প্ৰকল্প

১) মিলৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ স্তৰ কেইটা?

ক) দুটা

খ) তিনিটা

গ) চাৰিটা

উত্তৰঃ গ) চাৰিটা

২) ঘটনাৰ ভিন্নতা অনুসৰি প্ৰকল্পক কেইটা ভাগত ভগোৱা হয়?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

৩) নিউটনৰ মাধ্যাকৰ্ষণ শক্তিৰ নিয়ম কি প্ৰকল্পৰ ওপৰত প্ৰতিষ্ঠা কৰি হৈছিল?

ক) নিয়ম সম্পৰ্কীয় প্ৰকল্প

খ) কৰ্তা সম্পৰ্কীয় প্ৰকল্প

গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প

উত্তৰঃ ক) নিয়ম সম্পৰ্কীয় প্ৰকল্প

৪। প্ৰকল্পৰ উদ্দেশ্য কি?

ক) কোনো এটা ঘটনাক নিৰীক্ষণ কৰা

খ) কোনো ঘটনাক বিজ্ঞানসন্মতভাৱে বাখ্যা কৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কোনো ঘটনাক বিজ্ঞানসন্মতভাৱে বাখ্যা কৰা

৫) চৰম দৃষ্টান্তক কেইটা ভাগত ভাগ কৰা হৈছে।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৬) সত্যাপনীয়তাৰ অৰ্থ কি?

ক) সত্যক প্ৰমাণ কৰা

খ) সত্য বা অসত্য বুলি প্ৰমাণ হোৱাৰ যোগ্যতা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সত্য বা অসত্য বুলি প্ৰমাণ হোৱাৰ যোগ্যতা

৭) প্ৰকল্পৰ সত্যাপনীয়তা কি ধৰণে কৰা হয়?

ক) এক

খ) দুই

গ) তিনি

উত্তৰঃ খ) দুই

৮) নেপচুন গ্ৰহ কেতিয়া আৱিষ্কাৰ হৈছিল?

ক) ১৯৪৮ ত

খ) ১৮৪৬ ত

গ) ১৮৩১ ত

উত্তৰঃ খ) ১৮৪৬ ত

৯) প্ৰকল্পৰ প্ৰথম স্তৰটো কি?

ক) প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ

খ) প্ৰমাণীকৰণ

গ) প্ৰকল্প গঠন

উত্তৰঃ ক) প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ

১০) বৈধ প্ৰকল্প কেনেকুৱা হ'ব লাগে?

ক) সৰল

খ) স্পষ্ট

গ) সত্যাপনীয়

উত্তৰঃ ক) সৰল