ভাৰতীয় সংস্কৃতি 

 ১) ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

(ক) ক্ৰমবৰ্দ্ধমান

(খ) শক্তি

(গ) নীতি-নিয়ম

উত্তৰঃ (ক) ক্ৰমবৰ্দ্ধমান

২)  কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভাক কি বুলি কোৱা হয়?

(ক) প্ৰকৃত শক্তি

(খ) সংস্কৃতি

(গ) সমাজ পদ্ধতি

উত্তৰঃ (খ) সংস্কৃতি

৩)  সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাক ভাৰতীয় জীৱনৰ কি বুলি কোৱা হয়?

(ক) প্ৰকৃত সম্পদ

(খ) মূল সম্পদ

(গ) অৰ্থহীন সম্পদ

উত্তৰঃ (খ) মূল সম্পদ

৪)  'ফ্ৰম ভলগা টু গংগা' কাৰ ৰচনা??

(ক) হেম বৰুৱা

(খ) পণ্ডিত ৰাহুল সংকৃত্যায়নৰ

(গ) হেম চন্দ্ৰ গোস্বামীৰ

উত্তৰঃ (খ) পণ্ডিত ৰাহুল সংকৃত্যায়নৰ

৫) গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ কি?

(ক) প্ৰকৃত সম্পদ

(খ) অৰ্থহীন সম্পদ

(গ) মূল সম্পদ

উত্তৰঃ (গ) মূল সম্পদ

৬) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?

(ক) বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক

(খ) নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ যুগক

(গ) আৰ্য-পূৰ্ব যুগক

উত্তৰঃ (ক) বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক

৭)  হেম বৰুৱাৰ ক'ত জন্ম হৈছিল?

(ক) নগাঁওত

(খ) তেজপুৰত

(গ) শিৱসাগৰত

উত্তৰঃ (খ) তেজপুৰত

৮)  হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা কি কৰে?

(ক) বৃদ্ধি কৰে

(খ) হ্ৰাস কৰে

(গ) একো নকৰে

উত্তৰঃ (খ) হ্ৰাস কৰে

৯9)  ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কি প্ৰদান কৰে?

(ক) কাৰু-কাৰ্য

(খ) কাৰ্য-কাৰী

(গ) শক্তি

উত্তৰঃ (ক) কাৰু-কাৰ্য

১০)  অজন্তাৰ গুহাত অনন্তকালৰ বাবে কি সঞ্জীৱিত হৈ আছে?

(ক) মূৰ্তি

(খ) অতীতৰ বস্তু

(গ) শিল্প-কলা

উত্তৰঃ (গ) শিল্প-কলা

১১)  ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শৰে জীয়াই আছে?

(ক) সমন্বয়ৰ

(খ) সংস্কৃতিৰ

(গ) শক্তিৰ

উত্তৰঃ (ক) সমন্বয়ৰ

১২)  মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কি যুগৰ কথা কয়?

(ক) বৌদ্ধ ধৰ্ম

(খ) আৰ্য-পূৰ্ব

(গ) নৱ বৈষ্ণৱ

উত্তৰঃ (গ) নৱ বৈষ্ণৱ

১৩)  ভাৰতীয় সংস্কৃতি একালত কোন অঞ্চলত বিয়পি পৰিছিল?

(ক) উত্তৰ-পূব অঞ্চলত

(খ) দক্ষিণ-পূব অঞ্চলত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) দক্ষিণ-পূব অঞ্চলত

১৪)  কান্দাহাৰ কাৰ নাম?

(ক) জাপানীৰ

(খ) দিল্লীৰ

(গ) ভাৰতীয়ৰ

উত্তৰঃ (গ) ভাৰতীয়ৰ

১৫)  শিৱ কি দেৱতা?

(ক) আৰ্য

(খ) অনাৰ্য

(গ) সকলোৰে

উত্তৰঃ (খ) অনাৰ্য

১৬)  পাৰ্বতী কি সমাজৰ জীয়াৰী?

(ক) আৰ্য

(খ) অনাৰ্য

(গ) ভদ্ৰ

উত্তৰঃ (ক) আৰ্য

১৭)  কামাখ্যা আদিতে কি দেৱতা?

(ক) আৰ্য

(খ) অনাৰ্য

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (খ) অনাৰ্য

১৮)  হেম বৰুৱা কিমান চনত জন্ম হৈছিল?

(ক) ১৯২৩ চনত

(খ) ১৯০০চনত

(গ) ১৯১৫ চনত

উত্তৰঃ (গ) ১৯১৫ চনত

১৯)  হেম বৰুৱাই কিমান চনত বি.এ. পাছ কৰে?

(ক) ১৯৩৬ চনত

(খ) ১৯৩৪ চনত

(গ) ১৯৩৮চনত

উত্তৰঃ (ক) ১৯৩৬ চনত

২০)  অদৃষ্ট শব্দৰ অৰ্থ কি?

(ক) সাদৃশ্য নথকা

(খ) বিৰামহীন

(গ) ভাগ্য

উত্তৰঃ (গ) ভাগ্য

২১) ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

(ক) ক্ৰমবৰ্ধমান শক্তি 

(খ) ৰাজনীতি

(গ) অৰ্থনীতি

(ঘ) সাহিত্য

উত্তৰঃ(ক) ক্ৰমবৰ্ধমান শক্তি 

২২) "ভাৰতীয় সংস্কৃতি" পাঠটোৰ লেখক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) হেম বৰুৱা 

(গ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

(ঘ) ড° ভূপেন হাজৰিকা

উত্তৰঃ(খ) হেম বৰুৱা 

২৩) "ফ্ৰম ভল্গা টু গংগা" কাৰ ৰচনা?

