জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান 

দ্বিতীয় অধ্যায়

অতি চমু প্ৰশ্ন ঃ 

১. কিমান চনত ভাৰত আৰু পাকিস্তানৰ বিভাজন হৈছিল ।

উত্তৰঃ  ১৯৪৭ চনত ঊাৰত আৰু পাকিস্তানৰ বিভাজন হৈছিল ।


২. জাতি নিৰ্মাণৰ তিনিটা প্ৰত্যাহ্বান আলোচনা কৰা ।

উত্তৰঃ  জাতি নিৰ্মাণৰ তিনিটা প্ৰত্যাহ্বান হল 

ক) জাতি নিৰ্মাণ প্ৰক্ৰিয়াত ভাৰতৰ ৰাজনৈতিক নেতৃবৰ্গৰ সন্মুখত থকা প্ৰথমটো প্ৰত্যাহ্বান আছিল ভাৰতৰ বিশালতা আৰু বিচিত্ৰতা । ভাৰতৰ ভৌগোলিক আয়তন এখন মহাদেশৰ দৰে বিশাল । আনহাতে ইয়াৰ বিভিন্নতা অথবা বিচিত্ৰতাও সমানে আকৰ্ষণীয় । ভাৰতৰ জনসাধাৰণে অসংখ্য ভাষা ব্যৱহাৰ কৰাৰ লগতে সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰত বিভিন্নতা বিৰাজমান । স্বাভাৱিকতে এই বিভিন্নতা অথবা বিচিত্ৰতা আৰু ভৌগোলিক আয়তনৰ বিশালতাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ ভৱিষ্যত সম্পৰ্কে সংশয়ৰ সৃষ্টি কৰিছিল ।

খ) জাতি নিৰ্মাণ প্ৰক্ৰিয়াত দ্বিতীয়টো প্ৰত্যাহ্বান আছিল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান । ভাৰতক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ উন্নীত কৰাটো আছিল এটা অতিশয় কঠিন কাম । ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত যিখন সংবিধান প্ৰস্তুত কৰা হৈছিল, সেই সংবিধানখনে আক্ষৰিক আৰু প্ৰায়োগিক উভয় দিশতে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল । সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰী ব্যৱস্থাৰ ওপৰত আধাৰত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ গ্ৰহণ কৰা হৈছিল । 

গ) ভাৰতৰ মুষ্টিমেয়সকলৰ পৰিৱৰ্তে সমগ্ৰ জনসাধাৰণৰ বিকাশ আৰু মংগল সুনিশ্চিত কৰাটো আছিল জাতীয় নেতৃবৰ্গৰ বাবে তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাকৈ ভাৰতীয় সংবিধানত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হয় । সমতাৰ নীতি, সামাজিকভাৱে  পিছপৰি থকা গোট আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদিৰ জৰিয়তে ভাৰতৰ সৰহসংখ্যক জনসাধাৰণক ন্যায় প্ৰদান কৰাৰ চেষ্টা সংবিধানখনে কৰে । 


৩. ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত কি আছিল ।

উত্তৰঃ  আমাৰ ইমান অধিকসংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক আছে যে তেওঁলোকে ইচ্ছা কৰিলেও আন কলৈকো যাব নোৱাৰে ।  এয়া এক মৌলিক সত্য আৰু ইয়াত যুক্তিতৰ্কৰ স্থান নাই । পাকিস্তানৰ পৰা যিধৰণৰ প্ৰৰোচনাই নাহক আৰু তাত অমুছলমানসকলৰ ওপৰত যিধৰণৰ মৰ্যদাহানিকৰ আৰু ভয়লগা আচৰণ নকৰক, আমি আমাৰ দেশৰ সংখ্যালঘুসকলৰ সৈতে সভ্য আচৰণ কৰিব লাগিব । আমি তেওঁলোকক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকৰ দৰে নিৰাপত্তা আৰু অধিকাৰ প্ৰদান কৰিব লাগিব । যদিহে আমি এইধৰণে কৰাত ব্যৰ্থ হওঁ , এয়া আমাৰ দেহত এটুকুৰা পূঁজ থকা ঘাৰ দৰে থাকি যাব যিয়ে আমাৰ সমগ্ৰ ৰাজনাতি বিষাক্ত আৰু ধ্বংস কৰি পেলাব । স্বাধীন ভাৰতৰ নেহৰুৰ দৃষ্টিভংগী আছিল স্পষ্ট । জাতি নিৰ্মাণ প্ৰক্ৰিয়াত তেওঁ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজৰ সমিলমিলক যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছিল ।


