ব্যায়াম

Chapter - 5


১। চমু উত্তৰ লিখা –

( ক ) নির্বলী মানুহৰ স্বাস্থ্য কেনেধৰণৰ হয় ? 

উত্তৰঃ  নির্বলী মানুহৰ স্বাস্থ্য আলসুৱা  হয় ।


( খ ) পাঠটিত উল্লিখিত বিৰিংগ পুৰুষ গৰাকীৰ নাম কি আছিল ?

উত্তৰঃ পাঠটিত উল্লিখিত বিৰিংগ পুৰুষ গৰাকীৰ নাম চেণ্ডো চাহাব  আছিল ।


( গ ) ব্যায়াম আমি কেনেদৰে আৰু কেতিয়া কৰিব লাগে ? 

উত্তৰঃশৰীৰৰ অংগবােৰ চলালেই অর্থাৎ হাত , ভৰি , কঁকাল , আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়। ব্যায়াম কৰাৰ পদ্ধতি আছে ।। ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে সুস্থ মনে চিন্তা কৰিব লাগে । চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে । ব্যায়াম কৰোঁতে শৰীৰৰ যি অংগ দুর্বল তাৰ ওপৰত মন থাপি আৰু ভিৰ পেলাই ব্যায়াম কৰা উচিত । কেবাটাও অংগ দুর্বল থাকিলে একেবাৰে আটাইবােৰ সবল কৰিবলৈ চেষ্টা নকৰি এটা এটাকৈ কৰা উচিত । ব্যায়ামৰ ফল একে দিনে বা একে মাহে লাভ কৰিব নােৱাৰি , লাহে লাহে তাৰ ফল দেখা যায় । এতেকে দুই চাৰি মাহত উন্নতি নেদেখিলে ব্যায়াম এৰি দিয়া উচিত নহয় । ব্যায়াম কৰাৰ সময় – অসময় নাই ; পুৱা , গধূলি , দিন – নিশা সকলাে সময়তে তাক অভ্যাস কৰিব পাৰি ; কেৱল শুদা বা ভৰা পেটত কৰা অযুগুত ।বেমাৰ বা ভাগৰুৱা হৈ থাকিলে ব্যায়াম কৰিব নালাগে ।


( ঘ ) চেণ্ডো চাহাব কোন আছিল ? 

উত্তৰঃ চেণ্ডো চাহাব ব্যায়ামৰ প্রখ্যাত ওজা আছিল ।


( ঙ ) ঘৰচীয়া জন্তুতকৈ বনৰীয়া জন্তু বেছি শকত আৰু বলৱান হয় কিয় ? 

উত্তৰঃ ঘৰচীয়া জন্তুতকৈ বনৰীয়া জন্তুৰ ভিতৰত ব্যায়ামৰ প্ৰচলন বেছি , সেইবাবেই বনৰীয়া জন্তুবােৰ ঘৰচীয়া জন্তুতকৈ বেছি শকত আৰু বলৱান । 


(চ ) চেণ্ডো চাহাবে কাক মল্লযুদ্ধত পৰাজয় কৰি কি নাম পাইছিল ? 

উত্তৰঃ চেণ্ডো চাহাবে বলী প্রধান সিংহক মল্ল যুদ্ধত পৰাজয় কৰি নৰসিংহ নাম পাইছিল । 


( ছ ) চেণ্ডো চাহাবৰ মতে কেনে লােকে ব্যায়াম কৰিব পাৰে ? 

উত্তৰঃ চেণ্ডো চাহাবৰ মতে ল’ৰা ,বুঢ়া , ডেকা সকলােৱে ব্যায়াম কৰিব পাৰে ।


( জ ) ব্যায়ামৰ ফল পাব পৰা তিনিবিধ খেলৰ নাম লিখা । 

উত্তৰঃ ব্যায়ামৰ ফল পাব পৰা তিনিবিধ খেল হৈছে — ফুটবল , বেছবল আৰু বেডমিণ্টন । 

( ঝ ) উদগতি কৰিব খােজা মানুহে কেনেধৰণৰ খেল খেলা উচিত ? 

উত্তৰঃ উতি কৰিব খােজা মানুহে বেছবল , ফুটবল আদিৰ দৰে বলদায়ক খেল খেলা উচিত ।


 ২। ব্যায়াম কৰাৰ ফলত আমাৰ কি লাভ হয় বহলাই লিখা । 

উত্তৰঃ ব্যায়াম কৰিলে নিছলা শৰীৰ শকত , লাহি কলিজা ডাঙৰ হয় আৰু তেজৰ বেগ খৰ হৈ উঠে । ব্যায়ামৰ দ্বাৰা ৰােগ ব্যাধিৰ পৰাও হাত সাৰিব পৰা যায় । ব্যায়ামৰ এক আচৰিত গুণ হৈছে ইয়াৰ দ্বাৰা মানুহে অদ্ভুত ক্ষমতা লাভ কৰে ।। নিয়মিত ব্যায়াম অভ্যাস কৰি শৰীৰৰ বল বঢ়াব পৰা যায় ।  ব্যায়াম কৰাৰ ফলত শৰীৰ সুগঠিত হয় আৰু মনলৈ স্থিৰতা আহে । গতিকে ব্যায়াম কৰাৰ ফলত আমাৰ বহুতাে লাভ হয় । 


 ৩। প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা – 


( ক ) স্বাস্থ্য নহ’লে বল সঞ্চয় কৰা টান আৰু বল নহ’লে স্বাস্থ্য ৰক্ষা কৰা টান । 

উত্তৰঃক্ত বাক্যটি সত্যনাথ বৰাদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ’ নামৰ পাঠটিৰ পৰা তুলি লোৱা কৰা হৈছে । 

স্বাস্থ্য আৰু বল দুয়ােটা , ইটোৰ লগত যে সিটো জৰিত  সেই প্রসংগতে লেখকে উক্ত কথাখিনি কৈছে । 

মানুহৰ শৰীৰৰ বাবে স্বাস্থ্য আৰু বল দুয়ােটাৰে প্রয়ােজন । বল আৰু স্বাস্থ্য একে বস্তু নহ’লেও সিহঁতে দুয়ােকে দুয়াে সহায় কৰে । স্বাস্থ্য নহ’লে  বল সঞ্চয় কৰা টান আৰু বল নহ’লে স্বাস্থ্য ৰক্ষা কৰা টান । বলৱন্ত মানুহৰ স্বাস্থ্যও ভাল হয় , অনিয়ম , অকথাই বলৱন্ত মানুহৰ স্বাস্থ্য দোঁ খুৱাব নােৱাৰে । কিন্তু নির্বলী মানুহৰ স্বাস্থ্য আলসুৱা ; নিয়মৰ অলপ ইফাল – সিফাল হলেই সি দো খায়। এতেকে স্বাস্থ্য অটুট ৰাখিবলৈ বল লাগে । 



( খ ) চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে ৷ 

উত্তৰঃক্ত বাক্যটি সত্যনাথ বৰদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ‘ নামৰ পাঠটিৰ পৰা তুলি লোৱা  কৰা হৈছে । 

ব্যায়ামৰ লগত চিন্তা বা মনৰ যে এক সম্পর্ক আছে , তাকেই লেখকে ইয়াৰ জৰিয়তে ক’ব বিচাৰিছে । 

 অকল শৰীৰৰ অংগ সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয় ।শৰীৰৰ অংগবােৰ চলালেই অর্থাৎ হাত , ভৰি , কঁকাল , আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়। ব্যায়াম কৰাৰ পদ্ধতি আছে ।। ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে সুস্থ মনে চিন্তা কৰিব লাগে । চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে ।  ব্যায়ামত মনৰাে বিশেষ কার্য আছে । ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তৰ্গত মনে চিন্তা কৰিব লাগে।শৰীৰৰ বিশেষ কোনাে অংগ সুস্থ – সবল কৰাৰ বাবে যদি ব্যায়াম কৰা হয় , তেনেহ’লে ব্যায়াম কৰা সময়ত সেই অংগটোৰ ওপৰত বিশেষভাবে মন দিব লাগিব , তেতিয়াহে সুফল পােৱা যাব ।

 


( গ ) অপৰিমিত ৰূপত ব্যায়াম কৰা অযুগুত ।

উত্তৰঃ  উক্ত বাক্যটি সত্যনাথ বৰদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ‘ নামৰ পাঠটিৰ পৰা তুলি লোৱা  কৰা হৈছে । 

প্রয়ােজন অনুসাৰে পৰিমিত ৰূপত কৰা ব্যায়ামেহে যে প্রকৃততে আমাৰ উপকাৰ সাধন কৰে , অপৰিমিত ব্যায়ামে অন্যায়হে কৰে , তাকেই লেখকে উক্ত বাক্যটিৰ দ্বাৰা বুজাব খুজিছে । 

শৰীৰ সুস্থ সবল আৰু নিৰােগী কৰি ৰাখিবলৈ হ’লে ব্যায়াম কৰাটো নিতান্ত প্রয়ােজন । কিন্তু কি পৰিমানৰ ব্যায়াম কৰা উচিত , সেই বিষয়ে আমাৰ — জ্ঞান থকা দৰকাৰ । কাৰণ , প্রয়ােজনতকৈ অধিক ব্যায়ামে অপৰিমিত ভােজনৰ নিচিনা শৰীৰত কুফলহে ফলায় । এদিন সৰহকৈ ভােজন কৰিলে যি দৰে শৰীৰ কেতিয়াও পুষ্ট নহয় , সেইদৰে এদিন সৰহকৈ ব্যায়াম কৰিলে শৰীৰ কদাপি শকত নহয়; বৰং ৰােগ ব্যাধি হ’বৰ আশংকা থাকে । সেয়েহে , সদায় পৰিমিত ৰূপত ব্যায়াম কৰা উচিত । 


প্রশ্ন ৪। খালী ঠাই পূৰ কৰা –

( ক ) ব্যায়াম এটা ____ব্যৱস্থা ।

উত্তৰঃ স্বভাৱৰ । 

( খ ) ____ বা ____ পেটত ব্যায়াম কৰা অযুগুত । 

উত্তৰঃ শুদা বা ভৰা ।

( গ ) ব্যায়াম কৰা মানুহে _____ ব্যায়াম কৰিব লাগে । 

উত্তৰঃ চিৰকাল । 

( ঘ ) ঘোঁৰা দৌৰিলে সমস্ত শৰীৰ ____ হয়।

উত্তৰঃ সঞ্চালিত ।


৫। চমুটোকা লিখা –

( ক ) চেণ্ডো চাহাব ।

উত্তৰঃ  চেণ্ডো চাহাব এগৰাকী ব্যায়ামৰ প্রখ্যাত ওজা । চেণ্ডো চাহাব পূর্বে নিচেই নিশকতীয়া মানুহ আছিল , পিছে ব্যায়াম অভ্যাস কৰি তেওঁ বিখ্যাত হৈ পৰিছিল । তেওঁ পৃথিৱীৰ বহু ঠাইত মনুষ্যদুর্লভ প্রতাপ দেখুৱাই অক্ষয় খ্যাতি লাভ কৰিছে । তেওঁৰ শৰীৰ বলৰ কথা শুনিলে বিস্ময় মানিব লাগে । বলী প্রধান সিংহকো তেওঁ মল্লযুদ্ধত পৰাস্ত কৰি ‘ নৰসিংহ ’ নাম পাইছিল । 


( খ ) মল্লযুজ । 

উত্তৰঃ মল্লযুদ্ধ এবিধ অতি আকর্ষণীয় প্রতিদ্বন্দিতা । প্রাচীন কালত ৰজা – মহা ৰজাৰ পৃষ্ঠাপােষকতাত মল্লযুদ্ধ অনুষ্ঠিত হৈছিল ৷ অতি জনপ্রিয় আৰু আকর্ষণীয় এই খেল বিধ বর্তমান পৃথিৱীৰ প্রায় সকলাে দেশতে প্রচলিত হৈ আছে । ইয়াক মালযুঁজ বুলিও কোৱা হয় । ইয়াত অংশগ্রহণকাৰী সকলক মাল , মল্ল বা মল্লবীৰ বােলে । অতি বলৱান আৰু সু – স্বাস্থ্যৰ অধিকাৰী লােকেহে উপযুক্ত প্রশিক্ষণ আৰু কঠোৰ অনুশীলনৰ মাজেৰে এজন মল্লযােদ্ধা হৈ উঠিব পাৰে ।


( গ ) ব্যায়াম । 

উত্তৰঃ স্বাস্থ্যৰ উন্নতিৰ অৰ্থে নিয়মিত অংগ – চালনাকে ব্যায়াম বুলি কোৱা হয় । ব্যায়ামৰ পৰা নিচলা শৰীৰ কাকত , লাহি কলিজা ডাঙৰ হয় । আৰু তেজৰ বেগ খৰ হৈ উঠে । ব্যায়াম অভ্যাস কৰি শৰীৰ বল বঢ়াব পাৰি । ব্যায়ামৰ প্রখ্যাত ওজা চেণ্ডো চাহাবৰ মতে ল’ৰা বুঢ়া , ডেকা সকলােৱে ব্যায়াম কৰিব পাৰে । ব্যায়ামৰ কোনাে সময় – অসময়াে নাই ; পুৱা , গধূলি , দিন – নিশা সকলাে সময়তে ব্যায়াম অভ্যাস কৰিব পাৰি । ব্যায়ামৰ লগত মনৰাে বিশেষ কার্য আছে । চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে । ব্যায়াম সদায় পৰিমিত ভাবে কৰা উচিত । অপৰিমিত ব্যায়ামে অপৰিমিত ভােজনৰ নিচিনা শৰীৰত কুফলহে ফলায় ।


 ৬। বিপৰীত অর্থ লিখা –

          বলী , সঞ্চয় , প্রখ্যাত , অক্ষয় , উপকাৰ , উদগতি । 

উত্তৰঃ  

বলী         –      নির্বলী , দুর্বল । 

সঞ্চয়        –      অপচয় ।

 প্রখ্যাত      –      অখ্যাত । 

অক্ষয়       –      ক্ষয়িষ্ণু । 

উপকাৰ    –      অপকাৰ । 

 উদ্‌গতি     –     অধােগতি । 


 ৭। বাক্য ৰচনা কৰা –

          আলসুৱা , নিশকতীয়া , বুদ্ধিমন্ত , অক্ষয় । 

উত্তৰঃ

 আলসুৱা :- তাই  ইমান আলসুৱা যে অলপাে কষ্ট কৰিব নােৱাৰে ।

নিশকতীয়া :- নিয়মিত কৰিলে নিশকতীয়া শৰীৰ সবল হয় । 

বুদ্ধিমন্ত :-ৰামৰ বুদ্ধিমন্ত বাবেই ইমানখিনি কাম কম সময়তে কৰিব পাৰিছে ।

অক্ষয় :- শিৱসাগৰৰ  ৰং ঘৰটো  এটা অক্ষয়  কীর্তি । 


Check by - Mukesh Borah