মৌলিক অধিকাৰ


১। নাগৰিকৰ বিকাশৰ বাবে ৰাষ্ট্ৰই প্ৰদান কৰা সুযোগ-সুবিধাবোৰক কি নামে জনা যায় ?

নিৰ্দেশাত্মক নীতি

অধিকাৰ

এটাও নহয়

উত্তৰ-অধিকাৰ

২। ভাৰতীয় সংবিধানখন বলবৎ কৰাৰ সময়ত সংবিধান সভাই নাগৰিকসকলক কেই প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে ?

আঠ প্ৰকাৰৰ

ছয় প্ৰকাৰৰ

এটাও নহয়

উত্তৰ-এটাও নহয়

৩। ১৯৭৮ চনৰ সংবিধানৰ ৪৪তম সংশোধনীৰ দ্বাৰা কোনটো অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ ঘটোৱা হৈছে ?

সম্পত্তিৰ অধিকাৰটোক

শোষণৰ বিৰুদ্ধে অধিকাৰটোক

এটাও নহয়

উত্তৰ-সম্পত্তিৰ অধিকাৰটোক

৪। ১৪ নং অনুচ্ছেদৰপৰা ১৮ নং অনুচ্ছেদলৈ কি অধিকাৰ প্ৰদান কৰিছে ?

স্বাধীনতাৰ অধিকাৰ

সমতাৰ অধিকাৰ

এটাও নহয়

উত্তৰ-সমতাৰ অধিকাৰ

৫। ইতিমধ্য়ে সংবিধানৰ ২১ (ক) অনুচ্ছেদ মতে কিমান বছৰ বয়সৰপৰা কিমান বছৰলৈ শিশুক বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে ?

৬ বছৰৰপৰা ১৪ বছৰ বয়সলৈ

৮ বছৰৰপৰা ১৬ বছৰ বয়সলৈ

এটাও নহয়

উত্তৰ-৬ বছৰৰপৰা ১৪ বছৰ বয়সলৈ

৬। কিমান চনত শিশু শ্ৰমিক নিষিদ্ধ আইন বলবৎ কৰা হৈছিল ?

২০০৯ চনত

২০০৬ চনত

এটাও নহয়

উত্তৰ-২০০৬ চনত

৭। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ৬-১৪ বছৰ বয়সৰ কিমান শিশুক কামত নিয়োজিত কৰা হৈছিল ? 

১২ নিযুত

২১ নিযুত

এটাও নহয়

উত্তৰ-১২ নিযুত

৮। শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ কিমান নং অনুচ্ছেদৰপৰা প্ৰদান কৰা হৈছে ?

২৮ নং আৰু ৩২ নং অনুচ্ছেদত

৩১ নং আৰু ৩২ নং অনুচ্ছেদত

এটাও নহয়

উত্তৰ-এটাও নহয়

৯। মৌলিক অধিকাৰৰ ৰক্ষক বুলি কাক কোৱা হয় ?

দেশৰ জনসাধাৰণৰ

ন্য়ায়ালয়ক

এটাও নহয়

উত্তৰ-ন্য়ায়ালয়ক

১০। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলক মৌলিক অধিকাৰ প্ৰদান কৰিলেও তাৰ কিছুমান ___________ আছে ।

সীমাৱদ্ধতা

নীতি নিয়ম

এটাও নহয়

উত্তৰ-সীমাৱদ্ধতা

১১। পৰিণীতায়ে শিক্ষাৰ অধিকাৰ লাভ কৰিব পাৰিলেনে ?

পাৰিলে

নোৱাৰিলে

ওপৰৰ এটাও নহয়

উত্তৰ-পাৰিলে

১২।  আমাৰ মৌলিক অধিকাৰ কেইটা ?

ছয়টা

পাচঁটা

চাৰিটা

উত্তৰ-ছয়টা

১৩। তলৰ ছবিখনে কি বুজাইছে ?


দোনকানীয়ে বস্তু জোখা

আইনৰ চকুত সকলো সমান

মাক-দেউতাকৰ চকুত লৰা-ছোৱালী সকলো সমান

উত্তৰ-আইনৰ চকুত সকলো সমান

১৪। মৌলিক অধিকাৰসমূহ উলংঘা কৰিলে তাৰ প্ৰতিকাৰৰ বাবে কি কৰা হয় ?

ফাঁচী দিয়া হয়

জেলত ভৰোৱা হয়

বিশেষ ব্য়ৱস্থা আছে

উত্তৰ-বিশেষ ব্য়ৱস্থা আছে

১৫। 'মহিলাক সুৰক্ষা দিয়ক' বুলি কোন সমিতিয়ে দাবী কৰিছিল ?

জনকল্য়াণ সন্মিলিত সংঘ

মিলন জ্য়োতি মহিলা সমিতি

ওপৰৰ দুয়োটা

উত্তৰ-মিলন জ্য়োতি মহিলা সমিতি

১৬। শিশুৰ শিক্ষাৰ অধিকাৰ আইন কিমান চনত প্ৰৱৰ্তিত কৰা হৈছে ?  

২০০৯ চনত

২০১১ চনত

২০১৮ চনত

উত্তৰ-২০০৯ চনত

১৭। পৰিণীতা কাৰ ঘৰত কাম কৰিছিল ?

শেৱালিৰ ঘৰত

নিৰিবিলিৰ ঘৰত

মণ্টুৰ ঘৰত

উত্তৰ-মণ্টুৰ ঘৰত

১৮। কিমান বছৰলৈ শিক্ষা গ্ৰহণ কৰাটো বাধ্য়তামূলক ?

৫-১৮ বছৰলৈ

৪-১৪ বছৰলৈ

৬-১৪ বছৰলৈ

উত্তৰ-৬-১৪ বছৰলৈ

১৯। ২০১২ চনত ভাৰতীয় সংসদে শিশুৰ ওপৰত কি আইন গ্ৰহণ কৰিছিল ?

শিক্ষাৰ অধিকাৰ আইন

যৌন প্ৰতিৰোধী আইন

ওপৰৰ এটাও নহয়

 উত্তৰ-যৌন প্ৰতিৰোধী আইন

২০। সংবিধানৰ ২৯ নং আৰু ৩০ নং অনুচ্ছেদত ভাৰতৰ নাগৰিকসকলৰ বাবে কি অধিকাৰ প্ৰদান কৰা হৈছে ?

ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ

শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ

সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

 উত্তৰ-শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ


DABP007425