৪. স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম কি ।

উত্তৰঃ  স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম হল জৱাহৰলাল নেহৰু ।


৫. কিমান চনত বৃটিছ চৰকাৰে কেবিনেট মিছন গঠন কৰিছিল ।

উত্তৰঃ  ১৯৪৬ চনৰ ১৯ ফেব্ৰুৱাৰীত বৃটিছ চৰকাৰে কেবিনেট মিছন গঠন কৰিছিল ।


৬. কেবিনেট মিছনে কিমান চনত আঁচনি বা পৰিকল্পনা প্ৰস্তুত কৰে ।

উত্তৰঃ ১৯৪৬ চনৰ ২৩ মাৰ্চত কেবিনেট মিছনে আচনি বা পৰিকল্পনা প্ৰস্তুত কৰে ।


৭. কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ লিখা ।

উত্তৰঃ  কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ হল 

ক) বৃটিছ শাসিত ভাৰত আৰু দেশীয় ৰাজ্যসমূহক সামৰি এখন যুক্তৰাষ্ট্ৰ গঠন কৰা হব ।

খ) হিন্দুপ্ৰধান দেশীয় ৰাজ্যসমূহক ক শ্ৰেণীত ভাগ কৰা হব । এই প্ৰদেশসমূহ আছিল মাদ্ৰাজ, বোম্বাই, মধ্যপ্ৰদেশ , যুক্তপ্ৰদেশ, বিহাৰ আৰু উৰিষ্যা । মুছলমান প্ৰধান প্ৰদেশসমূহক খ শ্ৰেণীত তালিকাভূক্ত কৰা হব । এই প্ৰদেশসমূহ হল পঞ্জাৱ, উত্তৰ-পশ্চিম-সীমান্ত, বেলুচিস্তান, আৰু সিন্ধু । খ শ্ৰেণীত থাকিব বংগ আৰু অসম । এই তিনিওটা শ্ৰেণীৰ প্ৰদেশসমূহৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলে এখন সংবিধান মহাসভা গঠন কৰিব ।

গ) তিনিওচা শ্ৰেণীভূক্ত প্ৰদেশে নিজৰ নিজৰ এলেকাৰ বাবে সংবিধান ৰচনা কৰিব ।

ঘ) প্ৰতিটো শ্ৰেণীভূক্ত প্ৰদেশ আৰু দেশীয় ৰাজ্যসমূহৰ প্ৰতিনিধিয়ে ভাৰত যুক্তৰাষ্ট্ৰৰ সংবিধান ৰচনা কৰিব ।

ঙ) নতুন সংবিধান ৰচনা নোহোৱাপৰ্যন্ত ভাৰতৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক লৈ অন্তৱৰ্তীকালীন চৰকাৰ এখন কৰা হব ।


৮. কিমান চনত কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি সংবিধান মহাসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ।

উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি সংবিধান মহাসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ।


৯. সংবিধান মহাসভাৰ নিৰ্বাচনত কেইখন আসন আছে ।

উত্তৰঃ  সংবিধান মহাসভাৰ নিৰ্বাচনত ২১৬ খন আসন আছে ।


১০. সংবিধান মহাসভাৰ কিমানখন আসন কংগ্ৰেছে লাভ কৰে ।

উত্তৰঃ  সংবিধান মহাসভাৰ ২১১ খন আসন কংগ্ৰেছে লাভ কৰে ।


১১. দেশ বিভাজনৰ সময়ত বটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ  দেশ বিভাজনৰ সময়ত বৃটিছ প্ৰধানমন্ত্ৰীজনৰ নাম হল ক্লিমেন্ট এটলী ।


