গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি 

নৱম অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. কিমান চনৰ পৰা ভাৰতীয় ৰাজনীতিত এটা নতুন পৰিৱৰ্তনৰ সূচনা হয় ।

উত্তৰঃ  ১৯৯০ দশকৰ পৰা ভাৰতীয় ৰাজনীতিত এটা নতুন পৰিৱৰ্তনৰ সূচনা হয় ।


২. কিমান চনত লোকসভা নিৰ্বাচনে ভাৰতৰ ৰাজনীতিত একদলীয় আধিপত্যৰ অৱসান ঘটাই কেন্দ্ৰত বহুদলীয় ব্যৱস্থাৰ আৰম্ভণি কৰে ।

উত্তৰঃ  ১৯৮৯ চনত লোকসভা নিৰ্বাচনে ভাৰতৰ ৰাজনীতিত একদলীয় আধিপত্যৰ অৱসান ঘটাই কেন্দ্ৰত বহুদলীয় ব্যৱস্থাৰ আৰম্ভণি কৰে ।


৩. কিমান চনত ভাৰতৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী ৰূপত উত্থান ঘটে ।

উত্তৰঃ  ১৯৯০ৰ দশকৰ পৰা ভাৰতৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী ৰূপত উত্থান ঘটে ।


৪. ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ কোনে গ্ৰহণ কৰিছিল ।

উত্তৰঃ  ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে ।


৫. কিমান চনত আৰু কাৰ দ্বাৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যাত্ৰা আৰম্ভ হৈছিল ।

উত্তৰঃ  ১৯৭৭ চনত জনতা পাৰ্টিৰ চৰকাৰৰ দ্বাৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যাত্ৰা আৰম্ভ হৈছিল । 


৬. ওলমা সংসদ কাক বোলে ।

উত্তৰঃ  লোকসভাত কোনো এটা দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয়তা সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে বা নোৱাৰা হলে তাকে ওলমা সংসদ বোলে ।


৭.নেচনেল ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হয় ।

উত্তৰঃ  নেচনেল ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় জনমৰ্চাৰ নেতা বিশ্বনাথ প্ৰতাপ সিঙক ।


৮. নেচনেল ফ্ৰন্ট নামৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা স্থাপন কৰা দুটা দলৰ নাম লিখা ।

উত্তৰঃ  নেচনেল ফ্ৰন্ট নামৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা স্থাপন কৰা দুটা দলৰ নাম হল 

ক) জনমৰ্চা ।

খ) জনতা পাৰ্টী ।


৯. মিত্ৰতা ৰাজনীতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ নোহোৱা পৰিস্থিতিৰ উদ্ভৱৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনৰ সময়ত মিত্ৰতা স্থাপনৰ প্ৰৱণতা বৃদ্ধি পাই আহিছে । এই ৰাজনৈতিক অথবা নিৰ্বাচনী মিত্ৰতা দুই ধৰণৰ হব পাৰে । প্ৰথমতে, নিৰ্বাচনৰ সময়ত বিশেষ ৰাজনৈতিক দল কেইটামানেএকগোট হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে , দ্বিতীয়তে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত প্ৰয়োজনসাপেক্ষে এই মিত্ৰতা স্থাপন কৰিব পাৰে । ভাৰতৰ ৰাজনীতিত দুইধৰণৰ মিত্ৰতা পৰিলক্ষিত হয় ।  সাধাৰণতে ৰাজনৈতিক মিত্ৰতা সমভাৱাপন্ন  ৰাজনৈতিক দলৰ মাজত হয় যদিও বৰ্তমান সময়ত মিত্ৰতা স্থাপনৰ ক্ষেত্ৰত মতাদৰ্শতকৈ পৰিস্থিতিগত দিশটোৰ প্ৰতিহে ৰাজনৈতিক দলসমূহে অধিক গুৰুত্ব প্ৰদান কৰা দেখা  গৈছে । সম্প্ৰতি নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিছত ৰাজনৈতিক দলসমূহৰ অনানীতিগত মিত্ৰতা ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্যত পৰিগণিত হৈছে । এই সংক্ৰান্তত নেচনেল ফ্ৰন্টৰ উদাহৰণ দিব পাৰি । এই চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টী আৰু বাওঁ মৰ্চাই । দুই সম্পূৰ্ণ বিপৰীতমুখী মতাদৰ্শৰ গোট বা সংগঠনে মাত্ৰ এটা কাৰণতে নেচনেল ফ্ৰন্ট চৰকাৰলৈ সমৰ্থন আগবঢ়াইছিল আৰু সেয়া হল কংগ্ৰেছৰ উদ্ভৱ ।


