সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন

1. এটা বচনত কেইটা অংশ থাকে ? 

(ক)পাঁচটা

(খ)দুটা

(গ)তিনিটা


উত্তৰঃ 
(গ)তিনিটা

2. বচনৰ  এটা অংশ হ'ল ,

(ক)কাল

(খ)সংযোজক

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)সংযোজক

3. বচনৰ সৰলীকৰণত অৰ্থৰ পৰিৱৰ্তন হয়নে ?

(ক)হয়

(খ)নহয়

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)নহয়

4. বচনৰ ক্ষেত্ৰত প্ৰথমে ব্যৱহৃত শব্দটো কি ?

(ক)ক্ষেত্ৰক

(খ)পৰিমাণক

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)পৰিমাণক

5. 'কমেই' শব্দ থকা বাক্য কি বচনলৈ নিয়া হয়,

(ক)'A' বচনলৈ

(খ)'O' বচনলৈ

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)'O' বচনলৈ

6. এটা বচনত অংশসমূহ কি অনুসৰি বহে ?

(ক)ক্ৰম অনুসৰি বহে

(খ)ক্ৰম অনুসৰি নবহে

(গ)ওপৰৰ এটায়ো নহয়

উত্তৰঃ 
(ক)ক্ৰম অনুসৰি বহে

7. কি উদ্দেশ্য আৰু বিধেয়কৰ মাজত থাকে ?

(ক)বচন

(খ)সংযোজক

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)সংযোজক

8. নিশ্চয়তা অনুসৰি বচনক কেইটা ভাগত ভগোৱা হৈছে ?

(ক)তিনিটা

(খ)আঠটা

(গ)পাঁচটা


উত্তৰঃ 
(ক)তিনিটা

9. 'ল'ৰাজন বদমাচ হ'ব পাৰে' --কি পদ হ'ব,

(ক)বিৱৰণাত্মক বচন

(খ)সম্ভাৱ্য বচন

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)সম্ভাৱ্য বচন

10. 'বচন হ'ল দুটা পদৰ মাজৰ সম্পৰ্কৰ উক্তি' । সঁচা হয়নে --

(ক)নহয়

(খ)হয়

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)হয়

11. 'সকলো বাক্যই বচন হ'ব নোৱাৰে' । উক্তিটো সঁচা নে --

(ক)মিছা

(খ)সঁচা

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)সঁচা

12. গুণ আৰু পৰিমাণৰ সংযুক্ত বা মিশ্ৰনীতি অনুসৰি বচনক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)দুটা

(খ)চাৰিটা

(গ)আঠটা


উত্তৰঃ 
(খ)চাৰিটা

13. বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ কি সলনি নহয় ? 

(ক)শব্দ

(খ)অৰ্থ

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)অৰ্থ

14. কিছুমান মানুহ নহয় সৎ। কি বচন হব -- 

(ক)'I'

(খ)'O'

(গ)'A'


উত্তৰঃ 
(খ)'O'

15. কোনো মানুহ নহয় অমৰ । কি বচন হব --

(ক)'A'

(খ)'E'

(গ)'I'

উত্তৰঃ 
(খ)'E'