কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা 

পঞ্চম অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. কিমান চনত আৰু কত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ।

উত্তৰঃ ১৮৮৫ চনৰ ২৭ ডিচেম্বৰত বোম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ।


২. ভাৰতীয় দলীয় ব্যৱস্থাটোক কি বুলি কোৱা হয় ।

উত্তৰঃ  ভাৰতীয় দলীয় ব্যৱস্থাটোক কংগ্ৰেছ ব্যৱস্থা বুলি কোৱা হয় ।


৩. কিমান চনত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৯৬৪ চনৰ ২৭ মেত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ।


৪. লাল বাহাদুৰ শাস্ত্ৰীয়ে কিমান চনৰ পৰা কিমান চনলৈ প্ৰধানমন্ত্ৰীৰ পদত আছিল ।

উত্তৰঃ  লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ প্ৰধানমন্ত্ৰীৰ পদত আছিল ।


৫. প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা কি কি ।

উত্তৰঃ  প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা হল 

ক) প্ৰথমতে, চীনৰ যুদ্ধৰ পাছত ভাৰত এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল । ইয়াৰ লগতে খৰাং আৰু খাদ্য সংকটে ভাৰতক এক অনিশ্চিত ভৱিষ্যতৰ আগজাননী দিছিল ।

খ) দ্বিতীয়তে শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ কালত ভাৰতে ১৯৬৫ চনত পাকিস্তানৰ সৈতে পূৰ্ণাংগ যুদ্ধ এখনত অৱতীৰ্ণ হবলগীয়াত পৰিছিল । 


৬. লাল বাহাদুৰ শাস্ত্ৰীৰ শ্লোগানটোৰ নাম কি ।

উত্তৰঃ  লাল বাহাদুৰ শাস্ত্ৰীৰ শ্লোগানটোৰ নাম হল জয় জোৱান, জয় কিষাণ ।


৭. কিমান চনত আৰু কত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৯৬৬ চনৰ ১০ জানুৱাৰীত তাছখণ্ডত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল ।


৮. জৱাহৰলাল নেহৰুৰ জীয়ৰীৰ নাম কি ।

উত্তৰঃ  জৱাহৰলাল নেহৰুৰ জীয়ৰীৰ নাম হল ইন্দিৰা গান্ধী ।


৯. জনতা চৰকাৰৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ  জনতা চৰকাৰৰ প্ৰধানমন্ত্ৰীজনৰ নাম হল মোৰাৰজী দেশাই ।


১০. কিমান চনত চতুৰ্থ সাধাৰণ নিৰ্বাচন হৈছিল ।

উত্তৰঃ  ১৯৬৭ চনত চতুৰ্থ সাধাৰণ নিৰ্বাচন হৈছিল ।


১১. কিমান চনত লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচন আৰম্ভ হয় ।

উত্তৰঃ ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচন আৰম্ভ হয় ।


১২. এজন বিশিষ্ট সমাজবাদী নেতাৰ নাম লিখা ।

উত্তৰঃ  এজন বিশিষ্ট সমাজবাদী নেতাৰ নাম হল ৰাম মনোহৰ লোহিয়া ।


১৩. ১৯৬২ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে কিমানখন আসন লাভ কৰিবলৈ সক্ষম হয় ।

উত্তৰঃ  ১৯৬২ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ২৮৩ খন আসন লাভ কৰিবলৈ সক্ষম হয় ।


১৪. মাদ্ৰাজৰ আঞ্চলিক দলটোৰ নাম কি ।

উত্তৰঃ  মাদ্ৰাজৰ আঞ্চলিক দলটোৰ নাম হল ড্ৰাভিড়া মুন্নেত্ৰা কাজাগাম ।


১৫. প্ৰথমটো অকংগ্ৰেছী আৰু আঞ্চলিক দলটোৰ নাম কি ।

উত্তৰঃ প্ৰথমটো অকংগ্ৰেছী আৰু আঞ্চলিক দলটোৰ নাম হল ডি এম কে ।


১৬. মৰ্চা চৰকাৰ কাক বোলে ।

উত্তৰঃ  ভাৰতীয় ৰাজনীতিত সম্প্ৰতি বহু বছৰৰ পৰা মৰ্চা চৰকাৰ চলি আহিছে । কোনো অটা ৰাজনৈতিক দলে যদি সংসদ ৰাজ্যৰ বিধানসভাত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনত অসমৰ্থ হয়, তেতিয়া দুই বা ততোধিক দলে একগোট হৈ এখন সন্মিলিত চৰকাৰ গঠন কৰে । এইধৰণৰ চৰকাৰক সংযুক্ত বা মৰ্চা চৰকাৰ বোলা হয় । 


১৭.  কিমান চনত আৰু কত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল

উত্তৰঃ  ১৯৫২ চনত ভাৰতত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল ।


১৮. কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰা হৈছিল ।

উত্তৰঃ  গিয়ান চিং বাৰেৱালাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰা হৈছিল ।


১৯. কিমান চনৰ পৰা মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হৈছিল ।

উত্তৰঃ  ১৯৬৭ চনৰ পৰা মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হৈছিল ।ট


২০. অসমৰ কংগ্ৰেছ দলে কাৰ সৈতে কাৰ সৈতে সহযোগ কৰি তিনিবাৰকৈ মৰ্চা চৰকাৰ গঠন কৰিছে ।

উত্তৰঃ  অসমৰ কংগ্ৰেছ দলে বড়োলেণ্ড ু্ুলছ ফ্ৰন্ট দলৰ সৈতে সহযোগ কৰি তিনিবাৰকৈ চৰকাৰ গঠন কৰিছে ।


২১. আয়া ৰাম, গয়া ৰাম কথাফাকি কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  আয়া ৰাম, গয়া ৰাম কথাফাকি প্ৰথমে ব্যৱহাৰ কৰিছিল কংগ্ৰেছ নেতা ৰীও বীৰেন্দ্ৰ সিঙে ।


২২. কিমান চনত আৰু কাৰ নেতৃত্বত দলত্যাগবিৰোধী আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ  ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত দলত্যাগবিৰোধী আইন প্ৰণয়ন কৰা হৈছিল ।


২৩. কংগ্ৰেছত বিভাজনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত আসনৰ সংখ্যা হ্ৰাস পালেও কংগ্ৰেছে কেন্দ্ৰত  চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে এখন ৰাজ্যত ক্ষমতাচ্যুত কৰা হৈছিল । এই নখন ৰাজ্যৰ আঠন কংগ্ৰেছবিৰোধী মৰ্চা চৰকাৰ গঠন হৈছিল । কেৱল মাদ্ৰাজ ৰাজ্যত ডি এম কে দলে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিল । কংগ্ৰেছবিৰোধী মৰ্চা চৰকাৰ গঠন কৰা অংশীদাৰ দলসমূহ সমভাবাপন্ন নাছিল । স্বাভাৱিকতে এই চৰকাৰসমূহে দীৰ্ঘকালীন সময় শাসন চলাবলৈ সমৰ্থ নহল । আদৰ্শগত পাৰ্থক্য, কৰ্মসূচী, লক্ষ্যৰ ভিন্নতাৰ ফলস্বৰূপে মৰ্চা চৰকাৰৰ অংশীদাৰ দলসমূহৰ মাজত সংঘাতৰ সৃষ্টি হল । এইদৰে মৰ্চা চৰকাৰসমূহৰ ভাঙোন আৰম্ভ হল । কিছুমান ৰাজ্যত নতুনকৈ বেলেগ ধৰণে মৰ্চাৰ গঠন হল আৰু কিছুসংখ্যক ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হল 1


