জীৱনৰ  ৰং

জীৱনৰ মায়া ধৰিব নোৱাৰা

পলকতে হৈ যায় সকলো নিথৰুৱা

জীয়াই আছো জীৱন এটি আশা লৈ 

যাম এৰি জীৱন এটি ব্যাথা লৈ 

দুদিনীয়া জীৱনত দুখ কিহৰ কৰা 

প্ৰতিটো দিন আনন্দ উল্লাসেৰে পাৰ কৰা 

অতি মূল্যৱান জীৱনৰ যাত্ৰা 

প্ৰতিটো খোজত আছে বিপদৰ ছাঁয়া

বিপদৰ ছাঁয়া দেখি থমকি নৰবা

আত্মবিশ্বাসেৰে আগুৱাই যাবা

হ'বা সফল এদিন বিপদক নেওচি 

ল'ব জীৱনে তেতিয়া তোমাক আকোঁৱালি

নকৰিবা কাকো অৱহেলা জীৱনত 

তাৰ সমান পাপ নাই এই জীৱনত

আনৰ সুখত সুখী, আনৰ দুখত দুখী হোৱা যদি

নিশ্চয় পাবা এদিন জীৱনৰ ৰংটি।

জীৱনৰ ৰং মানে নহয় দুখ বিষাদ

জীৱনৰ ৰং মানে নহয় হায় কাজিয়া 

জীৱনৰ ৰং মানে নহয় হিংসা-শত্ৰুতা 

জীৱন মাত্ৰ এটি শব্দ, কিন্তু ইয়াৰ আছে বিশাল অৰ্থ।