১২. কিমান চনত লৰ্ড মাউন্টবেটেন ভাৰতৰ ভাইচৰয় হৈ  আহিছিল ।

উত্তৰঃ  ১৯৪৭ চনৰ মাৰ্চ মাহত লৰ্ড মাফন্টবেটেন ভাৰতৰ ভাইচৰয় হৈ আহিছিল ।


১৩. লৰ্ড মাউন্টবেটেনে  গ্ৰহণ কৰা আঁচনিৰ মূল বিষয়বস্তু কি আছিল ।

উত্তৰঃ  লৰ্ড মাউন্টবেটেনে গ্ৰহণ কৰা আঁচনিৰ মূল বিষয়বস্তু আছিল 

ক) ভাৰতক দ্বি-খণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্ৰ গঠন হব ।

খ) বংগ আৰু পঞ্জাৱৰ কোন কোন অংশ পাকিস্তানৰ সৈতে চামিল হব, এয়া নিৰ্ধাৰণৰ বাবে এখন সীমা নিৰ্ধাৰণ আয়োগ নিযুক্ত কৰা হব ।

গ) মুছলমান সম্প্ৰদায়ৰ সংখ্যাগৰিষ্ঠতা থকা অসমৰ ছিলেট জিলা আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ পাকিস্তানৰ সৈতে সংযুক্ত হবনে নহয় সেই সিদ্ধান্ত অঞ্চল দুটাৰ জনসাধাৰণৰ গণভোটৰ জৰিয়তে গ্ৰহণ কৰা হব ।

ঘ) সিন্ধুপ্ৰদেশৰ বিধানসভাই ভোটদানৰ জৰিয়তে যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিব ।

ঙ) দেশীয় ৰাজ্যসমূহে স্ব-ইচ্ছাই যিকোনো এখন ৰাষ্ট্ৰৰ সৈতে যোগদান কৰিব অথবা স্বাধীনভাৱে থাকিব পাৰিব । 


১৪. ভাৰত বিভাজনৰ মূল কাৰকটো কি আছিল ।

উত্তৰঃ  ভাৰত বিভাজনৰ মূল কাৰকটো হল দ্বিজাতি তত্ত্ব ।


১৫.  দ্বিজাতি তত্ত্ব কোনে উদ্ভাৱন কৰিছিল ।

উত্তৰঃ  দ্বিজাতি তত্ত্ব মহম্মদ আলী জিন্নাই উদ্ভাৱন কৰিছিল । 


১৬. কাৰ জৰিয়তে দ্বিজাতি তত্ত্ব আচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে ।

উত্তৰঃ  লৰ্ড মাউন্টবেটেনৰ জৰিয়তে দ্বিজাতি তত্ত্ব আচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে ।


১৭. দ্বিজাতি তত্ত্বৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  দ্বিজাতি তত্ত্ব ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল । এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল । এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক, আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে বৃটিছে ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্ৰ গৃহভূমি থকা উচিত ।

মাউন্টবেটেন আঁচনিৰ জৰিয়তে দ্বিজাতি তত্ত্ব আচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে । ইয়াৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্ভূক্ত হয় ।

বিভাজনৰ বিষয়টো তত্ত্বগত দিশৰ পৰা সহজ যেন ধাৰণা হলেও বিভিন্ন কাৰণত এয়া আছিল এক অত্যন্ত কঠিন কাৰ্য । 


১৮. দ্বিজাতি তত্ত্বৰ মূল কাৰণসমূহ কি কি ।

উত্তৰঃ  দ্বিজাতি তত্ত্বৰ মূল কাৰণসমূহ হল বৃি

ক) বৃটিছ ভাৰতত এনে কোনো একত্ৰিত অঞ্চল নাছিল যত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল । মুছলমান সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ পূব আৰু পশ্চিম প্ৰান্তত কেন্দ্ৰীভূত হৈ আছিল আৰু এই দুয়োটা অঞ্চলত একত্ৰিত কৰাটো সম্ভৱ নাছিল ।

খ) দ্বিতীয়তে, সকলোবোৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্তানৰ সৈতে চামিল হব বিচৰা নাছিল । উদাহৰণস্বৰূপে উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ নেতা আৰু সীমান্ত গান্ধী নামেৰে পৰিচিত খান আব্দুল গফৰ খানে দ্বিজাতি তত্ত্বৰ ঘোৰ বিৰোধিতা কৰিছিল ।

গ) বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশ বংগ আৰু পঞ্জাৱত এনে কিছু বিশাল এলেকা আছিল য'ত অমুছলমান সংখ্যাগৰিষ্ঠতা আছিল । সেয়ে এই দুয়োখন প্ৰদেশক ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ওপৰত ভিত্তি কৰি ভাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ ফলত স্বাধীনতা লাভৰ দিনটোত এই অঞ্চল দুটাৰ জনসাধাৰণে জানিব নোৱাৰিলে তেওঁলোক কোনখন ৰাষ্ট্ৰৰ নাগৰিক । উল্লেখযোগ্য যে এই দুখন প্ৰদেশৰ বিভাজন ভাৰত বিভাজনৰ সবাটোকৈ গভীৰ যন্ত্ৰণাময় অনুভৱ ।

