১. যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় সেইবোৰক কি বোলে ?

উত্তৰঃযিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় সেইবোৰক সু-পৰিবাহী বোলে।

২. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ'ব দিলে টেষ্টাৰটোৰ _____________ সম্পূৰ্ণ হয় ।

উত্তৰঃবৰ্তনী।

৩. বিদ্য়ুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰঃ বিদ্য়ুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্য়ুৎলেপন বোলে।

৪. ক্ৰ'মিয়াম কি ?

উত্তৰঃক্ৰ'মিয়াম হৈছে স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু।

৫. কিহৰ বাবে বাল্বটো জ্বলি উঠে ? 

উত্তৰঃবিদ্য়ুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বটোৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে বাঢ়ে কাৰণে বাল্বটো জ্বলি উঠে।

৬. কোনো পদাৰ্থই বিদ্য়ুৎ পৰিবহণ কৰিলেও  ই ধাতুৰ দৰে _______ নহ'বও পাৰে ।

উত্তৰঃসু-পৰিবাহী।

৭.  পাতিত পানীত নিমখ মিহলালে আমি নিমখৰ দ্ৰৱ পাওঁ । এই দ্ৰৱটো বিদ্য়ুতৰ কি পৰিবাহী 

উত্তৰঃ পাতিত পানীত নিমখ মিহলালে আমি নিমখৰ দ্ৰৱ পাওঁ । এই দ্ৰৱটো বিদ্য়ুতৰ সু-পৰিবাহী।

৮. বিদ্য়ুতৰ সু-পৰিবাহী জুলীয়া পদাৰ্থৰ বেছিভাগেই _________, __________ আৰু ___________ ।

উত্তৰঃএছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰব।

৯. এটা  পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'লে কি বিক্ৰিয়া সংঘটিত হয় ?

উত্তৰঃএটা  পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'লে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ।

১০. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'লে ই তাম (______) আৰু ছালফেটলৈ বিয়োজিত হয় ।

উত্তৰঃকপাৰ।

১১. বিদ্য়ুৎ পৰিবহণ কৰা পদাৰ্থকেইবিধ কি কি ?

উত্তৰঃ বিদ্য়ুৎ পৰিবহণ কৰা পদাৰ্থকেইবিধ হল-এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰৱ।

১২.সু-পৰিবাহী শব্দৰ ইংৰাজী শব্দটো কি ?

উত্তৰঃসু-পৰিবাহী শব্দৰ ইংৰাজী শব্দটো হল-Good conductor।

১৩. যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্য়ুৎ প্ৰৱাহিত নহয় সেইবোৰক কি বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্য়ুৎ প্ৰৱাহিত নহয় সেইবোৰক কু-পৰিবাহী বোলে।

১৪.কোনকেইটা পদাৰ্থই বিদ্য়ৎ পৰিবহন কৰে ।

উত্তৰঃবিদ্য়ৎ পৰিবহন কৰা পদাৰ্থই কেইবুধ হল-তাম, এলুমিনিয়াম আদি।

১৫. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ'ব দিলে টেষ্টাৰটোৰ _________ সম্পূৰ্ণ হয় ।

উত্তৰঃটেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ'ব দিলে টেষ্টাৰটোৰ সংযোগ ক্ষমতা সম্পূৰ্ণ হয় । 

১৬. বিদ্য়ুৎ কম পৰিমাণে প্ৰৱাহিত হ'লে কম্পাছ শলাৰ কি হয় ?

উত্তৰঃ বিদ্য়ুৎ কম পৰিমাণে প্ৰৱাহিত হ'লে কম্পাছ শলাৰ বিক্ষেপন হয়।

১৭. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'লে কি হয় ?

উত্তৰঃ কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'লে তাম আৰু ছালফেটলৈ ৰূপান্তৰিত হয়।

১৮. _________ এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু ।

উত্তৰঃক্ৰ'মিয়াম।

১৯. কাৰ তুলনাত টিনৰ বিক্ৰিয়া কম ?

উত্তৰঃলোৰ তুলনাত টিনৰ বিক্ৰিয়া কম ।

২০. বিদ্য়ুৎলেপন শব্দৰ ইংৰাজী শব্দটো কি ?

উত্তৰঃবিদ্য়ুৎলেপন শব্দৰ ইংৰাজী শব্দটোল হল Electroplating।

TYPE-ANJALI BORA