এটা দলৰ আধিপত্যৰ যুগ 
প্ৰথম অধ্যায়

অতি চমু প্ৰশ্ন 
১. ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত আৰু কোনে গঠন কৰিছিল ।

উত্তৰঃ  ১৮৮৫ চনত এলেন অক্টোভিয়াম হিউম নামৰ এজন ইংৰাজ বিষয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰিছিল ।

২. কিমান চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ।

উত্তৰঃ  ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা  লাভ কৰিছিল ।

৩. স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ  প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু । 

৪. ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ।

উত্তৰঃ  ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল 

°বি. আৰ আম্বেদকাৰ ।


৫. কিমান চনত  খচৰা সমিতিখন গ্ৰহণ কৰিছিল ।

উত্তৰঃ  ১৯৪৯ চনৰ ২৬ নৱেম্বৰত খচৰা সমিতিখন গ্ৰহণ কৰিছিল ।

৬. কিমান চনত ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ।

উত্তৰঃ  ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ।

৭. ১৯৬৭ চনৰ বিধানসভাৰ নিৰ্বাচনত ক্ষমতাচ্যুত হোৱা ৰাজ্যসমূহ কি কি ।

উত্তৰঃ  ১৯৬৭ চনৰ বিধানসভাৰ নিৰ্বাচনত ক্ষমতাচ্যুত হোৱা ৰাজ্যসমূহ হল বিহাৰ, পশ্চিমবংগ, পঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা,মাদ্ৰাজ, কেৰেলা উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ । 

৮. মাদ্ৰাজৰ এটা আঞ্চলিক দলৰ নাম লিখা ।

উত্তৰঃ  মাদ্ৰাজৰ এটা আঞ্চলিক দলৰ নাম হল ড্ৰাভিডা মুন্নেত্ৰা কাজাগম ।

৯. বিধানসভাৰ মুঠ আসন কেইখন ।

উত্তৰঃ  বিধানসভাৰ মুঠ আসন ১২৬ খন ।

১০. কেৰেলাৰ সাম্যবাদী দলটোৱে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ  কেৰেলাৰ সাম্যবাদী দলটোৱে ৬ খন আসন লাভ কৰিছিল ।

১১. অসমত কিমান চনৰ পৰা কিমান চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল ।

উত্তৰঃ অসমত স্বাধীনতা আন্দোলনৰ পাছৰ পৰাই ১৯৭৭ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল ।

১২. কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰাজয় হৈছিল ।

উত্তৰঃ  ১৯৮৫ চনত হোৱা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰাজয় হৈছিল ।

১৩. অসমত গঠন হোৱা নতুন আঞ্চলিক দলটোৰ নাম কি আছিল ।

উত্তৰঃ  অসমত গঠন হোৱা নতুন আঞ্চলিক দলটোৰ নাম হল অসম গণ পৰিষদ ।

১৪. কংগ্ৰেছ দলে কিমান চনৰ পৰা কিমান চনলৈ একচতীয়াভাৱে শাসন কৰিছিল ।

উত্তৰঃ  কংগ্ৰেছ দলে ১৯৬৭ চনলৈ ৰাজ্যত আৰু ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ কেন্দ্ৰত একচতীয়াভাৱে শাসন কৰিছিল ।

১৫. ভাৰতবৰ্ষৰ প্ৰধান বিৰোধী দলসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলীয় ব্যৱস্থা এটা অপৰিহাৰ্য উপাদান । ভাৰতবৰ্ষৰ ৰাজনীতিত বহুদলীয় ব্যৱস্থা বিদ্যমান । ভাৰতবৰ্ষত প্ৰাক স্বাধীনতা সময়ত প্ৰধানকৈ চাৰিটা ৰাজনৈতিক দল আছিল যদিও স্বাধীনতা লাভ কৰাৰ পিছত নতুনকৈ বহুত ৰাজনৈতিক দল গঠন কৰা হৈছে । ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় দলৰ ওপৰঞ্চি বহুত আঞ্চলিক দল গঠন কৰা হৈছিল ।
ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা তেনেই নগণ্য আছিল বুলি কব পাৰি । ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ প্ৰথম চাৰিটা সাধাৰণ নিৰ্বাচনত অকল কংগ্ৰেছ দলৰ প্ৰভূত আছিল, প্ৰকৃত বিৰোধী দলৰ ভূমিকা লব পৰা কোনো ৰাজনৈতিক দল নাছিল ।

১৬. বিৰোধী দলৰ আবিৰ্ভাৱৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  স্বাধীনতাৰ পাছৰে পৰা ভাৰতবৰ্ষৰ ৰাজনীতিত বিৰোধী পক্ষৰ উপস্থিতি পৰিলক্ষিত হয় । স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বহুসংখ্যক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল যিবোৰক কংগ্ৰেছ দৰ বিৰোধী হিচাপে আখ্যা দিব পাৰি । এই কংগ্ৰেছ বিৰোধী দলসমূহৰ কিছুসংখ্যক প্ৰথম নিৰ্বাচনৰ পূৰ্বৰ পৰাই আছিল । গুৰুত্বপূৰ্ণভাৱে বহুত  বহুদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক ৰাষ্ট্ৰ তুলনাত ভাৰতত এক ভিন্নধৰ্মী আৰু বিভিন্ন মতাদৰ্শবিশিষ্ট বিৰোধী দলৰ সমাহাৰ ঘটিছে । এক ৰাজনৈতিক দলসমূহৰ কেতবোৰে ১৯৬০ আৰু ১৯৭০ ৰ দশকত ভাৰতীয় নিৰ্বাচনী ৰাজনীতিত হোৱা ব্যাপক  পৰিৱৰ্তনত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । বৰ্তমানৰ অনা কংগ্ৰেছী ৰাজনৈতিক দলসমূহৰ প্ৰায় সকলোবোৰেই ১৯৫০ৰ দশকৰ কোনো বিৰোধী দলৰ পৰা উদ্ভৱ হোৱা বুলিব পাৰি ।
আৰম্ভণি পৰ্যায়ত সকলোবোৰ বিৰোধী দলে লোকসভা আৰু ৰাজ্যসভাসমূহত প্ৰতীক অৰ্থতহে প্ৰতিনিধিত্ব কৰাৰ সুযোগ গ্ৰহণ কৰিছিল ।

১৭. দুজন বিৰোধী নেতাৰ নাম লিখা ।

উত্তৰঃ দুজন বিৰোধী নেতাৰ নাম হল 
ক) বি. আৰ .আম্বেদকাৰ ।
খ) শ্যামাপ্ৰসাদ মুখাৰ্জী ।

১৮. ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ কি কি ।

উত্তৰঃ  ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হল 
ক) বহুদলীয় ব্যৱস্থা ।
খ) জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতি ।
গ) ৰাজনৈতিক দলসমূহত ব্যক্তিৰ আধিপত্য
ঘ) দলসমূহৰ সাংগঠনিক দুৰ্বলতা ।
ঙ) দলত্যাগ ।

১৯. খণ্ডিত বিৰোধী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ এক অগতানুগতিক বৈশিষ্ট্য হল যে যথেষ্টসংখ্যক বিৰোধী দল থকা সত্ত্বেও বৰ্তমানলৈ এই দলসমূহে কংগ্ৰেছ দলৰ শক্তিশালী বিকল্প হিচাপে থিয় দিবলৈ সমৰ্থ হোৱা নাই । এই দলসমূহে এফালে চামিলকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এটা শক্তিশালী বিৰোধী দল গঠন কৰিবলৈ সমৰ্থ হোৱা নাই আৰু আনফালে কৰ্মসূচীভিত্তিক ঐক্যবদ্ধ গোটৰো সৃষ্টি কৰাত সফলতা লাভ কৰা নাই ।

২০. ভাৰতবৰ্ষত সমাজবাদী দলৰ জন্ম কেতিয়া হৈছিল ।

উত্তৰঃ  ভাৰতবৰ্ষত বৃটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে গণ আন্দোলন চলি থকা সময়ত সমাজবাদী দলৰ জন্ম হৈছিল ।

২১. কিমান চনত সমাজবাদী দলৰ জন্ম হয় ।

উত্তৰঃ ১৯৪৮ চনত সমাজবাদী দলৰ জন্ম হয় ।

২২. সমাজবাদী কি ।

উত্তৰঃ  সমাজবাদী হল গণতান্ত্ৰিক সমাজবাদৰ বিশ্বাসী ।

২৩. কিমান চনত কংগ্ৰেছে সমাজবাদী আৰ্হিত সমাজ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ১৯৫৫ চনত কংগ্ৰেছে সমাজবাদী দলৰ আৰ্হিত সমাজ প্ৰতিষ্ঠা কৰিছিল ।

২৪. সমাজবাদী দলৰ এজন নেতাৰ নাম লিখা ।

উত্তৰঃ সমাজবাদী দলৰ এজন নেতাৰ নাম হল ৰাম মনোহৰ লোহিয়া ।

২৫. সমাজবাদী দলৰ সৃষ্টি হোৱা দলকেইটাৰ নাম লিখা ।

উত্তৰঃ  সমাজবাদী দলৰ সৃষ্টি হোৱা দলকেইটাৰ নাম হল 
কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আৰু সংযুক্ত ছটিয়েলিষ্ট পাৰ্টী ।

২৬. কংগেছ আৰু ভাৰতীয় সাম্যবাদী দলৰ মাজত সংঘাত সৃষ্টি হোৱা  প্ৰধান কাৰণটো কি ।

উত্তৰঃ কংগ্ৰেছ আৰু ভাৰতীয় সাম্যবাদী দলৰ মাজত সংঘাত সৃষ্টি হোৱা প্ৰধান কাৰণটো হল 
ভাৰতীয় সাম্যবাদী দলে দ্বিতীয় মহাযুদ্ধত মিত্ৰগোষ্ঠীৰ পক্ষত ছোভিয়েট ৰাছিয়াৰ যোগদানৰ সমৰ্থন কৰিছিল আৰু ১৯৪২ চনৰ ভাৰতত্যাগ আন্দোলনৰ বিৰোধিতা কৰিছিল । 

২৭. লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ  লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে ১৬ খন আসন লাভ কৰিছিল ।

২৮. ভাৰতীয় সাম্যবাদী দলৰ প্ৰধান নেতাকেইজনৰ নাম লিখা ।

উত্তৰঃ  ভাৰতীয় সাম্যবাদী দলৰ প্ৰধান নেতাকেইজনৰ নাম হল এ.কে গোপালন, এছ.এ ডাংগে, ই.এম.এছ নাম্বুদ্ৰিপদ, পি.চি যোশী, অজয় ঘোষ, পি সুন্দৰীয়া ।

২৯. কিমান চনত আৰু কাৰ নেতৃত্বত সৰ্বভাৰতীয় সাম্যবাদী নতুন দল গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৭৭ চনত ডাঙ্গেৰ জী দেশপাণ্ডেৰ নেতৃত্বত সৰ্বভাৰতীয় সাম্যবাদী নতুন দল গঠন কৰা হৈছিল ।

৩০. কিমান চনত মাক্সবাদী দলৰ জন্ম হৈছিল ।

উত্তৰঃ  ১৯৬৪ চনত মাক্সবাদী দলৰ জন্ম হৈছিল ।

৩১. কিমান চনত আৰু কোনে লেনিনবাদী দল গঠন কৰিছিল ।

উত্তৰঃ  ১৯৬৮ চনত লেনিনে মাস্কবাদী দলৰ পৰা ফালৰি কাটি লেনিনবাদী দল গঠন কৰিছিল ।

৩২. কিমান চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰা হৈছিস ।

উত্তৰঃ  ১৯৫১ চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰা হৈছিল ।

৩৩. ভাৰতীয় জনসংঘ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ।

উত্তৰঃ  ভাৰতীয় জনসংঘ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী ।

৩৪. ভাৰতীয় জনসংঘৰ মূল কি ।

উত্তৰঃ ভাৰতীয় জনসংঘৰ মূল হল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা ।

৩৫. ৭ভাৰতীয় জনসংঘৰ দুজন অতি উল্লেখযোগ্য নেতাৰ নাম লিখা ।

উত্তৰঃ  ভাৰতীয় জনসংঘৰ দুজন অতি উল্লেখযোগ্য নেতাৰ নাম হল দীনদয়াল উপাধ্যায়, লৰাজ মাধক ।

৩৬. শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপটোৰ নাম কি ।

উত্তৰঃ  শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপটোৰ নাম হল ভাৰতীয় জনতা পাৰ্টী ।

৩৭. নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিজনৰ নাম কি ।

উত্তৰঃ নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিজনৰ নাম হল অটল বিহাৰী বাজপেয়ী ।

৩৮. ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতি প্ৰয়োজন । ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত আৰু সংখ্যাৰ ফালৰ পৰা শক্তিশালী, দায়িত্বশীল, আৰু বিকশিত হবৰ বাবে সমৰ্থবান হব লাগিব । বিৰোধী দলসমূহৰ ভূমিকা এনেধৰণৰ হোৱা উচিত যাতে ক্ষমতা অধিষ্ঠিত ৰাজনৈতিক দলটোৱে বিৰোধী দলৰ বাবে সদায় সৰ্তকতাৰে কাৰ্য পালন কৰে আৰু শাসনাধিষ্ঠিত দলৰ বিকল্প দল হিচাপে জনসাধাৰণৰ গ্ৰহণযোগ্য হয় ।
স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুত ৰাজনৈতিক দলৰ সমাৱেশ ঘটিছে । অৱশ্যে কিছুমান ৰাজনৈতিক দল মাত্ৰ নামতহে আছে । কেন্দ্ৰ নাইবা ৰাজ্যত ক্ষমতা লাভৰ সোৱাদ পোৱা নাই, আনকি বিৰোধী দল হিচাপে ভূমিকা পালন কৰিবৰ বাবেও সুবিধা লাভ কৰিব পৰা নাই । ভাৰতবৰ্ষত বিৰোধী দলসমূহে ভূমিকা পালনত আংশিকভাৱে কৃতকাৰ্যতা লাভ কৰা বুলি কব পৰৈ যায় । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৬৪ বছৰৰ পিছতো বৰ্তমানলৈকে প্ৰকৃত বিৰোধী দলৰ উত্থান হোৱা নাই । 

৩৯. কিমান চনত ভাৰতৰ সাম্যবাদী দলে শ্ৰী মতী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলক সমৰ্থন কৰিছিল ।

উত্তৰঃ  ১৯৬৭ চনত ভাৰতৰ সাম্যবাদী দলে শ্ৰী মতী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলক সমৰ্থন কৰিছিল ।

৪০.  ভাৰতীয় জনসংঘ দলৰ নীতি কি আছিল ।

উত্তৰঃ  ভাৰতীয় জনসংঘ দলৰ নীতি হল এক দেশ, এক সংস্কৃতি আৰু এক জাতি । 


Type By- Ali Rani Kakati