কিছুমান প্ৰাকৃতিক পৰিঘটনা

অধ্য়ায় ১৫ 

১. এম্বাৰ কি ?

উত্তৰঃ এম্বাৰ এবিধ ৰেজিন।

২. বিজুলী কেনেকৈ সৃষ্টি হয় ? 

উত্তৰঃ মেঘত আধান জমা হ'লে বিজুলী সৃষ্টি হয়।

৩. কম পৰিমাণৰ বৈদ্য়ুতিক আধান আহৰণ কৰিব পৰা বস্তুক কি বোলে ?

উত্তৰঃ কম পৰিমাণৰ বৈদ্য়ুতিক আধান আহৰণ কৰিব পৰা বস্তুক আহিত বস্তু বোলে ।

৪. বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা অহাৰ সময়ত বায়ু প্ৰবাহ ঊৰ্ধমুখী হোৱাৰ বিপৰীতে কি হয় ? 

উত্তৰঃ বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা অহাৰ সময়ত বায়ু প্ৰবাহ ঊৰ্ধমুখী হোৱাৰ বিপৰীতে পানীৰ কণিকাবোৰ তললৈ নামি আহে।

৫. বজ্ৰপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধ কি ?

উত্তৰঃ বজ্ৰপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধ হল-বজ্ৰ-ৰোধক পৰিবাহী দন্দ।

৬. ২০০৫ চনৰ ৮ অক্টোবৰ তাৰিখে কোন ঠাইত এটা ডাঙৰ ভূমিকম্প হৈছিল ?

উত্তৰঃ ২০০৫ চনৰ ৮ অক্টোবৰ তাৰিখে উত্তৰ কাশ্মীৰৰ উৰি আৰু টাংগধৰ নগৰ ঠাইত এটা ডাঙৰ ভূমিকম্প হৈছিল।

৭. গুজৰাটৰ ভুজ জিলাত কেতিয়া এটা ডাঙৰ ভূমিকম্প হৈছিল ?

উত্তৰঃ গুজৰাটৰ ভুজ জিলাত ২০০১ চনৰ ২৬ অক্টোবৰত এটা ডাঙৰ ভূমিকম্প হৈছিল ।

৮. ভাৰত মহাসাগৰত কেতিয়া এটা ডাঙৰ ছুনামী হৈছিল ?

উত্তৰঃভাৰত মহাসাগৰত ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ দিনা এটা ডাঙৰ ছুনামী হৈছিল।

৯. ভুজ আৰু কাশ্মীৰত হোৱা ভূমিকম্পৰ প্ৰাৱল্য় কিমান আছিল ?

উত্তৰঃ ভুজ আৰু কাশ্মীৰত হোৱা ভূমিকম্পৰ প্ৰাৱল্য় ৭.৫ তকৈ বেছি আছিল।

১০. আধান কেই প্ৰকাৰৰ ?

উত্তৰঃ আধান ২ প্ৰকাৰৰ।

১১. কিমান চনত আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে দেখুৱাইছিল যে বিজুলী আৰু কাপোৰৰ পৰা ওলোৱা স্ফুলিংগ একেবিধ পৰিঘটনা ? 

উত্তৰঃ ১৭৫২চনত আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে দেখুৱাইছিল যে বিজুলী আৰু কাপোৰৰ পৰা ওলোৱা স্ফুলিংগ একেবিধ পৰিঘটনা 

১২. এটা আহিত বেলুনে আন এটা আহিত বেলুনক কি কৰে ?

উত্তৰঃ এটা আহিত বেলুনে আন এটা আহিত বেলুনক বিকৰ্ষণ কৰে।

১৩. এটা আহিত বেলুনে এডাল আহিত ৰিফিলক কি কৰে ?

উত্তৰঃ এটা আহিত বেলুনে এডাল আহিত ৰিফিলক আকৰ্ষণ কৰে।

১৪. কাচৰ দণ্ড এডাল পাটৰ কপোৰেৰে ঘঁহিলে দণ্ডডালে আহৰণ কৰা  আধানক প্ৰথা অনুযায়ী কি বুলি কোৱা হয় ?

উত্তৰঃ কাচৰ দণ্ড এডাল পাটৰ কপোৰেৰে ঘঁহিলে দণ্ডডালে আহৰণ কৰা  আধানক প্ৰথা অনুযায়ী ধনাত্মক বুলি কোৱা হয় 

১৫. ঘৰ্ষণৰ দ্বাৰা উদ্ভৱ বৈদ্য়ুতিক আধানবোৰ কি ?

