গেলিলিঅ গেলিলি

(Galileo Galilei)

    

    ১৫৬৪ চনৰ ১৫ফেব্ৰুৱাৰী তাৰিখে গেলিলিঅ’ গেলিলিৰ ইটালী দেশত জন্ম হয়। একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ উল্ল্যেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্য্যবেক্ষণ কিছুমান যিবোৰে কপাৰ্নিকাছৰ মতবাদক পূৰ্ণ সমৰ্থন দিছিল। গেলিলিঅ’ক "আধুনিক পৰ্য্যবেক্ষণ জ্যোতিৰ্বিদ্যা", "আধুনিক পদাৰ্থ বিজ্ঞান", আনকি "বিজ্ঞান", তথা "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" আখ্যা দিয়া হয়।  ১৬৪২ চনত ৮ জানুৱাৰীত, ৭৭ বছৰ বয়সত গেলিলিৰ মৃত্যু হয়।