(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

(খ) পণ্ডিত ৰাহুল সংকৃত্যায়ন 

(গ) মহাত্মা গান্ধী

(ঘ) জৱাহৰলাল নেহৰু

উত্তৰঃ(খ) পণ্ডিত ৰাহুল সংকৃত্যায়ন 

২৪) কোনো এটা জাতি বা সমাজৰ জীৱন-প্ৰতিভাক কি বুলি কোৱা হয়?

(ক) সভ্যতা

(খ) সংস্কৃতি 

(গ) ধৰ্ম

(ঘ) ভাষা

উত্তৰঃ(খ) সংস্কৃতি 

২৫) ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য কি?

(ক) বৈচিত্ৰ্যৰ মাজত একতা 

(খ) কেৱল এক ভাষা

(গ) এক ধৰ্ম

(ঘ) এক জাতি

উত্তৰঃ(ক) বৈচিত্ৰ্যৰ মাজত একতা 

২৬) সৰ্বপল্লী ৰাধাকৃষ্ণণে "কালীয়দমন"ক কি বুলি আখ্যা দিছে?

(ক) যুদ্ধৰ প্ৰতীক

(খ) আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য 

(গ) স্বাধীনতাৰ প্ৰতীক

(ঘ) শান্তিৰ প্ৰতীক

উত্তৰঃ(খ) আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য 

২৭) ভাৰতীয় সংস্কৃতি কিহৰ ফল?

(ক) একমাত্ৰ আৰ্য সংস্কৃতি

(খ) বিভিন্ন সংস্কৃতিৰ সমন্বয় 

(গ) কেৱল দ্ৰাবিড় সংস্কৃতি

(ঘ) বিদেশী সংস্কৃতি

উত্তৰঃ(খ) বিভিন্ন সংস্কৃতিৰ সমন্বয় 

২৮) ভাৰতীয় সংস্কৃতিৰ ধাৰা কেনেকুৱা?

(ক) স্থবিৰ

(খ) গতিশীল আৰু ক্ৰমবৰ্ধমান 

(গ) একে ধৰণৰ

(ঘ) দুৰ্বল

উত্তৰঃ(খ) গতিশীল আৰু ক্ৰমবৰ্ধমান 

২৯) ভাৰতীয় সংস্কৃতিৰ বিকাশত কিহে বিশেষ ভূমিকা লৈছে?

(ক) বিভিন্ন জাতি আৰু সংস্কৃতিৰ মিলন 

(খ) যুদ্ধ

(গ) ৰাজনীতি

(ঘ) বাণিজ্য

উত্তৰঃ(ক) বিভিন্ন জাতি আৰু সংস্কৃতিৰ মিলন 

৩০) ভাৰতীয় সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য কোনটো?

(ক) সহিষ্ণুতা 

(খ) অসহিষ্ণুতা

(গ) বিভাজন

(ঘ) সংঘাত

উত্তৰঃ(ক) সহিষ্ণুতা 

৩১) ভাৰতীয় সংস্কৃতিৰ ধাৰাক কি বুলি কোৱা হৈছে?

(ক) অবিচ্ছিন্ন ধাৰা 

(খ) বিচ্ছিন্ন ধাৰা

(গ) ক্ষণস্থায়ী ধাৰা

(ঘ) কৃত্ৰিম ধাৰা

উত্তৰঃ(ক) অবিচ্ছিন্ন ধাৰা 

৩২) ভাৰতীয় সংস্কৃতি কিহৰ ওপৰত প্ৰতিষ্ঠিত?

(ক) সমন্বয় আৰু গ্ৰহণশীলতা 

(খ) বিভেদ

(গ) যুদ্ধনীতি

(ঘ) একাধিপত্য

উত্তৰঃ(ক) সমন্বয় আৰু গ্ৰহণশীলতা 

৩৩) লেখকৰ মতে ভাৰতীয় সংস্কৃতি কি?

(ক) জীৱন্ত শক্তি 

(খ) মৃত পৰম্পৰা

(গ) কেৱল ইতিহাস

(ঘ) কল্পনা

উত্তৰঃ(ক) জীৱন্ত শক্তি 

৩৪) ভাৰতীয় সংস্কৃতিৰ গঠন কেনেদৰে হৈছে?

(ক) একে জাতিৰ দ্বাৰা

(খ) বিভিন্ন জাতি, ভাষা আৰু ধৰ্মৰ সমন্বয়েৰে 

(গ) কেৱল বিদেশী সংস্কৃতিৰে

(ঘ) কেৱল আৰ্যসকলৰ দ্বাৰা

উত্তৰঃ(খ) বিভিন্ন জাতি, ভাষা আৰু ধৰ্মৰ সমন্বয়েৰে 

৩৫) ভাৰতীয় সংস্কৃতিৰ শক্তি ক'ত নিহিত?

(ক) সমন্বয়ৰ মনোভাৱত 

(খ) যুদ্ধত

(গ) ধনত

(ঘ) ৰাজনীতিত

উত্তৰঃ(ক) সমন্বয়ৰ মনোভাৱত