বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

১। বায়ুমণ্ডল কিমাণ উচ্চতালৈ বিস্তৃত হৈ আছে ?

(ক) ১,০০০ কিলোমিটাৰ

(খ) ১০,০০০ কিলোমিটাৰ

(গ) ১৫,০০০ কিলোমিটাৰ

(ঘ) ১৩,০০০ কিলোমিটাৰ

উত্তৰঃ (খ) ১০,০০০ কিলোমিটাৰ


২। বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক কেইটা ভাগত বিভক্ত কৰা হয় ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

(ঘ) ৫ টা

উত্তৰঃ (ক) ২ টা


৩। অ’জনগেছৰ স্তৰটো ক’ত অৱস্থিত ?

(ক) ট্ৰপ’স্ফিয়েৰ

(খ) ষ্ট্ৰেট’স্ফিয়েৰ

(গ) মেছ’স্ফিয়েৰ

(ঘ) থাৰ্ম’স্ফিয়েৰ

উত্তৰঃ (খ) ষ্ট্ৰেট’স্ফিয়েৰ


৪। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?

(ক) ২০.৯৪%

(খ) ২৯.০১%

(গ) ৩২.৪৭%

(ঘ) ৭৮.০৮%

উত্তৰঃ (ক) ২০.৯৪%


৫। বায়ুপ্ৰবাহৰ মূল কাৰণটো হ’ল –

(ক) আৰ্দ্ৰতাৰ তাৰতম্য

(খ) চাপৰ তাৰতম্য

(গ) মাধ্যাকৰ্ষণ শক্তি

(ঘ) অপকেন্দ্ৰিক বল

উত্তৰঃ (খ) চাপৰ তাৰতম্য


৬। বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ’ল –

(ক) উইণ্ড ভেন

(খ) এনিম’মিটাৰ

(গ) বিউফ’ৰ্ট স্কেল

(ঘ) হাইড্ৰ’মিটাৰ

উত্তৰঃ (খ) এনিম’মিটাৰ


৭। বতাহৰ গতিবেগৰ এককটো হ’ল ?

(ক) নট

(খ) মিলিবাৰ

(গ) শতাংশ

(ঘ) ডিগ্ৰী

উত্তৰঃ (ক) নট


৮। মৌচুমী বতাহ তলৰ কোনটো শ্ৰণীৰ  অন্তৰ্গত ?

(ক) স্থানীয় বতাহ

(খ) প্ৰাথমিক বতাহ

(গ) গৌণ বতাহ

(ঘ) নিয়মিত বতাহ

উত্তৰঃ (গ) গৌণ বতাহ


৯। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ’ল-

(ক) চাইক্ল’ন

(খ) হাৰিকেন

(গ) উইলী উইলী

(ঘ) টাইফুন

উত্তৰঃ (ঘ) টাইফুন


১০। বায়ুপ্ৰবাহ নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰক কেইটা ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

(ঘ) ৫টা

উত্তৰঃ (গ) ৪ টা


১১। বায়ুমণ্ডলত আয়তন হিচাপে নাইট্ৰ’জেন কিমান থাকে ?

(ক) ০.৯৩

(খ) ৭৮.০৮

(গ) ২১.৯৪

(ঘ) ৭৫.৮০

উত্তৰঃ (খ) ৭৮.০৮


১২। বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ বিধৰ নাম কি ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) আৰ্গন

(ঘ) নাইট্ৰ’জেন

উত্তৰঃ (ঘ) নাইট্ৰ’জেন


১৩। ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম কি ?

(ক) মেছ’স্ফিয়েৰ

(খ) ষ্ট্ৰেট’স্ফিয়েৰ

(গ) ট্ৰপ’স্ফিয়েৰ

(ঘ) থাৰ্ম’স্ফিয়েৰ

উত্তৰঃ (গ) ট্ৰপ’স্ফিয়েৰ


১৪। ট্ৰপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্পিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোৰ নাম কি ?

(ক) ষ্ট্ৰেট’পজ

(খ) মেছ’পজ

(গ) ট্ৰপ’পজ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ট্ৰপ’পজ


১৫। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি

(ক) বেৰ’মিটাৰ

(খ) এনিম’মিটাৰ

(গ) হাইড্ৰ’মিটাৰ

(ঘ) বিউফ’ৰ্ট স্কেল

উত্তৰঃ (ক) বেৰ’মিটাৰ


১৬। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ প্ৰধান কাৰণ কেইটা ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

(ঘ) ৫ টা

উত্তৰঃ (ক) ২ টা


১৭। বায়ুৰ গতি সাধাৰণতে কেই প্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৩ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (খ) ২ প্ৰকাৰৰ


১৮। বায়ুৰাশিৰ  উৎস স্থান আৰু তাৰ বৈশিষ্টৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা


১৯। ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে ?

(ক) ৪০ কিলোমিটাৰ

(খ) ৫৭ কিলোমিটাৰ

(গ) ৭০ কিলোমিটাৰ

(ঘ) ৮০ কিলোমিটাৰ

উত্তৰঃ (ঘ) ৮০ কিলোমিটাৰ


২০। প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰবোৰক প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত কৰা হৈছে ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা