অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন

Chapter 2

১। অসমৰ চৰকাৰী ভাষা কি ?

উত্তৰ- অসমৰ চৰকাৰী ভাষা হ'ল আৰ্য ভাষা অসমীয়া। 


২। অসমত বাস কৰা জন-জাতীবোৰ কি ?

 উত্তৰ- অসমত বাস কৰা জন-জাতীবোৰ হ'ল কুকি , মণিপুৰী , কছাৰী , কাৰ্বি  ,বড়ো , দেউৰী , গাৰো , মিচিং , তিৱা , ডিমাচা , ৰেংমা , ৰাভা , সোণোৱাল আদি।


৩। অসমত কেইধৰণৰ আৰু কি কি উতসৱ পালন কৰা হয় ?

উত্তৰ- অসমত তিনিধৰণৰ উতসৱ পালন কৰা হয় আৰু সেইকেইটা হল (১) ধৰ্মীয় (২) কৃষিমূলক আৰু (৩) সামাজিক অনুষ্ঠানমূলক। 


৪। অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলত আৰু কেইখন ৰাজ্য় আছে ?

উত্তৰ- অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলত আৰু ৬ খন ৰাজ্য় আছে। 


৫।অসমীয়াৰ জাতীয় সাজ-পাৰ কি ?

উত্তৰ- অসমীয়াৰ জাতীয় সাজ-পাৰ হল কিংসাপ , মেখেলা-চাদৰ, ধুতি-কামিজ , এৰী , পাট-মুগাৰ বিভিন্ন সাজ আদি। 


৬। অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই কি পিন্ধে ?

উত্তৰ- অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই মেখেলা - চাদৰ , শাৰী আদি পিন্ধে।


৭। কৃষিভিত্তিক উতসৱ কি ?

উত্তৰ- অসমৰ জাতীয় উতসৱ বিহু আৰু মিচিংসকলৰ আলি-আয়ে-লৃগাং হল কৃষিভিত্তিক।