১০. কিমান চনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম'ক্ৰেটিক ফ্ৰন্টে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল ।

উত্তৰঃ ১৯৯৯ চনৰ ত্ৰয়োদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম'ক্ৰেটিক ফ্ৰন্টে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল ।


১১. জনতা দলৰ গঠন কিমান চনত কত আৰু কাৰ নেতৃত্বত হৈছিল । 

উত্তৰঃ ১৯৮৮ চনৰ ১১ অক্টোবৰত বাংগালোৰ চহৰত অনুষ্ঠিত এখন সন্মিলনৰ জৰিয়তে জনমৰ্চাৰ নেতা বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত তিনিটা প্ৰধান ৰাজনৈতিক দল একগোট হৈ জনতা দলৰ গঠন হৈছিল ।


১২. জনতা দলত চামিল হোৱা আন দুটা দলৰ নাম লিখা ।

উত্তৰঃ  জনতা দলত চামিল হোৱা আন দুটা দলৰ নাম হল 

ক) জনতা পাৰ্টি ।

খ) লোকদল ।


১৩. জনতা দলৰ নিৰ্বাচিত নেতাজনৰ নাম কি ।

উত্তৰঃ  জনতা দলৰ নিৰ্বাচিত নেতাজনৰ নাম হল বিশ্বনাথ প্ৰতাপ সিং ।


১৪. ভাৰতৰ .নিৰ্বাচন আয়োগে কিমান চনত জনতা দলক দলীয় প্ৰতীক চক্ৰ প্ৰদান কৰিছিল ।

উত্তৰঃ ১৯৮৯ চনৰ ২২ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগে জনতা দলক দলীয় প্ৰতীক চক্ৰ প্ৰদান কৰিছিল ।


১৫.  কিমান চনত আৰু কেইটা দলে নেচনেল ফ্ৰন্ট প্ৰাক নিৰ্বাচনী মিত্ৰতা গঠন কৰিছিল ।

উত্তৰঃ  ১৯৮৮ চনৰ ১৭ ছেপ্তেম্বৰত সাতটা ৰাজনৈতিক দলে নেচনেল ফ্ৰন্ট আৰু নিৰ্বাচনী মিত্ৰতা গঠন কৰিছিল ।


১৬. কিমান চনত নৱম লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৮৯ চনৰ নৱেম্বৰ মাহত নৱম লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।


১৭. নৱম লোকসভা নিৰ্বাচনত জনতা দলে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ  নৱম লোকসভা নিৰ্বাচনত জনতা দলে ১৪১ খন আসন লাভ কৰিছিল ।


১৮. কিমান চনত দশম লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৯১ চনত দশম লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।


১৯. জনতা দলৰ উত্থান আৰু পতনৰ বিষয়ে লিখা ।

উত্তৰঃ  ১৯৮৮ চনৰ ১১ অক্টোবৰত বাংগালোৰ চহৰত অনুষ্ঠিত এখন সন্মিলনৰ জৰিয়তে জনমৰ্চাৰ নেতা বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত তিনিটা প্ৰধান ৰাজনৈতিক দল একগোট হৈ জনতা দলৰ গঠন হয় । জনমৰ্চাৰ বাহিৰে এই নতুন দলটোত চামিল হোৱা আন দল দুটা আছিল ক্ৰমে জনতা পাৰ্টি আৰু লোকদল । অৱশ্যে সভাপতি এইচ এন বহুগুণা নেতৃত্বাধীন লোকদলৰ এটা ফৈদ এই সন্মিলনত অনুপস্থিত আছিল । বিশ্বনাথ প্ৰতাপ সিং সৰ্বসন্মতিক্ৰমে জনতদা দলৰ নেতা নিৰ্বাচিত হয় । কংগ্ৰেছ দলে প্ৰথমাবস্থাত জনতা দলত চামিল হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও পিছলৈ দলটোৱে মত সলনি কৰে । ১৯৮৯ চনৰ ২২ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগে জনতা দলক তেওঁলোকৰ দলীয় প্ৰতীক চক্ৰ প্ৰদান কৰে ।


২০. নিৰ্বাচনী সফলতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৮৮ চনৰ ১৭ ছেপ্তেম্বৰত সাতটা ৰাজনৈতিক দলে নেচনেল ফ্ৰন্ট প্ৰাক নিৰ্বাচনী মিত্ৰতা গঠন কৰিছিল । এই ফ্ৰন্টৰ প্ৰধান উদ্দেশ্য আছিল কেন্দ্ৰৰ পৰা কংগ্ৰেছ দলৰ উদ্ভৱ । কংগ্ৰেছবিৰোধী দলসমূহৰ বাবে এটা অনুকূল পৰিৱেশত ১৯৮৯ চনৰ নৱেম্বৰ মাহত নৱম লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় । এই নিৰ্বাচনত জনতা দলে ১৪১ খন আসন লাভ কৰে । বিশ্বনাথ প্ৰতাপ সিঙক জনতা দল আৰু নেচনেল ফয্ৰন্টৰ সংসদীয় শাখাৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয় । এইদৰে বিশ্বনাথ প্তাপ সিঙে নবছৰৰ মূৰত কেন্দ্ৰত পুনৰ এখন অকংগ্ৰেছী মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰে । আনহাতে ৰাজ্যসমূহতো জনতা দলে উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হয় । ১৯৯০ চনৰ পৰা ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিহাৰ, গুজৰাট আৰু উৰিষ্যাত চৰকাৰ গঠন কৰে ।

জনতা দলৰ এই সফলতাৰ ধাৰা অৱশ্যে অধিক দিন অব্যাহত ৰাখিব নোৱাৰিলে । বিশ্বনাথ প্ৰতাপ সিঙৰ নেচনেল ফ্ৰন্ট চৰকাৰখনমাত্ৰ ১১ মাহ পিছত ভংগ হৈ যায় । সমাজবাদী জনতা পাৰ্টিৰ নেতা চন্দ্ৰশেখৰৰ নেতৃত্বত আৰু কংগ্ৰেছৰ সমৰ্থনেৰে নেচনেল ফ্ৰন্টৰ অইন এখন চৰকাৰ গঠন হয় যদিও ছমাহ পিছত কংগ্ৰেছ দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত চন্দ্ৰশেখৰ চৰকাৰৰো পতন ঘটে । 


২১. জনতা দলৰ অৱনতিৰ দুটা কাৰণ লিখা ।

উত্তৰঃ  জনতা দলৰ অৱনতিৰ দুটা কাৰণ হল 

ক) আভ্যন্তৰীণ কন্দল ।

খ) পুনৰ বিভাজন ।


২২. ভাৰতীয় জনতা পাৰ্টিৰ উত্থানৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনীতিত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টি  দলৰ উত্থান ঘটিছে । ইতিমধ্যে দলটোৱে ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ তিনিবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হোৱাৰ লগত দুবাৰকৈ প্ৰধান বিৰোধী দল হিচাপে কাৰ্যসম্পাদন কৰি আহিছে । আনহাতে কেইবাখনো ৰাজ্যত ক্ষমতা দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ।

১৯৯৬ চনত প্ৰথমবাৰৰ বাবে একক ভাৱে কেন্দ্ৰত চৰকাৰ গঠন কৰি দলটোৱে মাত্ৰ ১৩ দিনহে তিষ্ঠি থাকে । ১৯৯৬ চনত দলটোৰ নেতৃত্বত নেচনেল ডেমক্ৰেটিক এলায়েন্স গঠন কৰা মৰ্চা চৰকাৰখন সাতমাহ আৰু ১৯৯৯ চনৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰখনে পূৰ্ণ কাৰ্যকাল শাসনত প্ৰতিষ্ঠিত হৈ থাকে । ১৯৮০ চনৰ সপ্তম লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত জনতা পাৰ্টিত হোৱা দ্বিতীয়টো বিভাজনৰ ফলত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয় । এই দলটো ১৯৬১ চনত শ্যামসুন্দৰ মুখাৰ্জীৰ নেতৃত্বত গঠিত হোৱা ভাৰতীয় জনসংঘৰ নতুন আৰু সংশোধিত সংস্কাৰ বুলি ধাৰণা কৰা হয় । ভাৰতক এখন আধুনিক গণতান্ত্ৰিক সমাজ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল বুলি দলটোৰ নেতৃবৰ্গই দাবী কৰে । 


২৩. কিমান চনত আৰু কাৰ নেতৃত্বত ভাৰতীয় জনসংঘৰ নতুন আৰু সংশোধিত সংস্কাৰ ধাৰণা বুলি কোৱা হৈছিল ।

উত্তৰঃ  ১৯৫১ চনত শ্যামসুন্দৰ মুখাৰ্জীৰ নেতৃত্বত গঠিত হোৱা ভাৰতীয় জনসংঘৰ নতুন আৰু সংশোধিত সংস্কাৰ ধাৰণা বুলি কোৱা হৈছিল ।


২৪. কিমান চনত অজিত সিঙৰ নেতৃত্বত ২০ জন সাংসদে দলত্যাগ কৰি জনতা দল গঠন কৰে ।

উত্তৰঃ  ১৯৯২ চনৰ আগষ্টত অজিত সিঙৰ নেতৃত্বত ২০ জন সংসদে দল ত্যাগ কৰি জনতা দল গঠন কৰে ।


২৫. কিমান চনত জনতা দল কংগ্ৰেছ দলৰ সৈতে চামিল হয় ।

উত্তৰঃ ১৯৯৩ চনত জনতা দল কংগ্ৰেছ দলৰ সৈতে চামিল হয় ।


২৬. কিমান চনত আৰু কোনে বিজু জনতা দল গঠন কৰে ।

উত্তৰঃ  ১৯৯৮ চনত নবীন পাটনায়কে বিজু জনতা দল গঠন কৰে ।


২৭. কিমান চনত নেচনেল ডেমক্ৰেটিক এলায়েন্স গঠন কৰা হৈছিল ।

উত্তৰঃ   ১৯৯৬ চনত নেচনেল ডেমক্ৰেটিক এলায়েন্স গঠন কৰা হৈছিল ।


২৮. ভাৰতীয় জনতা পাৰ্টি কেইটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত আৰু কি কি ।

উত্তৰঃ  ভাৰতীয় জনতা পাৰ্টি পাচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত যেনে 

সুচিতা, সুৰক্ষা, স্বদেশী সাংস্কৃতিক, সামাজিক সমাৰাচাতা, আৰু হিন্দুত্ব । 


২৯. সাংস্কৃতিক জাতীয়তাবাদ কি ।

উত্তৰঃ  সাংস্কৃতিক জাতীয়তাবাদ হল ৰামধেনু যিয়ে ভাৰতৰ বৰ্তমান আৰু গৌৰৱময় অতীতৰ মাজত সেতু নিৰ্মাণ কৰিব আৰু এই সেতুই এক সম গৌৰৱময় ভৱিষ্যতৰ পথ নিৰ্মাণ কৰিব ।


৩০. কিমান চনত কোনে আৰু কত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰিছিল ।

উত্তৰঃ ১৯৮০ চনৰ পাচ এপ্ৰিলত জনসংঘৰ প্ৰাক্তন সদস্যসকলে দিল্লীত এখন দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰিছিল । 


৩১. কিমান চনত ভাৰতৰ নিৰ্বাচন আয়োগে বাজপেয়ীৰ দলটোক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিছিল ।

উত্তৰঃ  ১৯৮০ চনৰ ২৪ এপ্ৰিলত ভাৰতৰ নিৰ্বাচন আয়োগে বাজপেয়ীৰ দলটোক ৰাষ্ট্ৰীয় দল হিচাপে স্বীগকৃতি দিছিল ।


৩২. নিৰ্বাচনী সফলতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৮০ আৰু ১৯৮৩ চনৰ ৰাজ্য বিধানসভাৰ  নিৰ্বাচনত ভাৰতীয় জনতা  পাৰ্টিয়ে অংশগ্ৰহণ কৰে যদিও কোনো এখন ৰাজ্যত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে । এই ব্যৰ্থতাৰ ফলতে দলটোৰ দললটোৰ ভৱিষ্যত সম্পৰ্কে সংশয়ৰ সৃষ্টি হয় । ১৯৮৪ চনৰ ডিচেম্বৰত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত দলটোৱে মাত্ৰ দুখন আসনহে দখল কৰে ।

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে উন্নত প্ৰদৰ্শন আগবঢ়াই ৮৫ খন আসন লাভ কৰিবলৈ সমৰ্থ হয় । ইয়াৰ লগতে দলটোৱে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা দখল কৰে । দলটোৱে কংগ্ৰেছৰ বিকল্প হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট চেষ্টা চলায় । ১৯৮৯ চনত দলটোৱে কেন্দ্ৰত নেচনেল ফ্ৰন্ট চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছিল । ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশত নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে । ১৯৯১ চনৰ দশম লোকসভা নিৰ্বাচনত দলটোৱে ১১৯ খন আসন লাভ কৰিবলৈ সমৰ্থ হয় ।


৩৩. দ্বাদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে কিমানখন আসন লাভ কৰিছিল ।

উত্তৰঃ  দ্বাদশ লোকসভা নিৰ্বাচনত ভঙাৰতীয় জনতা পাৰ্টিয়ে ১৮২ খন আসন লাভ কৰিছিল ।


৩৪. ২০০৯ চনৰ পঞ্চদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ আসনৰ সংখ্যা কিমান হৈছিলগৈ ।

উত্তৰঃ  ২০০৯ চনৰ পঞ্চদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ আসনৰ সংখ্যা হৈছিলগৈ ১১৬  খন ।


৩৫. পঞ্জাৱত থকা আঞ্চলিক দলটোৰ নাম কি ।

উত্তৰঃ  পঞ্জাৱত থকা আঞ্চলিক দলটোৰ নাম হল আকালি দল ।


৩৬. অন্ধ্ৰপ্ৰদেশত থকা আঞ্চলিক দলটোৰ নাম কি ।

উত্তৰঃ  অন্ধ্ৰপ্ৰদেশত থকা আঞ্চলিক দলটোৰ নাম হল তেলেগু  দেশম ।


৩৭. আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কেইটামান কাৰণৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ  আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কেইটামান কাৰণৰ বিষয়ে তলত আলোচনা কৰা হল 

ক) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি ঃ কংগ্ৰেছ দলৰ সংগঠন আৰু মতাদৰ্শ শক্তিশালী হৈ থকা সময়ত আঞ্চলিক দলসমূহৰ অস্তিত্ব বাস্তৱিক অৰ্থত প্ৰায় নাছিল বুলিব পাৰি । কংগ্ৰেছ দলৰ স্থিতি দুৰ্বল হৈ যোৱাৰ লগে লগে আঞ্চলিক দলসমূহৰ উত্থান আৰম্ভ হয় ।

খ) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদঃ ভাৰতীয় সমাজৰ সাংস্কৃতিক -জাতিগত- ধৰ্মীয় - ভাষিক ভিন্নতাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰে ।

গ) আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশাঃ আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি । ভাৰতত আঞ্চলিকতাবাদী মানসিকতা বৃদ্ধি হৈ অহাৰ লগে-লগে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাই আহিছে । প্ৰকৃততে এই দলসমূহে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো শক্তিশালী কৰাত বিশেষভাৱে অৰিহণা যোগাইছে । আকৌ বিভিন্ন অঞ্চলৰ প্ৰতি কেন্দ্ৰই কৰি অহা অৱহেলাৰ বাবে বিভিন্ন আঞ্চলিক দলৰ আৱিৰ্ভাৱ ঘটি আহিছে । আকালি দল, অসম গণ পৰিষদ, তেলেগু দশম, ডি.এম, কে আদি হৈছে ইয়াৰ জলন্ত উদাহৰণ ।

ঘ) এটা দলৰ শাসনৰ অৱসানঃ এটা দলৰ আধিপত্যৰ সমাপ্তি আঞ্চলিক দলসমূহৰ ক্ৰমবৰ্ধমান ভূমিকাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণ । বিগত আঠটা লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই  । এই মূহুৰ্তত কেন্দ্ৰত একদলীয় চৰকাৰৰ দিন সমাপ্ত হল বুলিব পাৰি । বৰ্তমানৰ মৰ্চা চৰকাৰৰ দিনত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা বৃদ্ধি পাইছে । আঞ্চলিক দলৰ সহায় অবিহনে কেন্দ্ৰত চৰকাৰ গঠন কৰাতো প্ৰায় অসম্ভৱ । 


৩৮. কিমান চনত আৰু কোনে বহুদলীয় এন ডি এ চৰকাৰৰ উমৈহতীয়া ইস্তাহাৰ প্ৰকাশ কৰে

উত্তৰঃ ১৯৯৯ চনৰ ১৬ আগষ্টত অটল বিহাৰী বাজপেয়ীয়ে বহুদলীয় এন ডি এ চৰকাৰৰ উমৈহতীয়া ইস্তাহাৰ প্ৰকাশ কৰে । 



৩৯. নেচনেল ডেমক্ৰেটিক চৰকাৰৰ কেইটামান নীতি আৰু কৰ্মসূচীৰ বিষয়ে লিখা ।

উত্তৰঃ  নেচনেল ডেমক্ৰেটিক চৰকাৰৰ  কেইটামান নীতি আৰু  কৰ্মসূচী হল 

ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰ ভাৰতীয় জাতিটোক ভূখ , ভয়, আৰু দুৰ্নীতি আদি এই তিনিটা অভিশাপৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

খ) চৰকাৰখনে আৰক্ষী আৰু অন্যান্য অসামৰিক সেৱাসহ প্ৰশাসনীয় সংস্কাৰৰ প্ৰতিশ্ৰুতি দিয়ে ।

গ) মৰ্চা চৰকাৰখন বিধানমণ্ডলসহ নিৰ্বাচনৰ জৰিয়তে গঠিত হোৱা সকলোধৰণৰ সংগঠনৰ কাৰ্যকাল পাঁচ বছৰৰ নিৰ্দিষ্ট কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব ।

ঘ) চৰকাৰখনে নিবনুৱা সমস্যা দুৰীকৰণ কৰিব ।

ঙ) এই চৰকাৰখনে সংখ্যালঘুসকলৰ প্ৰতি বন্ধুত্বমূলক সহায় আগবঢ়াব ।

চ) চৰকাৰখনে নিৰ্বাচনী সংস্কাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।


৪০. এন ডি এ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ এন ডি এ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হল অটল বিহাৰী বাজপেয়ী । 


Type By- Ali Rani Kakati