অসমৰ ভূগোল

1. অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা ______ ৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। (A) ত্ৰিপুৰা (B) বাংলাদেশ (C) পশ্চিমবংগ (D) মণিপুৰ উত্তৰ : (C) পশ্চিমবংগ 2. অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন—

(A) চীন (B) ভূটান (C) ম্যানমাৰ (D) নেপাল উত্তৰ : (B) ভূটান 3. অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন— (A) বাংলাদেশ (B) ম্যানমাৰ (C) ত্ৰিপুৰা (D) শ্রীলংকা উত্তৰ : (A) বাংলাদেশ 4. অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ________ শতাংশ সামৰি লৈছে। (A) ২.১ শতাংশ (B) ২.২ শতাংশ (C) ২.৩ শতাংশ (D) ২.৪ শতাংশ উত্তৰ : (D) ২.৪ শতাংশ 5. ২০১১ চনৰ তথ্য মতে, অসমৰ মুঠ জনসংখ্যাৰ প্রায় ________শতাংশ লোকে গাঁৱত বাস কৰে। (A) ৮৮ শতাংশ (B) ৮৭.৯০ শতাংশ (C) ৮৬.৯০ শতাংশ (D) ৮৫.৯০ শতাংশ উত্তৰ : (D) ৮৫.৯০ শতাংশ

6. অসমৰ আটাইতকৈ জনবহুল নগৰী______ (A) ধুবুৰী (B) গুৱাহাটী (C) ডিব্ৰুগড় (D) শিলচৰ উত্তৰ : (B) গুৱাহাটী 7. অসমৰ ৬খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে _______ (A) ধুবুৰী নগৰ (B) শিলচৰ নগৰ (C) ডিফু নগৰ (D) তেজপুৰ নগৰ উত্তৰ :(A) ধুবুৰী নগৰ ৪. ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ ______মুঠ জনসংখ্যাৰ শতাংশ। (A) ১.০৩ শতাংশ (B) ১.১৮ শতাংশ (C) ১.৩৮ শতাংশ (D) ১.৫৮ শতাংশ উত্তৰ : (C) ১.৩৮ শতাংশ 9. কুৰি শতিকাৰ আৰম্ভণিতে ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত _______ জন। (A) ৩৬ জন (B) ৪২ জন (C) ৫৫ জন (D) ৫৮ জন উত্তৰ : (B) ৪২ জন 10. ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বর্গ কিলোমিটাৰত ——জন। (A) ১৯৮ জন (B) ২৮৮ জন (C) ৩০৮ জন (D) ৩৯৮ জন উত্তৰ :(D) ৩৯৮ জন 11. ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? (A) ৬৫ শতাংশ (B) ৭৫ শতাংশ (C) ৮৫ শতাংশ (D) ৯৫ শতাংশ উত্তৰ : (C) ৮৫ শতাংশ

12. ২০১১ চনৰ তথ্যমতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গ কিলোমিটাৰত — জন। (A) ১৫০২ জন (B) ১২২০ জন (C) ১১০২ জন (D) ১০০৮ জন উত্তৰ : (A) ১৫০২ জন 13. বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? (A) ২৫ শতাংশ (B) ২১ শতাংশ (C) ১৮ শতাংশ (D) ১১ শতাংশ উত্তৰ : (D) ১১ শতাংশ 14. ২০১১ চনৰ তথ্যমতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত -— জন। (A) ৫২৫ জন (B) ৫৪৫ জন (C) ৬৬৭ জন

(D) ৬৮৮ জন উত্তৰ : (B) ৫৪৫ জন 15. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন— (B) নগাঁও (A) ধুবুৰী (C) কামৰূপ মহানগৰ

(D) বঙাইগাঁও উত্তৰ : (B) নগাঁও

16. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন— 
(A) কার্বিআংলং 

(B) ডিমা হাছাও 
 
(C) হাইলাকান্দি 
 
(D) ধেমাজি 
 
উত্তৰ : (B) ডিমা হাছাও 
 
17. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ ঘন বসতিপূর্ণ জিলা বুলি বিবেচিত কামৰূপ (মেট্রো) জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে_____ 
 
(A) প্ৰতি বৰ্গ কিলোমিটাৰত ১০১০ জন। 
 
(B) প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন। 

(C) প্ৰতি বৰ্গ কিলোমিটাৰত ২০২১ জন।
 
(D) প্ৰতি বৰ্গ কিলোমিটাৰত ২০৩০ জন। 
 
উত্তৰ : (B) প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন।

18. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ সেৰেঙা বসতিপূর্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে 
 