ঘ) দুয়োখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলৰ সংখ্যালঘুসকলক কেন্দ্ৰ কৰি সবাটোকৈ গুৰুতৰ সমস্যাটোৰ উদ্ভৱ হৈছিল । 

১৯. সাম্প্ৰদায়িক মণ্ডল কি ।

উত্তৰঃ  লাহোৰ, অমৃতসৰ, আৰু কলকাতা এই তিনিখন ৰাষ্ট্ৰকে সাম্প্ৰদায়িক মণ্ডল বুলি কোৱা হয় ।

২০. বিভাজনৰ সময়ত কিমান লোকে নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল ।

উত্তৰঃ  বিভাজনৰ সময়ত প্ৰায় ৮০ লাখ লোকে নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল ।


২১. শৰনাৰ্থীসকলৰ পুনৰ সংস্থাপন প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  বিভাজনৰ পিছত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানটো আছিল শৰনাৰ্থীসকলৰ পুনৰ সংস্থাপন । নিজৰ ঘৰ, ভূমি হেৰুৱাই মানসিকভাৱে বিধ্বস্ত হৈ পৰা লোকসকলক শৰনাৰ্থী শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই লোকসকলে স্থানীয় প্ৰশাসন অথবা আৰক্ষীৰ পৰা প্ৰয়োজনীয় সুবিধা লাভ কৰা নাছিল । এই লোকসকলে মাহৰ পাছত মাহ এই শিবিৰসমূহত অতি শোচনীয় পৰিৱেশত থাকিবলগীয়া হৈছিল ।

শৰনাৰ্থী বা ভগনীয়াসকলৰ বাবে ভাৰত চৰকাৰে বিভিন্ন অঞ্চলত শৰনাৰ্থী শিবিৰ স্থাপন কৰে । পশ্চিম পঞ্জাৱৰ পৰা অহা বহুত হিন্দু আৰু শিখ শৰনাৰ্থীৰ বাবে চৰকাৰে কুৰুক্ষেত্ৰত এটা ডাঙৰ শিবিৰ স্থাপন কৰে । এই শিবিৰ একলাখ শৰনাৰ্থীৰ বাবে সাজু কৰি ৰখা হৈছিল । যদিও ইয়াত তিনিলাখৰো অধিক লোক থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । স্বাভাৱিকতে এইবোৰ শৰনাৰ্থীৰ থকা-খোৱাৰ ব্যৱস্থা কৰাটো এটা প্ৰত্যাহ্বান আছিল । এই ক্ষেত্ৰত ভাৰতীয় সেনাৰ ভূমিকা আছিল অতি প্ৰশংসনীয়া । চৰকাৰক ভাৰতৰ সমাজদেৱীৰ লগতে ইউনাইটেড কাউন্সিল ফৰ ৰিলিফ এণ্ড ৱেলফেয়াৰ নামৰ বিদেশী স্বেচ্ছাচাৰী সংস্থা এটাই বিশেষভাৱে সহায় আগবঢ়ায় । 


২২. পশ্চিম পঞ্জাৱৰ পৰা অহা শৰনাৰ্থীসকলৰ বাবে কিমানটা শিবিৰ স্থাপন কৰা হৈছিল ।

উত্তৰঃ  পশ্চিম পঞ্জাৱৰ পৰা শৰনাৰ্থীসকলৰ বাবে ২০০টা শিবিৰ স্থাপন কৰা হৈছিল ।


২৩. পুনৰসংস্থাপন সচিবালয় কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ জলন্ধৰত পুনৰসংস্থাপন সচিবালয় স্থাপন কৰা হৈছিল । 


২৪. চেম্বাৰ অৱ প্ৰিন্সেচ সমিতি কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৪৭ চনৰ ২১ ফেব্ৰুৱাৰীত চেম্বাৰ অৱ প্ৰিন্সেচ সমিতি গঠন কৰা হৈছিল । 


২৫. চেম্বাৰ অৱ প্ৰিন্সেচ সমিতিৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱকেইটা কি আছিল ।

