) ফ্ৰান্স ।

১১. সামৰিক ক্ষেত্ৰৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ  ইউৰোপীয় সংঘৰ সামৰিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে বিশ্বত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই দ্বিতীয় স্থানত আছে । ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ প্ৰায় ৫৫০ টা পাৰমাণৱিক ক্ষেপনাস্ত্ৰ আছে । ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে । 
ইউৰোপীয় আৰু আন্তৰ্জাতিক সন্থা হিচাপে বিশ্বৰ অৰ্থনীতি , ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত প্ৰভাৱশালী স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে । ই বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক গৱেষণাৰ প্ৰতিও গভীৰ মনোনিৱেশ কৰিছে ।

১২. আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল ।
উত্তৰঃ  আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল টনি ব্লেয়াৰ । 

১৩. ইউৰোপীয় সংঘৰ এটা আচহুৱা আচৰণৰ বিষয়ে লিখা ।
উত্তৰঃ ইউৰোপীয় সংঘৰ এটা আচহুৱা আচৰণ হল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰে ইউৰোপীয় বজাৰৰ পৰা ইংলেণ্ডক আঁতৰাই ৰাখিছিল ।


১৪. মাছট্ৰিচ সন্ধি কিমান চনত আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ।
উত্তৰঃ  ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহৰ মাজত স্বাক্ষৰিত হৈছিল ।

১৫. মাছট্ৰিচ সন্ধি প্ৰতিহত কৰা দুখন দেশৰ নাম লিখা ।
উত্তৰঃ  মাছট্ৰিচ সন্ধি প্ৰতিহত কৰা দুখন দেশৰ নাম হল 
ক) ডেনমাৰ্ক ।
খ) চুইডেন ।

১৬. ইউৰোপীয় কয়লা তীখা গোষ্ঠী প্ৰতিষ্ঠা কৰা ছখন ইউৰোপীয় ৰাষ্ট্ৰৰ নাম লিখা । 
উত্তৰঃ  ইউৰোপীয় কয়লা তীখা গোষ্ঠী প্ৰতিষ্ঠা কৰা ছখন দেশৰ নামহল 
ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, বেলজিয়াম, নেডাৰলেণ্ড আৰু লাস্কেমবাৰ্গ । 


১৭. কিমান চনত আৰু কোন দুখন দেশে ইউৰোপীয় গোষ্ঠীত যোগদান কৰিছিল ।
উত্তৰঃ  ১৯৭৩ চনৰ জানুৱাৰী মাহত আয়াৰলেণ্ড আৰু ব্ৰিটেইনে ইউৰোপীয় গোষ্ঠীত যোগদান কৰিছিল।


১৮. কিমান চনত প্ৰথম ইউৰোপীয় সংসদৰ প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
উত্তৰঃ  ১৯৭৯ চনৰ জুন মাহত প্ৰথম ইউৰোপীয় সংসদৰ প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।


১৯. কিমান চনত গ্ৰীচে ইউৰোপীয় গোষ্ঠীত যোগ দিছিল ।
উত্তৰঃ ১৯৮১ চনৰ জানুৱাৰী মাহত গ্ৰীচে ইউৰোপীয় গোষ্ঠীত যোগ দিছিল ।


২০. কিমান চনত একক বজাৰ গঠন কৰা হৈছিল ।
উত্তৰঃ  ১৯৯৩ চনৰ জানুৱাৰী মাহত একক বজাৰ গঠন কৰা হৈছিল । 


২১. অষ্ট্ৰিয়া ফিনলেণ্ড আৰু চুইডেন আদি দেশে কিমান চনত ইউৰোপীয় সংঘত যোগ দিছিল ।
উত্তৰঃ  ১৯৯৫ চনৰ জানুৱাৰী মাহত অষ্ট্ৰিয়া, ফিনলেণ্ড আৰু চুইডেনে ইউৰোপীয় সংঘত যোগ দিছিল ।


২২. কিমান চনত নতুন মুদ্ৰা ইউৰো প্ৰচলন কৰা হৈছিল ।
উত্তৰঃ  ২০০২ চনৰ জানুৱাৰী মাহত ১২ খন ইউৰোপীয় সংঘ সদস্যভূক্ত ৰাষ্ট্ৰত নতুন মুদ্ৰা ইউৰো প্ৰচলন কৰা হৈছিল ।

২৩.  কিমান চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা প্ৰতিষ্ঠিত হৈছিল ।
উত্তৰঃ  ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা প্ৰতিষ্ঠিত হৈছিল ।


২৪. আছিয়ান'ৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ কি কি ।
উত্তৰঃ আছিয়ান'ৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হল ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড ।

২৫. কোনখন ঘোষণা পত্ৰত স্বাক্ষৰদান কৰি আছিয়ান প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰঃ  বেংকক ঘোষণা পত্ৰত স্বাক্ষৰদান কৰি আছিয়ান প্ৰতিষ্ঠা কৰিছিল

