নিকোলা টেছলা

(Nikola Tesla)



    নিক'লা টেছলা আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। ১৮৫৬ চনৰ ১০ জুলাই তাৰিখে অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ ক্ৰয়েছিয়া)লিকা প্ৰদেশৰ শ্মিলিজান গাঁৱত তেওঁৰ জন্ম হৈছিল। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল। পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক। তেওঁৰ নামটোৰে কেইবাটাও পথ নামকৰণ কৰা হৈছে, মূৰ্তি স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। অথচ জীয়াই থকা সময়ছোৱাত টেছলাৰ কৰ্মৰাজিয়ে ইমান সমাদৰ লাভ কৰা নাছিল।  ১৮৯৯ৰ চনৰ পৰা ১৯০০ চনৰ আগভাগলৈকে নিক'লা টেছলা ক'লৰাড'ত থাকে। তাতেই তেওঁ কল'ৰাড' স্প্ৰীং উদ্ভাৱন কৰিছিল-যিটো উদ্ভাৱনক টেছলাই তেওঁৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে চিহ্নিত কৰিছিল-পাৰ্থিৱ স্থিৰ তৰংগ (Terrestrial Stationary Waves ) এইটো উদ্ভাৱনৰ দ্বাৰা তেওঁ প্ৰমাণ কৰি দিছিল যে পৃথিৱীৰ ভূমিক এডাল বিদ্যুৎ পৰিবাহী হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰদ্বাৰা কিছুমান বৈদ্যুতিক কম্পনাংকৰ সৃষ্টি কৰিব পাৰি। তেওঁ আনকি বৈদ্যুতিক তাঁৰ নোহোৱাকৈ ৪০ কিলোমিটাৰ (২৫ মাইল) নিলগৰ পৰা ২০০টা বিজুলী বাঁতি জ্বলাই দেখুৱাইছিল;যিবোৰে ৪১ মিটাৰ দীঘল চমকনিৰ সৃষ্টি কৰিছিল।  ১৯৪৩ চনৰ ৭ জানুৱাৰিত,৮৬ বছৰ বয়সত টেছলাই নিউ য়ৰ্কাৰ হোটেলৰ ৩৩ নং মহলাৰ ৰুম নম্বৰ ৩৩২৭ত মৃত্যু হয়। কোঠালিৰ দুৱাৰত ওলোমাই থোৱা 'আমনি নকৰিবা' নিৰ্দেশ অমান্য কৰি বনকৰা মহিলা এলিছ মনাঘান কোঠালৈ সোমাই যাওঁতেই নিক'লা টেছলাৰ নিঠৰ দেহটো চকুত পৰে। সেই নিৰ্দেশ টেছলাই দুদিন আগতেই ওলোমাই থৈছিল। সহকাৰী চিকিৎসা নিৰীক্ষক এইচ্ছ.ডব্লিউ উৱেম্বলিয়ে টেছলাৰ দেহ পৰীক্ষা কৰে আৰু মৃত্যুৰ কাৰণ ক'ৰ'নাৰি থ্ৰম্ব'চিছ বুলি চিনাক্ত কৰে। 


সৌৰভ বৰা (Sourab Bora) 

(Morigaon Assam).....