উত্তৰঃ ঘৰ্ষণৰ দ্বাৰা উদ্ভৱ বৈদ্য়ুতিক আধানবোৰ হল-স্থিতিশীল।

১৬. ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে কি কৰিব লাগে ?

উত্তৰঃ ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ যাব লাগে।

১৭. অসমত কেতিয়া ডাঙৰ ভূমিকম্প হৈছিল ?

উত্তৰঃ অসমত ১৮৯৭ তনৰ ১২ জুন আৰু ১৯৫০ চনৰ ১৫ আগষ্টত ডাঙৰ ভূমিকম্প হৈছিল ।

১৮. ছুনামী শব্দৰ ইংৰাজী শব্দটো কি ?

উত্তৰঃ ছুনামী শব্দৰ ইংৰাজী শব্দটো হ'ল Tsunami।

১৯. আহিত বস্ত কাক বোলে?

উত্তৰঃ যিবোৰ বস্তৰ পৰিমান বৈদ্য়ুতিক আধান আহৰণ কৰিব পাৰি তেনেবোৰ বস্তক আহিত বস্ত বোলে।

২০. ধনাত্মক কাক বোলে?

উত্তৰঃ কাচৰ দন্দ এডাল পাটৰ কাপোৰেৰে ঘঁহিলে দন্দডালে আহৰণ কৰা আধানক প্ৰথা অনুযায়ী ধনাত্মক বুলি কোৱা হয়।

২১. বৈদ্য়ুতবীক্ষণ যন্ত্ৰ কাক বোলে?

উত্তৰঃ কোনো বস্ত আহিত হয় নে নহয় তাক চাবলৈ ব্য়ৱহাৰ কৰা সঁজুলিটোক বৈদ্য়ুতবীক্ষণযন্ত্ৰ বোলে।

২২. ভৃমি সংযোগ কাক বোলে?

উত্তৰঃ আহিত বস্তৰ পৰা আধান ভৃমিলৈ গুচি যোৱা প্ৰক্ৰিয়োটোকে ভৃমি সংযোগ বোলে।

২৩. বিদ্য়ুত-ক্ষৰণ কাক বোলে?

উত্তৰঃ ধনাত্মক আৰু ঋণাত্মক আধান লগ লাগি উজ্জল পোহৰ আৰু শব্দৰ সৃষ্টি কৰে ।এই প্ৰক্ৰিয়াতোকে বিদ্য়ুত-ক্ষৰণ বোলে।

২৪. বজ্ৰ-ৰোধক পৰিবাহি দন্দ কাক বোলে?

উত্তৰঃ বজ্ৰপাতৰ পৰা অট্ৰালিকাবোৰক ৰক্ষা কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধ হৈছে বজ্ৰ-ৰোধক পৰিবাহি দন্দ বোলে।

২৫. ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হল-ৰিক্টাৰ স্কেল।

২৬. কিমান তাৰিখে ভাৰত মহাসাগৰত এটা ডাঙৰ ভূমিকম্প হৈছিল?

উত্তৰঃ ইং ২০০৪চনৰ ২৬ ডিচেম্বৰ তাৰিখেভাৰত মহাসাগৰত এটা ডাঙৰ ভূমিকম্প হৈছিল।

২৭. ভুমিকম্পপ্ৰবল বা চ্য়ুতি কাক বোলে?

উত্তৰঃ দুৰ্বল  ঠাইবোৰকে ভুমিকম্পপ্ৰবল বা চ্য়ু বোলে।

২৮. ভাৰতৰ বেছি ভূমিকম্প প্ৰৱণ ঠাইকেইখনৰ নাম কি কি?

উত্তৰঃ ভাৰতৰ বেছি ভূমিকম্প প্ৰৱণ ঠাইকেইখনৰ নাম হল-কাশ্মীৰহিমালয়,সমগ্ৰ উওৰ-পূৱ, কচ্চ উপকূল,ৰাজস্থান আৰু সিন্ধু-গংগা সমতল আদি।

২৯. ভুমিকম্পজনিত তৰংগ কাক বোলে?

উত্তৰঃ ভূমিকম্পই ভূ-পৃষ্ঠত তৰংগৰ সিষ্টু কৰে।এইবোৰকে ভুমিকম্পৰ তৰমগ বোলে।

৩০. ভুমিকম্পজনিত তৰংগবোৰ কি যন্ত্ৰত লিপিব্ধ হয়?

উত্তৰঃ ভুমিকম্পজনিত তৰংগবোৰ ছিছম'গ্ৰাফ যন্ত্ৰত লিপিব্ধ হয়।


TYPE-ANJALI BORA