২৬.  আছিয়ানৰ মুখ্য লক্ষ্য কি ।
উত্তৰঃ আছিয়ানৰ মুখ্য লক্ষ্য হল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিৱেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা ।

২৭. আছিয়ানৰ গৌণ লক্ষ্য কি ।
উত্তৰঃ আছিয়ানৰ গৌণ লক্ষ্য হল আইনৰ অনুশাসন আৰু ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰৰ জৰিয়তে এছিয়া মহাদেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু সুস্থিৰতা বাহাল ৰখা ।

২৮. আছিয়ান গোষ্ঠীৰ স্তম্ভ তিনিটা কি কি ।
উত্তৰঃ  আছিয়ান গোষ্ঠীৰ স্তম্ভ তিনিটা হল 
ক) আছিয়ান নিৰাপত্তা পৰিষদ ।
খ) আছিয়ান অৰ্থনৈতিক পৰিষদ ।
গ) আছিয়ান-সামাজিক -সাংস্কৃতিক পৰিষদ ।

২৯. আছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ  আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব । আছিয়ানৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল । আছিয়ানৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদেশীক নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে আছিয়ান ৰীজনেল ফৰাম বা আছিয়ান আঞ্চলিক মঞ্চ ১৯৯৪ চনত প্ৰতিষ্ঠা কৰিছিল । এই মঞ্চৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ হল ২৭ খন । 

৩০. আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য কেইটা আৰু কি কি ।
উত্তৰঃ  আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য তিনিটা হল 
ক) আছিয়ান সদস্যভূক্ত ৰাষ্ট্ৰসমূহৰ মাজত সমূহীয়া বজাৰ আৰু খাদ্য -সামগ্ৰীৰ ব্যৱস্থা কৰা ।
খ) আছিয়ানৰ অঞ্চলত সামাজিক আৰু অৰ্থনৈতিক উন্নতি সাধন কৰা ।
গ) আছিয়ান বিবাদ নিষ্পত্তি যন্ত্ৰটো পুনৰুজ্জীৱিত কৰি আছিয়ান সদস্যভূক্ত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিবাদ নিষ্পত্তি কৰা । 

৩১. ১৯৯২ চনত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ।
উত্তৰঃ  ১৯৯২ চনত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পি. ভি নৰসিংহ ।

৩২. ভাৰত আৰু আছিয়ানৰ মাজৰ সম্পৰ্কৰ মূল স্তম্ভ কেইটা আৰু কি কি ।
উত্তৰঃ  ভাৰত আৰু আছিয়ানৰ মাজৰ সম্পৰ্কৰ মূল স্তম্ভ তিনিটা সেইকেইটা হল 
ক) বাণিজ্য ।
খ) সংস্কৃতি ।
গ) যোগাযোগ 

৩৩. আছিয়ান-ভাৰত কেন্ত্ৰ কত স্থাপন কৰা হৈছে ।
উত্তৰঃ  আছিয়ান ভাৰত কেন্ত্ৰ দিল্লীত স্থাপন কৰা হৈছে ।


৩৪. চীনৰ সাম্যবাদী বিপ্লৱৰ নেতাজনৰ নাম কি ।
উত্তৰঃ  চীনৰ সাম্যবাদী বিপ্লৱৰ নেতাজনৰ নাম হল মাও-চে-টুঙ ।


৩৫. কিমান চনত আৰু কেইটা আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়াইছিল আৰু কি কি ।
উত্তৰঃ ১৯৭৩ চনত চাৰিটা আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেইকেইটা হল 
কৃষি, উদ্যোগ, বিজ্ঞান, আৰু প্ৰযুক্তিগত । 

৩৬. কিমান চনত আৰু কোনে মুক্ত দ্বাৰ বা খোলা দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছিল ।
উত্তৰঃ ১৯৭৮ চনত ডেং জিয়াওপিংয়ে চীনত মুক্ত দ্বাৰ বা খোলা দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছিল ।


৩৭. চীনে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম কি ।
উত্তৰঃ চীনে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম হল অৰ্থনৈতিক নীতি ।


৩৮. কিমান চনত চীন-ভাৰতৰ মাজত যুদ্ধ হৈছিল ।
উত্তৰঃ  ১৯৬২ চনত চীন-ভাৰতৰ মাজত যুদ্ধ হৈছিল ।

৩৯. ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ।
উত্তৰঃ  ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল 


৪০. চীন-ভাৰতৰ যুদ্ধৰ সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ অহা বৌদ্ধ-ভিক্ষুকজনৰ নাম কি । 
উত্তৰঃ চীন-ভাৰতৰ যুদ্ধৰ সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ অহা বৌদ্ধ ভিভুকজনৰ নাম হল দালাই-লামা । 


Author_ Ali rani Kakati ( Ba in History Major)