(A) প্রতি বর্গ কিলোমিটাৰত মাত্র ৪৪ জন 

(B) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৩৪ জন 
 
(C) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ২৮ জন 

(D) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ২৪ জন 
 
উত্তৰ : (A) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্র ৪৪ জন 
 
19. অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল— 
 
(A) অষ্ট্ৰিকসকল 
 
(B) মংগোলীয়সকল 
 
(C) মিছিংসকল 
 
(D) বড়োসকল 
 
উত্তৰ : (A) অষ্ট্ৰিকসকল 
 
20. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল______ 

(A) বড়ো  

(B) মিছিং 

(C) কাৰ্বি  

(D) ৰাভা 
 
উত্তৰ : (B) মিছিং 
 
21. জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে 
 
(A) বড়োসকল 
 
(B) মিছিংসকল 
 
(C) ৰাভাসকল 
 
(D) কাৰ্বিসকল 
 
উত্তৰ : (A) বড়োসকল 
 
22. জেমি নগাসকলে (Zeme  Naga) অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়।  

(A) ডিমা হাছাও জিলাত 
 
(B) কোকৰাঝাৰ জিলাত 
 
(C) কার্বিআংলং জিলাত 

(D) কৰিমগঞ্জ জিলাত 

উত্তৰ : (A) ডিমা হাছাও জিলাত 
 
23. অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্রাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল______ জনগোষ্ঠীৰ। 
 
(A) অষ্টিক জনগোষ্ঠীৰ 
 
(B) ক’কেছীয় জনগোষ্ঠীৰ 
 
(C) মংগোলীয় জনগোষ্ঠীৰ 

(D) এটাও নহয়। 
 
উত্তৰ : (B) ক’কেছীয় জনগোষ্ঠীৰ 

24. অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰা জনগোষ্ঠীটো_______। (A) অষ্টিক জনগোষ্ঠী (B) ক’কেছীয় জনগোষ্ঠী (C) মংগোলীয় জনগোষ্ঠী (D) আহোমসকল

উত্তৰ : (B) ক’কেছীয় জনগোষ্ঠী 25. প্রায় ১৩ শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখ্তিয়াৰ খিলীজি (কুটুবুদ্দিনৰ সেনাপতি) ৰ নেতৃত্বত অসমত প্ৰৱেশ কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল কোন মূলৰ ? (A) সিন্ধু-আৰ্য্যমূলৰ

(B) সিন্ধু-দ্রাবিড়মূলৰ (C) ইংগ-আৰ্যমূলৰ (D) এটাও নহয়। উত্তৰ : (A) সিন্ধু-আৰ্য্যমূলৰ 26. ১২২৮ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে ?

(A) লেংদনৰ নেতৃত্বত

(B) চ্যু-কা-ফাৰ নেতৃত্বত (C) লাচিতৰ নেতৃত্বত

(D) এটাও নহয়। উত্তৰ : (B) চ্যু-কা-ফাৰ নেতৃত্বত

27. জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি? (A) মুছলমান ধৰ্মাৱলম্বী (B) হিন্দু ধৰ্মাৱলম্বী

(C) খ্ৰীষ্টান ধৰ্মাৱলম্বী (D) এটাও নহয়। উত্তৰ : (B) হিন্দু ধৰ্মাৱলম্বী 28. অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেইপ্ৰকাৰৰ পথ আছে ? (A) সাত প্ৰকাৰৰ

(B) ছয় প্ৰকাৰৰ (C) পাঁচ প্ৰকাৰৰ (D) চাৰি প্ৰকাৰৰ উত্তৰ : (A) সাত প্ৰকাৰৰ 29. অসমৰ ৰে'ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা বে'ল মণ্ডলটো _______। (A) মধ্য ৰে'ল মণ্ডল (B) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল (C) দক্ষিণ-পশ্চিম সীমান্ত ৰে'ল মণ্ডল

(D) দক্ষিণ-পূব সীমান্ত ৰে'ল মণ্ডল উত্তৰ : (B) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল

30. উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডলৰ মুখ্য কাৰ্য্যালয় - অৱস্থিত। (A) গোৰহ্মপুৰত (B) চেন্নাইত (C) গুৱাহাটীৰ মালিগাঁৱত (D) নতুন দিল্লীত উত্তৰ : (C) গুৱাহাটীৰ মালিগাঁৱত 31. ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে? (A) প্রায় ২২ শতাংশ

(B) প্রায় ৩০ শতাংশ (C) প্রায় ৩২ শতাংশ

(D) প্রায় ৪২ শতাংশ উত্তৰ : (C) প্রায় ৩২ শতাংশ 32. ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈর্ঘ্য- (A) ৮৭১ কি.মি. (B) ৮৯১ কি.মি. (C) ৮৯৫ কি.মি. (D) ৮৯৭ কি.মি. উত্তৰ : (B) ৮৯১ কি.মি. 33. বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য- (A) ২৭১ কি.মি. (B) ২৬১ কি.মি.

(C) ১৫৫ কি.মি.

