আমাৰ পৰিৱেশ

1. তলৰ কোনটো কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ ? 

(a) বনাঞ্চল 

(b) পুখুৰী 

(c) হ্রদ 

(d) শস্য পথাৰ 

উত্তৰ : (d) শস্য পথাৰ 

2. খাদ্য-শৃংখলত তৃতীয়ক পৌষ্টিক স্তৰটোত সদায় কোন প্ৰকাৰৰ প্ৰাণী পোৱা যায় ? 

(a) উৎপাদক 

(b) মাংসভোজী 

(c) তৃণভোজী 

(d) বিয়োজক 

উত্তৰ ঃ (b) মাংসভোজী 

3. তলৰ কোনটোৰ বাবে অ'জন স্তৰৰ অৱক্ষয় ঘটে? 

(a) ক্লৰ ফুৰ' কার্বন 

(b) কার্বন মন'ক্সাইড 

(c) মিথেন 

(d) কীটনাশক দৰৱ 

উত্তৰ : (a) ক্লৰ’ফ্লুৰ' কাৰ্বন 

4. পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায়— 
 
(a) একমুখী হয় 

(b) দ্বিমুখী হয় 

(c) বহু দিশত হয় 

(d) কোনো নির্দিষ্ট দিশ নাই 

উত্তৰ ঃ (a) একমুখী হয়

5. চিত্ৰত দেখুওৱা বিভিন্ন পৌষ্টিক স্তৰত শক্তিৰ পিৰামিড দেখুওৱা হৈছে। কোনটো পৌষ্টিক স্তৰত সৰ্বোচ্চ পৰিমাণৰ শক্তি পোৱা যায়? 
 
(a) T. 

(b) T. 

(c) T, 

(d) T, 

উত্তৰ ঃ (c) T, ত 

6. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে? 

(a) ঘাঁহ, ফুল আৰু চামৰা 

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক 

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস 

(d) পিঠা, কাঠ আৰু ঘাঁহ 

উত্তৰ : (d) পিঠা, কাঠ আৰু বাহ। 

7. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? 

(a) ঘাঁহ, ঘেঁহু আৰু আম 
 
(b) ঘাঁহ, ছাগলী আৰু মানুহ 

(c) ছাগলী, গৰু আৰু হাতী 

(d) ঘাঁহ, মাছ আৰু ছাগলী 

উত্তৰ : (b) ঘাঁহ, ছাগলী আৰু মানুহ। 
 
8. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত? 
 
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস। 
 
(b) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ্ছ (Switch) বন্ধ কৰি ৰখা অভ্যাস।

(c) তোমাক মাৰাই স্কুটাৰেৰে বিদ্যালয়লৈ অনা- নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱাৰ অভ্যাস । 
 
(d) ওপৰৰ আটাইকেইটা অভ্যাস । 
 
উত্তৰ : (d) ওপৰৰ আটাইকেইটা অভ্যাস।