স্মৃতি, মনোযোগ আৰু আগ্ৰহ
১. আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ কি ?
ক)'Interest'
খ)'Innate'
গ)'Durable'
উত্তৰঃ ক)'Interest'
২. আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ 'Interest' মূল কোন ভাষাৰ পৰা উৎপতি হৈছে ?
ক)জাৰ্মান
খ)লেটিন
গ)ফাৰ্চী
উত্তৰঃ খ)লেটিন
৩. তলৰ কোনটো আগ্ৰহৰ বৈশিষ্ট্য ?
ক)আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা
খ)সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ
গ)স্থায়ী আৰু অস্থায়ী আগ্ৰহ
উত্তৰঃ ক)আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা
৪. আগ্ৰহ মনোযোগৰ কিহৰ অন্যতম কাৰণ ?
ক)বস্তুনিষ্ঠ
খ)ব্যক্তিনিষ্ঠ
গ)সামাজিক
উত্তৰঃ খ)ব্যক্তিনিষ্ঠ
৫. আগ্ৰহ ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
ক)তিনিটা
খ)চাৰিটা
গ)দুটা
উত্তৰঃ গ)দুটা
৬. আগ্ৰহৰ সক্ৰিয় অৱস্থাক কি বোলে ?
ক)মনোযোগ
খ)সংবেদন
গ)আগ্ৰহ
উত্তৰঃ ক)মনোযোগ
৭. 'টেচিষ্টস্কপ' নামৰ সজুঁলিৰ দ্বাৰা কিহৰ প্ৰসাৰ জোখা হয় ?
ক)আগ্ৰহৰ
খ)মনোযোগৰ
গ)শিক্ষণৰ
উত্তৰঃ খ)মনোযোগৰ
৮. শিশুৰ মনোযোগ কি হয় ?
ক)সংবেদনাত্মক
খ)স্থায়ী
গ)ভাবাত্বক
উত্তৰঃ ক)সংবেদনাত্মক
৯. অতীত অভিজ্ঞতাৰ স্মৃতি কেইটা ভাগত ভগাব পাৰি ?
ক)তিনিটা
খ)সাতটা
গ)দুটা
উত্তৰঃ গ)দুটা
১০. ভাৰতবৰ্ষই কিমান চনত স্বাধীনতা লাভ কৰিছিল ?
ক)১৯৪৭
খ)১৮৫৭
গ)১৯৪০
উত্তৰঃ ক)১৯৪৭
১১. যেতিয়া ব্যক্তিয়ে অতি কম সময়ৰ ভিতৰত অভিজ্ঞতা মনত পেলাবলগীয়া হয় তাক কি স্মৃতি বোলে ?
ক)দীৰ্ঘম্যাদী স্মৃতি
খ)হ্ৰস্বম্যাদী স্মৃতি
গ)অভ্যাস স্মৃতি
উত্তৰঃ খ)হ্ৰস্বম্যাদী স্মৃতি
১২. কোনো বিষয় বহুদিনলৈ মনত ৰাখি প্ৰয়োজন সাপেক্ষে মনত পেলোৱা কাৰ্য্য কি স্মৃতি বোলে ?
ক)তৎকালীন স্মৃতি
খ)যুক্তিসংগত স্মৃতি
গ)দীৰ্ঘম্যাদী স্মৃতি
উত্তৰঃ গ)দীৰ্ঘম্যাদী স্মৃতি
১৩. বিস্মৃতি কিহৰ বিপৰীত শব্দ ?
ক)স্মৃতিৰ
খ)যৌক্তিক
গ)ছন্দৰ
উত্তৰঃ ক)স্মৃতিৰ
১৪. ১৮৮৬ জাৰ্মানৰ কোনজন মনোবিজ্ঞানীয়ে পোন প্ৰথমে বিস্মৃতিৰ ওপৰত আনুষ্ঠানিক গবেষণা আৰম্ভ কৰিছিল ?
ক)নৰমান
খ)মান
গ)ইবিংহাচ্
উত্তৰঃ গ)ইবিংহাচ্
১৫. মনোবিধসকলে বিস্মৃতি কাৰণ হিচাপে বিস্তৃত দৃষ্টিৰে কেইটা ভাগ কৰিছে ?
ক)এটা
খ)দুটা
গ)তিনিটা
উত্তৰঃ খ)দুটা
১৬. মেকডুগালে লিখা গ্ৰন্থখনৰ নাম কি ?
ক)"An outline of Psychology"
খ)"Ground Work of Education Psychology"
গ)Memory : A contribution to Experiment psychology"
উত্তৰঃ ক)"An outline of Psychology"
১৭. জে. এছ. ৰ'ছৰে লিখা গ্ৰন্থ খনৰ নাম কি ?
ক)"An outline of Psychology"
খ)Memory : A contribution to Experiment Psychology"
গ)"Ground Work of Educational Psychology"
উত্তৰঃ গ)"Ground Work of Educational Psychology"
১৮. আগ্ৰহৰ অৰ্থ কি ?
ক)কোনো বিষয়ৰ লগত জড়িত থকা
খ)মানসিক অৱস্থাৰ লগত জড়িত থকা
গ)গতিশীল
উত্তৰঃ ক)কোনো বিষয়ৰ লগত জড়িত থকা
১৯. আগ্ৰহৰ আৰু কিহৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে ?
ক)স্বভাৱ
খ)মনোযোগ
গ)সামাজিক
উত্তৰঃ খ)মনোযোগ
২০. শিশুৱে কোনো বিষয়ত গভীৰভাৱে মনোযোগ দিব পাৰে ?
ক)হয়
খ)নহয়
গ)ওপৰৰ এটাও নহয়
উত্তৰঃ খ)নহয়