জোনাক নিশা


১। জেউতি অৰ্থ  কি ?

1) আন্ধাৰ

2) পোহৰ

3) ইয়াৰ পৰা এটাও নহয়

Ans: পোহৰ


২। জোনাক ৰাতিৰ শোভা দেখি তোমাৰ কেনে লাগে ?

1) বেয়া লাগে

2) দেখিলেই দেহ-মন জুৰ পৰি যায়।

3) ইয়াৰ পৰা এটাও নহয়

Ans: দেখিলেই দেহ-মন জুৰ পৰি যায়।


৩। বিতোপন অৰ্থ কি ?

1) অতি সুন্দৰ

2) সৌন্দৰ্য

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৪।  জোনাক নিশা কবিতাটো কবি নাম কি ?

1) মিত্ৰদেৱ মহন্ত

2) মঃ চোলেইমান খাঁ

3) নৱকান্ত বৰুৱা

Ans: মঃ চোলেইমান খাঁ


৫। নৈ-বিল,ঘৰ-বাৰী সকলোতে জোনৰ কি পৰে ?

1) পোহৰ পৰে

2) ইয়াৰ পৰা এটাও নহয়

3) পোহৰ নপৰে

Ans: পোহৰ পৰে


৬। জুৰ অৰ্থ কি ?

1) শীতল

2) গৰম

3) ইয়াৰ পৰা এটাও নহয়

Ans: শীতল


৭। জোনাটিৰ কেউকাষে তৰাবোৰে কি কৰি হাঁহে  আৰু নাচে ?

1) তিৰবিৰ কৰি হাঁহে আৰু নাচে

2) জকমক কৰি

3) ইয়াৰ পৰা এটাও নহয়

Ans: তিৰবিৰ কৰি হাঁহে আৰু নাচে


৮। জুৰি অৰ্থ কি ?

1) আগুৰি থকা

2) আগুৰি নধৰা

3) ইযাৰ পৰা এটাও নহয়

Ans: আগুৰি থকা


৯। শোভা অৰ্থ কি ?

1) সৌন্দৰ্য

2) পো়হৰ

3) ইযাৰ পৰা এটাও নহয়

Ans: সৌন্দৰ্য


১০। জোনটিয়ে আকাশত কি কৰি আছে ?

1) তিৰবিৰাই আছে

2) জকমক কৰি আছে

3) ওপৰৰ দুয়োটা

Ans: জকমক কৰি আছে


১১। তৰাবোৰে কেউকাষে কি কৰি আছে ?

1) তিৰবিৰাই আছে

2) জকমক কৰি আছে

3) জেউতি চৰাই আছে

Ans: তিৰবিৰাই আছে


১২। অসীম আকাশ জুৰি শোভে _________ ।

1) জোনাক

2) তিৰবিৰ

3) বিতোপন

Ans: বিতোপন


১৩। বিশ্বপতি শব্দৰ অৰ্থ কি ?

1) অতি সুন্দৰ

2) পৰমেশ্বৰ

3) সৌন্দৰ্য

Ans: পৰমেশ্বৰ


১৪। আকাশত জোনটি _________ জ্বলি থাকে ।

1) জকমক কৰি

2) তিৰবিৰ কৰি

3) ছেও ধৰি

Ans: জকমক কৰি


১৫। নতি শব্দৰ অৰ্থ কি ?

1) গৰাকী

2) শীতল

3) এটাও নহয়

Ans: এটাও নহয়


১৬। সকলো শোভাৰ গিৰী কোন ?

1) নতি

2) বিশ্বপতি

3) আনন্দ

Ans: বিশ্বপতি

১৭। কোনেনো জোনাক ৰাতি চোৱা আজি __________।

1) ভাই

2) ককাই

3) আই

Ans: ভাই


১৮। জোনাক ৰাতি শোভাৰ বাবে  কবিয়ে কাৰ ওচৰত মূৰ দোৱাইছে ?

1) জোনটোৰ আগত

2) তৰাবোৰৰ আগত

3) বিশ্বপতিৰ আগত

 Ans: বিশ্বপতিৰ আগত


১৯। গিৰী শব্দৰ অৰ্থ কি ?

1) গৰাকী

2) গৰখীয়া

3) গৰু থোৱা ঘৰ

Ans: গৰাকী


২০। ৰূপালী জেউতি পৰি আছে যেন ________ ।

1) নাচি

2) হাঁহি

3) হালি-জালি

Ans: হাঁহি

Type Susmita Kakati