স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আৱেদন


 প্ৰতি,

           মাননীয় ________ হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু

বিষয়- মাছুল ৰেহাই দিয়াৰ বাবে আবেদন                   তাং-

মহোদয়,

সন্মান পূৰ্বক বিনীত নিবেদন এই যে, মোৰ পুত্ৰী _______ আপোনাৰ স্কুলৰ নৱম শ্ৰেণী খ শাখাত পঢ়ে। তেওঁৰ ৰোল নং ২৬। আজি ইমানদিনে সময়মতে মই স্কুলৰ মাচুল দি আহিছো। কিন্তু বর্তমানে মই খুব আর্থিক অনাতনত ভুগি আছো ৷ সেইবাবে বৰ্ত্তমান ম‍ই এই মাচুল দিবলৈ অসমৰ্থ ।

     এই অৱস্থাত আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা এই যে, যদি আপুনি এই বছৰৰ বাবে দিব লগা মাচুলসমূহ দিয়াৰ পৰা মোক অব্যাহতি দিয়ে তেতিয়াহলে ম‍ই অতিকৈ উপকৃত হম । আপোনাৰ এই অনুগ্ৰহৰ বাবে মই গোটেই জীৱন কৃতজ্ঞ থাকিম।

ধন্যবাদ।                                                                                                       আপোনাৰ বিশ্বাসী

_____________________