কুকুৰা

জাতিঃ কুকুৰাক চৰাই বুলিয়েই কোৱা হয়। কুকুৰাৰ জাতি দুটা। এটা ঘৰচীয়া আৰু আনটো হ'ল বনৰীয়া ।

আকৃতিঃ কুকুৰাৰ ঠোটটো সৰু আৰু অলপ বেকা ধৰণৰ। ইয়াৰ ডিঙি চুটি। গোটেই গাটো সৰু সৰু পাখীৰে ঢাক খোৱা ৷ কুকুৰাৰ মূৰত এটা ধুনীয়া ফুল থাকে। ঠোঁটটোৰ তলফালেও এটা ৰঙা ফুল থাকে। কুকুৰাৰ ঠেং দুখনত নখ ৩ টা থাকে । দুটা নখ আগফালে থাকে আৰু এটা নখ ঠেঙৰ পাচফালে অলপ ওপৰত থাকে। কুকুৰাৰ নখবোৰ টান আৰু ভোটা ৷ মতা কুকুৰাৰ পিচ ফানকোচা দেখিবলৈ বৰ ধুনীয়া ।

স্বভাবঃ কুকুৰা দিনত চৰি ফুৰে। জাবৰ জোথৰ আদি খুচৰি কেচু কুমতি আদি খায়। ইয়াৰ উপৰিও ধান, মাহ, গছৰ পাত, ঘেঁহুৰ বাকলি আদি খায়। ৰাতি হলে কুকুৰাই নিজৰ বাহত সোমাই থাকে ৷ মাইকী কুকুৰাই এবাৰত এটাকৈ কণী পাৰে। প্ৰহৰ অনুসৰি কুকুৰাই ডাক দিয়ে। ই বৰ ওপৰলৈ উৰিব নোৱাৰিলেও গছৰ ডালত নাইবা ঘৰৰ চালত উঠি ডাক দিয়ে।

বৰণঃ ৰঙা, বগা, ক'লা, পখৰা আদি নানা বৰণৰ কুকুৰা দেখিবলৈ পোৱা যায় ৷

উপকাৰিতাঃ  কুকুৰাৰ কণী আৰু মাংস সকলো মানুহৰ কাৰণেই বৰ উৎকৃষ্ট খাদ্য। কুকুৰাৰ পাখিৰ পৰা বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰি। আমাৰ ঘৰৰ চৌপাশে থকা লেতেৰা আবৰ্জনা বোৰ খাই কুকুৰাই বৰ উপকাৰ কৰে। আজিকালি প্ৰায়বোৰ ঠাইতে মানুহে কুকুৰাৰ ফাৰ্ম খুলি ব্যৱসায় আৰম্ভ কৰি লাভবান হৈছে।