২৪. কাৰ নেতৃত্বত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হৈছিল ।

উত্তৰঃ  ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হৈছিল 

২৫ .ছিণ্ডিকেট কাক বোলে ।        

উত্তৰঃ  গুৰুত্বপূৰ্ণভাৱে বাহ্যিক দলৰ প্ৰত্যাহ্বানতকৈ দলৰ ভিতৰৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানহে তেওঁৰ বাবে অধিক কঠিন হৈ পৰে । দলৰ ভিতৰৰ শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ এটা গোটৰ পৰা তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হয় । এই শক্তিশালী গোটটোকে অনানুষ্ঠানিকভাৱে ছিণ্ডিকেট নামেৰে জনা যায় ।


২৬. ছিণ্ডিকেট গোটৰ নেতৃত্ব বহন কৰা সভাপতিজনৰ নাম কি ।

উত্তৰঃ  ছিণ্ডিকেট গোটৰ নেতৃত্ব বহন কৰা সভাপতিজনৰ নাম হল কে কামৰাজে ।


২৭. ছিণ্ডিকেট গোটৰ দুজন জেষ্ঠ নেতাৰ নাম লিখা

উত্তৰঃ  ছিণ্ডিকেট গোটৰ দুজন জেষ্ঠ নেতাৰ নাম হল 

ক) অতুল ঘোষ ।

খ) নিজালিন গাপ্পা ।


২৮.দহ দফীয়া কাৰ্যসূচী কি ।

উত্তৰঃ  দহদফীয়া কাৰ্যসূচী হল ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাৰ্যকৰী সমিতিক আহ্বান কৰা এটা প্ৰত্যাহ্বান ।


২৯. দহদফীয়া কৰ্মসূচীৰ ভিতৰত কি কি আছিল লিখা ।

উত্তৰঃ  দহদফীয়া কৰ্মসূচীৰ ভিতৰত আছিল বেংকসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ,   সামাজিক  বীমাৰ ৰাষ্ট্ৰীয়কৰণ, চহৰ অঞ্চলৰ সম্পত্তি আৰু উপাৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, খাদ্য-শস্যৰ ৰাজহুৱা বিতৰণ, ভূমি সংস্কাৰ আৰু গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থানৰ ব্যৱস্থা ইত্যাদি । এই নীতিসমূহৰ জৰিয়তে ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পায় আৰু এই জনপ্ৰিয়তাই পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলৰ পুনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ছিণ্ডিকেটৰ নেতাসকলে এই নীতিসমূহৰ প্ৰতি সহাৰিমূলক দৃষ্টিভংগী প্ৰদৰ্শন নকৰিলেও আনুষ্ঠানিকভাৱে বাওঁপন্থী প্ৰৱণতামুখী এই নীতিসমূহত অনুমোদন জনাবলৈ বাধ্য হৈছিল ।


৩০. হুইপৰ অৰ্থ কি ।

উত্তৰঃ  হুইপৰ অৰ্থ হল দলীয় নেতৃবৰ্গৰ দ্বাৰা সদস্যসকলক প্ৰদান ৩৩কৰা কঠোৰ নিৰ্দেশ, যি নিৰ্দেশ দলৰ প্ৰতিগৰাকী সদস্যই ৩মানি চলাটো বাধ্যতামূলক ।


৩১. ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে কাৰ নামটো প্ৰস্তাৱ কৰে ।

উত্তৰঃ  ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰে ।


৩২. ইন্দিৰা গান্ধীৰ কংগ্ৰেছক কি নামেৰে জনা যায় ।

উত্তৰঃ  ইন্দিৰা গান্ধীৰ কংগ্ৰেছক দাবীকাৰক নামেৰে জনা যায় ।


৩৩. ছিণ্ডিকেটৰ নেতৃত্বাধীন গোটটোক কি নামেৰে জনা যায় ।

উত্তৰঃ  ছিণ্ডিকেটৰ নেতৃত্বাধীন গোটটোক সংগঠন নামেৰে জনা যায় ।


৩৪. ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ মূল কাৰণসমূহ কি কি ।

উত্তৰঃ  ইন্দিৰা গান্ধীৰ জনপ্ৰিয়া বৃদ্ধিৰ মূল কাৰণসমূহ হল 

ক) অসাধাৰণ ব্যক্তিত্ব ।

খ) ইন্দিৰা গান্ধীৰ চৰকাৰৰ সমাজবাদী আৰ্হিৰ নীতিসমূহ ।

গ) গৰীবী হটাও । 


৩৫. কিমান চনত ভাৰতীয় সংসদৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ    ১৯৭১ চনৰ ফেব্ৰুৱাৰীত ভাৰতীয় সংসদৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।


