কাৰ্বণ আৰু তাৰ যৌগ


1. কাৰ্বনৰ যৌগৰ বাবে তলৰ কোনটো উক্তি সত্য ? (1) কাৰ্বন বিদ্যুতৰ সু-পৰিবাহী (2) সিহঁতৰ অণুৰ মাজত শক্তিশালী আকর্ষণীয় বল নাথাকে (3) বিদ্যুতৰ কু-পৰিবাহী (4) সিহঁতৰ অণুৰ মাজত শক্তিশালী আকর্ষণ বল থাকে (a) (1) আৰু (4) (b) (3) আৰু (4) (c) (1) আৰু (2) (d) (2) আৰু (3) উত্তৰ : (d) (2) আৰু (3)

2. তলৰ কোনটো অসংপৃক্ত যৌগ— (1) প্রপেন

(2) প্রপিন (3) প্রপাইন

(4) ক্ল'ৰ'যৌগ (a) (1) আৰু (2) (b) (2) আৰু (4) (c) (3) আৰু (4)

(d) (2) আৰু (3) উত্তৰ : (d) (2) আৰু (3)

3. সাধাৰণ উষ্ণতাত ক্ল'ৰিনে কাৰ উপস্থিতিত সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব?

(a) পানীৰ উপস্থিতিত (b) সূৰ্যৰ পোহৰৰ অনুপস্থিতিত (c) সূৰ্যৰ পোহৰৰ উপস্থিতিত (d) হাইড্ৰ'ক্ল'ৰিক এছিডৰ উপস্থিতিত উত্তৰ : (c) সূৰ্যৰ পোহৰৰ উপস্থিতিত

4. চাবোনৰ অণুত আছে—
(a) জল স্নেহী মূৰ আৰু জলবিকর্ষি নেজ (b) জলস্নেহী মূৰ আৰু জলস্নেহী নেজ (c) জলবিকর্ষি মূৰ আৰু জলস্নেহী নেজ

(d) জলবিকৰ্ষি মূৰ আৰু জলবিকর্ষি নেজ উত্তৰ : (a) জল স্নেহী মূৰ আৰু জলবিকর্ষি নেজ।

5. ইথানয়িক এছিড শীতকালত প্ৰায় গোট মাৰে। তেতিয়া ইয়াৰ নাম হয়গৈ —
(a) গ্লেচিয়েল এচেটিক এছিড (b) এচেটিক এছিড (c) হাইড্ৰ'ক্ল'ৰিক এছিড

(d) কার্বক্সিলিক এছিড উত্তৰ : (a) গ্লেচিয়েল এচেটিক এছিড

6. গোটা ছ'ডিয়াম কার্বনেটত কেইটোপালমান ইথানয়িক এছিড ঢালি দিয়া হ'ল। পর্যবেক্ষণত পোৱা গ'ল যে,
(a) মুগা ধোঁৱা উৎপন্ন হ'ল (b) নাক জনজনাই যোৱা গোন্ধৰ গেছ উৎপত্তি হ'ল (c) গেছৰ শব্দৰ সৃষ্টি হ'ল (d) গেছৰ বুৰবুৰণি সৃষ্টি হ'ল। উত্তৰ : (d) গেছৰ বুৰবুৰণি সৃষ্টি হ'ল।

7. CH3 -CH2 -CHO যোগটোৰ নাম হৈছে -

(a) প্ৰ'পেন

(b) ইথানেল

(c) প্ৰপানেল

(d) ইথানল

উত্তৰঃ (c) প্ৰপানেল

8. তলৰ কোনটো শ্ৰেণী সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় ?

(a) C4H8

(b) C2H6

(c) C3H8

(d) CH4

উত্তৰঃ (a) C4H8

9.  নিকেল (Ni) নাই বা পেলেডিয়াম (Pd) ৰ উপস্থিতিত হাইড্ৰ'জেনৰ সৈতে তেলে বিক্রিয়া কৰি চৰ্বি উৎপন্ন কৰে। এই বিক্ৰিয়াৰ উদাহৰণ হৈছে—

(a) যোগাত্মক বিক্রিয়া (b) প্রতিস্থাপন বিক্রিয়া
(c) অপসাৰণ বিক্রিয়া (d) জাৰণ বিক্রিয়া উত্তৰ: (a) যোগাত্মক বিক্রিয়া

10. চাৰিটা কাৰ্বনৰ যৌগ বিউটান নত থকা কাৰ্য্যকৰী মূলক হ'ল-

(a) কার্বক্সিলিক এছিড (b) এলডিহাইড (c) কিটন (d) এলকহল উত্তৰঃ (c) কিট'ন

11. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে, কিয়নো (a) খাদ্য ভালদৰে নিসিজিল। (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ।

(c) ইন্ধনটো সিক্ত। (d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় । উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

12. ইথেন (C2H6) অণু এটাত

(a) 6 টা সহযোজী বান্ধনি আছে। (b) 7 টা সহযোজী বান্ধনি আছে। (c) ৪ টা সহযোজী বান্ধনি আছে।

(d) 9 টা সহযোজী বান্ধনি আছে। উত্তৰ : (b) 7 টা সহযোজী বান্ধনি আছে।