উত্তৰঃ  চেম্বাৰ অৱ প্ৰিন্সেচ সমিতিৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱকেইটা হল 

ক) প্ৰস্তাৱিত ভাৰত যুক্তৰাষ্ট্ৰত যোগদান কৰা অথবা নকৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ ৰজাসকলৰ থাকিব ।

খ) বৃটিছ শাসনৰ লগে লগে প্ৰত্যেক দেশীয় ৰাজ্যই পূৰ্বৰ সকলো ক্ষমতা ওভোতাই পাব । 

গ) প্ৰত্যেক দেশীয় ৰাজ্যৰ সংবিধান, ভৌগোলিক অখণ্ডতা আৰু ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰ সংক্ৰান্তীয় আইন-কানুন একেধৰণে থাকিব ।


২৬.ৰাজ্যসমূহৰ গঠনৰ সময়ত ভাৰতৰ উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোন আছিল ।

উত্তৰঃ  ৰাজ্যসমূহৰ গঠনৰ সময়ত ভাৰতৰ উপপ্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল ।


২৭. দেশীয় ৰাজ্য বিভাগ নামৰ নতুন খিতাপ কোনে মুকলি কৰিছিল ।

উত্তৰঃ  দ্শীয় ৰাজ্য বিভাগ নামৰ নতুন বিভাগ মুকলি কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ।


২৮.চৰকাৰে ৰাজ্যসমূহ গঠন কৰাৰ সময়ত তিনিটা লক্ষ্য ৰাখিছিল সেই লক্ষ্যকেইটা কি কি ।

উত্তৰঃ  চৰকাৰে ৰাজ্যসমূহ গঠন কৰাৰ সময়ত তিনিটা লক্ষ্য ৰাখিছ্ল সেই লক্ষ্যকেইটা হল 

ক) অধিকাংশ দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰত যুক্তৰাষ্ট্ৰৰ অংশত পৰিণত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।

খ) কিছু অঞ্চলক স্বতন্ত্ৰতা প্ৰদানৰ ক্ষেত্ৰত নমনীয় হবলৈ চৰকাৰ সাজু আছিল ।

গ) বিভাজনৰ ঘটনাৰ বাবে ৰাষ্ট্ৰখনৰ ভূখণ্ড নিৰ্ধাৰণ, একত্ৰিতকৰণ আৰু সুদৃঢ়কৰণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছিল ।


২৯. হায়দৰাবাদ

উত্তৰঃ  হায়দৰাবাদ ভাৰতৰ বৃহত্তৰ দেশীয় ৰাজ্য আছিল । দেশীয় ৰাজ্যখনৰ জনসংখ্যা আছিল ৬০ নিযুত । পুৰণি হায়দৰাবাদৰ কিছু অংশ বৰ্তমানৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, আৰু অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্ভূক্ত হৈ আছে । হায়দৰাবাদৰ জনসংখ্যাৰ ৮৫ শতাংশ হিন্দু আছিল যদিও ইয়াৰ শাসক আৰু উচ্চ সামৰিক -অসামৰিক বিষয়াসমূহ মুছলমান সম্প্ৰদায়ৰ আছিল । ৰাজ্য গঠন হোৱাৰ সময়ত হায়দৰাবাদৰ নিজামে স্পষ্টভাৱে ঘোষণা কৰে যে তেওঁ স্বাধীনভাৱে থাকিব । নিজামৰ দৃঢ় স্থিতিয়ে স্বাধীন ভাৰতৰ চৰকাৰখনৰ বাবে যথেষ্ট জটিলতাৰ সৃষ্টি কৰে । শেষত ১৯৪৭ চনৰ নৱেম্বৰ মাহত ভাৰত বিভক্ত হোৱাৰ পূৰ্বৰ অৱস্থা অপৰিৱৰ্তিত ৰখাৰ অৰ্থে মিজাম আৰু ভাৰত চৰকাৰৰ মাজত এখন স্থিতাৱস্থা চুক্তি সম্পাদিত হয় । 