৩৬. ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলে ৩৫২ খন আসন লাভ কৰিছিল ।


৩৭. ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ  ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ১১৬ খন আসন লাভ কৰিছিল ।


৩৮.   ভাৰতৰ পঞ্চদশগৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি ।

উত্তৰঃ  ভাৰতৰ পঞ্চদশগৰাকী প্ৰধানমন্ত্ৰীৰ নাম হল নৰেন্দ্ৰ দামোদৰদাস মোডী ।


৩৯. ইন্দিৰা গান্ধীৰ অসাধাৰণ ব্যক্তিত্বৰ বিষয়ে লিখা ।

উত্তৰঃ   ইন্দিৰা গান্ধীৰ উৰ্ধ্বমুখী জনপ্ৰিয়তাৰ এটা অন্যতম কাৰণ  আছিল তেওঁৰ অসাধাৰণ আৰু আকৰ্ষণীয় ব্যক্তিত্ব । পিতৃ জৱাহৰলাল নেহৰুৰ দৰে ইন্দিৰা গান্ধীৰ ব্যক্তিত্বও অতুলনীয় আছিল । ফ্ৰেংক মৰিছৰ মতে শ্ৰী মতী ইন্দিৰা গান্ধী কেৱল কংগ্ৰেছ দলৰে অপ্ৰতিদ্বন্দ্বী নেত্ৰী আছিল, তেওঁৰ দল আৰু তেওঁ অইন কোনোৱে কৰিবলৈ সমৰ্থ নোহোৱা আধিপত্য বিস্তাৰ কৰিব পাৰিছিল । তেওঁৰ সহকৰ্মীসকল আছিল তেওঁৰ প্ৰতিনিধি বা সহায়ক, যিসকল তেওঁৰ উপস্থিতিত কম্পমান হৈ আছিল আৰু তেওঁক মানি চলিছিল ।  ১৯৭১ চনৰ পঞ্চম লোকসভা নিৰ্বাচনত জনসাধাৰণে এই কাৰণেই কংগ্ৰেছক ভোট দিছিল যে, দলটোক নেতৃত্ব প্ৰদান কৰিছিল ইন্দিৰা গান্ধীয়ে । 


৪০.  মৰ্চা চৰকাৰৰ আৰম্ভণিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতীয় ৰাজনীতিত সম্প্ৰতি বহু বছৰৰ পৰা মৰ্চা চৰকাৰ চলি আহিছে । কোনো এটা ৰাজনৈতিক দলে যদি সংসদ বা ৰাজ্যৰ বিধানসভাত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনত অসমৰ্থ হয়, তেতিয়া দুই বা ততোধিক দলে একগোট হৈ এখন সন্মিলিত চৰকাৰ গঠন কৰে । এইধৰণৰ চৰকাৰক সংযুক্ত বা মৰ্চা চৰকাৰ বুলি কোৱা হয় । ভাৰতত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হৈছিল ১৯৫২ চনত গিয়ান সিং বাৰেৱালাৰ নেতৃত্বত পাটিয়ালা এণ্ড ইষ্ট পঞ্জাৱ ষ্টেটছ ইউনিয়নত । ১৯৫৯ চনত উৰিষ্যাত হৰেকৃঞ্চ মেহতাৰ অধীনত দ্বিতীয়খন মৰ্চা চৰকাৰ গঠন হৈছিল । ১৯৬৭ চনৰ পৰা ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হোৱা বুলিব পাৰি ।

Type By- Ali Rani Kakati