অৰ্থনৈতিক উন্নয়ন

1. কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP) ৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়। 

(A)১৯৮০ চনত

(B) ১৯৮৫ চনত  

(C) ১৯৯০ চনত
 
(D) ১৯৯৫ চনত 
 
উত্তৰ : (C) ১৯৯০ চনত 
 
2. ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল – 

(A) ৰাজহুৱা খণ্ডই 

(B) ব্যক্তিগত খণ্ডই 
 
(C) সেৱা খণ্ডই 
 
(D) কৃষি খণ্ডই 
 
উত্তৰ : (A) ৰাজহুৱা খণ্ডই

 3. যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যৱস্থাই হ'ল _____ আর্থিক ব্যৱস্থা ।

(A) মিশ্রিত

(B) পুঁজিবাদী 
 
(C) সমাজবাদী 
 
(D) এটাও নহয়। 
 
উত্তৰ : (A) মিশ্রিত 
 
4. ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত _____গুৰুত্ব কম আছিল। 
  
(A) ব্যক্তিগত খণ্ডৰ তুলনাত ৰাজহুৱা খণ্ডৰ 
 
(B) ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ 
 
(C) সেৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ 

5. ______দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ (Green Revolution) ৰ সূচনা কৰা হয়। 
 
(A) পঞ্চাশৰ দশকৰ মাজভাগত 
 
(B) ষাঠি দশকৰ মাজভাগত 
 
(C) সত্তৰৰ দশকৰ মাজভাগত 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ষাঠি দশকৰ মাজভাগত 
 
6. শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৩ - ১৪ চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল______ শতাংশ। 
 
(A) ২.২ শতাংশ 
 
(B) ৩.৫ শতাংশ 
 
(C) ৬.৭ শতাংশ 
 
(D) ৭.২ শতাংশ 
 
উত্তৰ : (D) ৭.২ শতাংশ 
 
7. ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্রাব বজাৰৰ সমষ্টিয়েই হ'ল_______ 

(A) বেচৰকাৰী খণ্ড 

(B) ৰাজ হুৱা খণ্ড 
 
(C) ব্যক্তিগত খণ্ড 
 
(D) বিত্তীয় খণ্ড 
 
উত্তৰ : (D) বিত্তীয় খণ্ড

8. ______ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল৷  

(A) ১৯৮৯ চনৰ 
 
(B) ১৯৯০ চনৰ 
 
(C) ১৯৯১ চনৰ 
 
(D) ১৯৯৯ চনৰ 
 
উত্তৰ : (C) ১৯৯১ চনৰ 

9. চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকুলি কৰি দিয়া নীতিয়েই হল_____ ।

(a) উদাৰী কৰণ

(b) বিশ্বায়ন

(c) ব্যক্তিগতকৰণ

(d) গোলকীকৰণ

উত্তৰঃ (c) ব্যক্তিগতকৰণ

10. _____ক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও কব পাৰি ।

(a)  নিৰ্বিয়োজন

(b) গোলকীকৰণক

(c) অন্তৰ্ভুক্তিকৰণ

(d) এটাও নহয়

উত্তৰঃ (b) গোলকীকৰণক