১. বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ'জেন গেছ আছে ?

উত্তৰঃ বায়ুমণ্ডলত ৭৮%নাইট্ৰ'জেন গেছ আছে।

২. যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে সেইবোৰ পদাৰ্থক কি বোলে ?

উত্তৰঃ যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে সেইবোৰ পদাৰ্থক বায়ু প্ৰদূষক বোলে।

৩. কি গেছে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায় ?

উত্তৰঃকাৰ্বন-মন'ক্সাইড গেছে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায়।

৪. কয়লা ইন্ধনৰ দহনে কি গেছ উৎপন্ন কৰে ?

উত্তৰঃকয়লা ইন্ধনৰ দহনে ছালফাৰ-ডাইঅক্সাইড গেছ উৎপন্ন কৰে।

৫. কি গেছে বায়ুমণ্ডলৰ অ'যন স্তৰ ধ্বংস কৰে ?

উত্তৰঃক্ল'ৰ'ফ্লৰ' কাৰ্বন গেছে বায়ুমণ্ডলৰ অ'যন স্তৰ ধ্বংস কৰে।

৬. গংগা নদীক ৰক্ষা কৰাৰ বাবে কিমান চনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল ?

উত্তৰঃগংগা নদীক ৰক্ষা কৰাৰ বাবে ১৯৮৫ চনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল।

৭. 'গংগা কৰ্ম পৰিকল্পনা' নামৰ আঁচনিখনৰ উদ্দেশ্য় কি আছিল ?

উত্তৰঃ'গংগা কৰ্ম পৰিকল্পনা' নামৰ আঁচনিখনৰ উদ্দেশ্য় অছিল গংগা নদীত প্ৰদূষণৰ মাত্ৰা কমোৱা।

৮. বৰ্জিত পদাৰ্থৰ বাবে মাটিৰ তলত থকা পানী প্ৰদূষিত হ'ব পাৰেনে ?

উত্তৰঃবৰ্জিত পদাৰ্থৰ বাবে মাটিৰ তলত থকা পানী প্ৰদূষিত হ'ব পাৰে।

৯. খোৱাৰ উপযোগী পানীক কি বোলে ?

উত্তৰঃখোৱাৰ উপযোগী পানীক বিশুদ্ধ পানী বোলে।

১০. পানী শোধন প্ৰকল্পসমূহ ক'ত স্থাপন কৰিব লাগে ?

উত্তৰঃপানী শোধন প্ৰকল্পসমূহ ঔদ্য়োগিক প্ৰধান অঞ্চলসমূহত স্থাপন কৰিব লাগে।

১১. বায়ু কি ?

উত্তৰঃ বায়ু হৈছে বিভিন্ন গেছৰ এবিধ মিশ্ৰন।

১২. বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন গেছ আছে ?

উত্তৰঃ বায়ুমণ্ডলত ২১%শতাংশ অক্সিজেন গেছ আছে।

১৩. ধুৱলী কুঁৱলী কিহৰ পৰা সৃষ্টি হয় ?

উত্তৰঃধুৱলী কুঁৱলী ধোঁৱাৰ পৰা সৃষ্টি হয়।

১৪. ক্ল'ৰ'ফ্লুৰ' কাৰ্বনৰ সংকেতটো কি?

উত্তৰঃক্ল'ৰ'ফ্লুৰ' কাৰ্বনৰ সংকেতটো হল-CFCs। 

১৫. কোনে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে ?

ইত্তৰঃঅ'যন স্তৰে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে।

১৬. পানীৰ প্ৰদূষক বুলিলে কি বুজা ?

উত্তৰঃপানীৰ প্ৰদূষক বুলিলে যি পদাৰ্থই পানী প্ৰদূষিত কৰে তাকে বুজা।

১৭. গংগা নদীয়ে কোন ঠাইৰ মানুহক জীৱন ধাৰণত সহায় কৰি আহিছে ?

উত্তৰঃগংগা নদীয়ে উত্তৰাংশ, মধ্য়াংশ আৰু পূব অংশৰ ঠাইৰ মানুহক জীৱন ধাৰণত সহায় কৰি আহিছে।

১৮. উত্তৰ প্ৰদেশৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰবোৰৰ ভিতৰত  ____________ অন্য়তম ।

উত্তৰঃকাণপুৰ।

১৯. কাণপুৰত কিমানৰো অধিক উদ্য়োগ অৱস্থিত ?