(D) ১২১ কি.মি.
উত্তৰ : (D) ১২১ কি.মি. 34. ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো- (A) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ

(B) বৰাকৰ নাব্য জলপথ (C) শোৱণশিৰিৰ নাব্য জলপথ (D) এটাও নহয় উত্তৰ : (B) বৰাকৰ নাব্য জলপথ 35. ভাৰত চৰকাৰে ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো— (A) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ (B) বৰাকৰ নাব্য জলপথ (C) শোৱণশিৰিৰ নাব্য জলপথ (D) গংগাৰ নাব্য জলপথ উত্তৰ : (A) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ 36. ২০০৯-১০ চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ ———শতাংশ মাটিত খেতি কৰা হৈছে।

(A) প্রায় ৩০ শতাংশ

(B) প্রায় ৩৫ শতাংশ (C) প্রায় ৪০ শতাংশ

(D) প্রায় ৪৫ শতাংশ উত্তৰ : (B) প্রায় ৩৫ শতাংশ

37. ভাৰতৰ ৰাজ্যিক বন প্রতিবেদনৰ ২০১১ চনৰ তথ্য মতে, অসমৰ মুঠ মাটিকালিৰ _____শতাংশ বনাঞ্চল আছে। 
 
(A) প্রায় ৩৪ শতাংশ 

(B) প্রায় ৪০ শতাংশ 

(C) প্রায় ৪৭ শতাংশ 

(D) প্রায় ৫১ শতাংশ 
 
উত্তৰ : (A) প্রায় ৩৪ শতাংশ 
 
38. ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ______ শতাংশ। 
 
(A) ১.৫৮ শতাংশ
 
(B) ১.৯৮ শতাংশ

(C) ২.৩৮ শতাংশ 

(D) ২.৫৮ শতাংশ  

উত্তৰ : (D) ২.৫৮ শতাংশ
 
39. অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত খেতি কৰা হয়। 

(A) শালি ধানৰ খেতি 

(B) আহু ধানৰ খেতি 
 
(C) বড়ো ধানৰ খেতি 

(D) এটাও নহয় 
 
উত্তৰ : (A) শালি ধানৰ খেতি 

40. উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে ২০০৭ চনত ঘোষণা কৰা নীতি— 
 
(A) উত্তৰ-পূব ঔদ্যোগিক বৃদ্ধি নীতি 
 
(B) উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি 
 
(C) উত্তৰ-পূব ঔদ্যোগিক বিত্ত নিগম 
 
(D) এটাও নহয় 
 
উত্তৰ : (B) উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি 

41. ভাৰতৰ মুঠ এৰি উৎপাদনৰ অসমত উৎপাদন হয় – শতাংশ। 
 
(A) প্রায় ৩৮ শতাংশ 

(B) প্রায় ৫০ শতাংশ 

(C) প্রায় ৫৫ শতাংশ 

(D) প্রায় ৬৫ শতাংশ 

উত্তৰ : (D) প্রায় ৬৫ শতাংশ
 
42. ভাৰতবৰ্ষৰ মুঠ মুগা সূতা উৎপাদনৰ অসমে উৎপাদন কৰে— 
 
(A) ৫৬ শতাংশতকৈও অধিক 
 
(B) ৭৭ শতাংশতকৈও অধিক 

(C) ৮৯ শতাংশতকৈও অধিক 
 
(D) ৯৭ শতাংশতকৈও অধিক 

উত্তৰ : (D) ৯৭ শতাংশতকৈও অধিক 
 
43. ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন —। 

(A) পশ্চিমবংগ

(B) অসম 
 
(C) তামিলনাডু 
 
(D) এটাও নহয় 
 
উত্তৰ : (B) অসম

44. ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ-_______
(A) ডিগবৈ

(B) বোম্বে
(C) বাৰাউনি
  (D) দুলীয়াজান উত্তৰ : (A) ডিগবৈ 45. অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ'ল— (A) আহু ধান (B) শালি ধান
(C) বড়ো ধান
(D) এটাও নহয় উত্তৰ : (B) শালি ধান 46. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম কি ? (A) কামৰূপ
(B) নগাঁও
(C) কার্বিআংলং (D) শিৱসাগৰ উত্তৰ : (C) কাৰ্বিআংলং 47. অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি? (A) ডিলাই

(b) নামৰূপ

(c) ধুবুৰী পাহাৰ

(d) বোকাজান উত্তৰ : (A) ডিলাই পাহাৰ ৷ 48. অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? (A) ১২ (B) ১৫ টা
(C) ১৭ টা

(D) ১৮ টা
উত্তৰ : (A) ১২ টা। 49. অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাই পথটোৰ নাম কি ? (A) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (B) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (C) ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (D) ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তৰ : (A) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
50. অসমত সর্বপ্রথম কেতিয়া ৰে'লসেৱা আৰম্ভ হয়?
(A) ১৮৭৪ চনত (B) ১৮৮৩ চনত (C) ১৮৮৪ চনত (D) ১৮৮৮ চনত উত্তৰ : (C) ১৮৮৪ চনত। 51. অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয়? (A) ১৮৪৯ চনত (B) ১৮৫৩ চনত (C) ১৮৫৫ চনত (D) ১৮৫৯ চনত উত্তৰ : (A) ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত।