গছ

Lesson 13

(ক) কোনে কি খায় আঁচ টানি লগ লগোৱা : বাঘ ওখ গছৰ পাত বান্দৰ মাছ হাতী ঘাঁহ মেকুৰী ভেকুলী শহাপহু হৰিণ

হাঁহ কেঁচু সাপ কল গাজৰ জিৰাফ কলগছ গৰু

(খ) খালী ঠাইত তিনিবিধকৈ উদ্ভিদ আৰু ফলৰ নাম লিখাঃ (১) গুটিৰ পৰা হোৱা গছ (২) ডালৰ পৰা হোৱা গছ (৩) এগুটীয়া ফল (৪) বহুগুটীয়া ফল (৫) মূল গছৰ পৰা গজালি ওলাই হোৱা গছ


(গ) টেঙা ফলত শুদ্ধ চিন দিয়াঃ (১) কল, কঁঠাল, কৰদৈ, অমিতা

(২) নাচপতি, জলফাই, আম, জামু। (৩) লিচু, আপেল, সুমথিৰা, ৰবাব। (৪) নেমু, ঔটেঙা, খাজুৰি, আঙুৰ । (৫) মধুৰি-আম, নাৰিকল, বগৰী, অমৰা। (৬) থেকেৰা, মাটি কঁঠাল, ডালিম, পনিয়ল।

(ঘ) প্ৰশ্নৰ উত্তৰ লিখাঃ (১) আমাৰ দৈনিক আহাৰত খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা ।

(২) গোলাপ, তগৰ কি জাতীয় গছ?

(৩) মাংস খোৱা জন্তুক কি বোলে ?


(৪) পাতৰ পৰা পুলি ওলাই হোৱা গছবিধৰ নাম কি?

(৫) লতা কাক বোলে ?


Type By- Pal Bora