উত্তৰঃ কাণপুৰত ৫০০০ৰো অধিক উদ্য়োগ অৱস্থিত।

২০. প্ৰদূযক শব্দৰ ইংৰাজী শব্দটো কি ?

উত্তৰঃ প্ৰদূযক শব্দৰ ইংৰাজী শব্দটো হল-Pollution।

২১. বায়ু প্ৰদূষণ কাক বোলে?

উত্তৰঃ বায়ু যেতিয়া অলাগতিয়াল পদাৰ্থৰ দ্বাৰা দূষিত হয়,তেতিয়া জীৱ আৰু দুয়োৰে ওপৰত এই অনিষ্টকাৰী প্ৰভাৱ পৰে।ইয়াকে বায়ু প্ৰদূষণ বোলে।

২২. বায়ু প্ৰদূষণৰ উসসমূহ কি কি?

উত্তৰঃবায়ু প্ৰদূষণৰ উসসমূহ হল-কল-কৰখানা,শক্তি প্ৰকল্প,যানবাহনৰ পৰা ওলোৱা ধোঁৱা ইত্য়াদি।

২৩. পেট্ৰল আৰু ডিজেলৰ দৰে ইন্ধনৰ অৰ্ধদহনে কি গেছ উপন্ন কৰে?

উত্তৰঃপেট্ৰল আৰু ডিজেলৰ দৰে ইন্ধনৰ অৰ্ধদহনে কাৰ্বন-মন'ক্সাইড গেছ উপন্ন কৰে।

২৪.  ক্ল'ৰ'ফ্লুৰ' কাৰ্বনে বায়ুমণ্ডলৰ কোনটো স্তৰ ধ্বংস কৰে?

উত্তৰঃ ক্ল'ৰ'ফ্লুৰ' কাৰ্বনে বায়ুমণ্ডলৰ অ'যন স্তৰ ধ্বংস কৰে।

২৫. এছিড বৰষুণ কাক বোলে?

উত্তৰঃ বায়ুণ্ডলত যেতিয়া ছালফিউৰিক এছিড আৰু নাইট্ৰক এছিডৰ পৰিমাণ বাঢ়ি যায় তেতিয়া এছিড বৰষুণৰ সৃষ্টি কৰে আৰু তাকে এছিড বৰষুণ বোলে।

২৬. মাৰ্বল কেন্সাৰ কাক বোলে?

উত্তৰঃ এছিড বৰষুণে স্মিতি সৌধৰ মাৰ্বলৰ ক্ষতি সাধন কৰে।এই ঘটনাটোকে মাৰ্বল কেন্সাৰ বোলে।

২৭. গোলকীয় উষ্ণতা কাক বোলে?

উত্তৰঃ CO2গেছে তাপ শোষণ কৰি লয় আৰু এই শোষিত গেছ ওপৰলৈ এৰি নিদিয়ে।ফলস্বৰূপে পৃথিবীৰ বায়ুমণ্ডলৰ গঢ় তাপনমাত্ৰা লাহে লাহে বৃদ্ধি হৈছে আৰু ইয়াকে গোলকীয় উষ্ণতা বোলে।

২৮. সেউজগৃহ কাক বোলে?

উত্তৰঃ CO2ৰ দৰে গেছসমূহকে সেউজগৃহ বোলে।

২৯. খোৱা পানী কাক বোলে?

উত্তৰঃ খোৱাৰ উপযোগী পানীকে খোৱা পানী বোলে।

৩০. পানী দূষিতকৰণৰ মুখ্য় কাৰকসমূহ কি কি?

উত্তৰঃ পানী দূষিতকৰণৰ মুখ্য় কাৰকসমূহ হল-আৱৰ্জনা, কৃষিভুমিত ব্য়ৱহিত ৰাসয়নিক পদাৰ্থ আৰু ঔদ্য়োগিৰ পৰা অহা বৰ্জিনীয় পদাৰ্খসমূহ ইত্য়াদি।

TYPE-ANJALI BORA