৩০. মণিপূৰ 

উত্তৰঃ  স্বাধীনতাৰ কিছুদিন আগতে মণিপূৰৰ মহাৰাজা বোধচন্দ্ৰ সিঙে ভাৰত চৰকাৰৰ মণিপূৰৰ আভ্যন্তৰীণ স্বতন্ত্ৰতা অক্ষুন্ন ৰখাৰ ফলত চৰ্তসম্বলিত চুক্তিত স্বাভৰ কৰে । জনসাধাৰণৰ হেচাত মহাৰাজাই ১৯৪৮ চনৰ জুন মাহত নিৰ্বাচন অনুষ্ঠিত কৰে । এই নিৰ্বাচনৰ জৰিয়তে মণিপূৰ সাংবিধানিক ৰাজতন্ত্ৰত পৰিণত হয় । এই নিৰ্বাচনৰ জৰিয়তে মণিপূৰ প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত কৰা ভাৰতৰ প্ৰথম অংশহিচাপে পৰিগণিত হয় ।

মণিপূৰৰ বিধানসভাত মণিপূৰক ভাৰতৰ সৈতে চামিল কৰাৰ বিষয়টোত তীব্ৰ মতানৈক্য ঘটিছিল । ৰাজ্যিক কংগ্ৰেছে ভাৰতৰ সৈতে মণিপূৰৰ সংযুক্তকৰণৰ সমৰ্থন কৰাৰ বিপৰীতে অন্যান্য ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিছিল । ১৯৪৯ চনৰ ছেপ্তেম্বৰ মাহত ভাৰত চৰকাৰে মহাৰাজা বোধচন্দ্ৰ সিঙক চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰোৱাত সফল হয় । 


৩১. কিমান চনত মহাৰাজা বোধচন্দ্ৰ সিঙে চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে ।

উত্তৰঃ  ১৯৪৯ চনৰ ছেপ্তেম্বৰ মাহত মহাৰাজা বোধচন্দ্ৰ সিঙে চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰুে । 


৩২. কিমান চনত নাগপুৰত কংগ্ৰেছৰ সন্মিলন হৈছিল ।

উত্তৰঃ ১৯২০ চনত নাগপুৰত কংগ্ৰেছৰ সন্মিলন হৈছিল ।


৩৩. কিমান চনত শ্ৰী ৰামুলুৰ মৃত্যু হয় ।

উত্তৰঃ  ১৯৫২ চনৰ পাঁচ ডিম্বেচৰত শ্ৰী ৰামুলুৰ মৃত্যু হয় ।


৩৪. কিমান চনত কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশ ৰাজ্য সৃষ্টি কৰে ।

উত্তৰঃ  ১৯৫৩ চনত কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশ ৰাজ্য সৃষ্টি কৰে ।


৩৫. কিমান চনত পঞ্জাৱ ৰাজ্যখন বিভক্ত হয় ।

উত্তৰঃ ১৯৬৬ চনত পঞ্জাৱ ৰাজ্যখন বিভক্ত হয় ।


৩৬. পঞ্জাৱ ৰাজ্যখন বিভক্ত হোৱাৰ পাছত জন্ম হোৱা ৰাজ্য দুখনৰ নাম কি ।

উত্তৰঃ  পঞ্জাৱ ৰাজ্যখন বিভক্ত হোৱাৰ পাছত জন্ম হোৱা ৰাজ্য দুখনৰ নাম হল 

ক) পঞ্জাৱ ।

খ) হাৰিয়ানা ।


৩৭. কিমান চনত ৰাজভিক বন্দী কৰা হয় ।

উত্তৰঃ  ১৯৪৮ চনৰ ১৯ ছেপ্তেম্বৰত ৰাজভিক বন্দী কৰা হয় ।


৩৮. হায়দৰাবাদৰ জনসংখ্যাৰ কিমান শতাংশ লোক হিন্দু আছিল ।

উত্তৰঃ হায়দৰাবাদৰ জনসংখ্যাৰ ৮৫ শতাংশ লোক হিন্দু আছিল ।


৩৯. কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা বলিষ্ঠ প্ৰস্তাৱৰ ঘোষণা কৰিছিল ।

উত্তৰঃ  ১৯৪৭ চনৰ ১৫ জুনত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা বলিষ্ঠ প্ৰস্তাৱৰ ঘোষণা কৰিছিল ।


৪০. বৰ্তমান উৰিষ্যাত কিমানখন সৰু ৰাজ্য আছে ।

উত্তৰঃ  বৰ্তমান উৰিষ্যাত ২৬ খন সৰু ৰাজ্য আছে । 


Type By- Ali Rani Kakati