আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা


১) চুকাফাই জন্ম গ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি?

(ক) ম্যুং ৰি ম্যুং

(খ) কিং ছেনৰ বা ছিয়েং চেন

(গ) ম্যুং মাও বা মেকং

উত্তৰ- (খ) কিং ছেনৰ বা ছিয়েং চেন ।


২) ম্যুং মাও ৰাজসিংহাসনৰ উত্তৰাধিকাৰী কোন?

(ক) চুকাফা

(খ) কমতেশ্বৰ

(গ) তুঘ্ৰিল

উত্তৰ- (ক) চুকাফা ।


৩) চৰাইদেউৰ পুৰণি নাম কি?

(ক) চৰাই দয়

(খ) চেৰাই দয়

(গ) ৰাইদেউ

উত্তৰ- (খ) চেৰাই দয় ।


৪) কিমান খ্ৰি.ত চুকাফা জন্ম হয়?

(ক) ১১৯৮ খ্ৰি.ত

(খ) ১২৯১ খ্ৰি.ত

(গ) ১১৯১ খ্ৰি.ত

উত্তৰ- (গ) ১১৯১ খ্ৰি.ত ।


৫) কিমান খ্ৰি.ত ম্যুং মাও ৰাজসিংহাসন কোনে ত্যাগ কৰে?

(ক) ১২৫১ খ্ৰি.ত কমতেশ্বৰ

(খ) ১২১৫ খ্ৰি.ত চুকাফা

(গ) ১২৫৭ খ্ৰি.ত গৌড়েশ্বৰ

উত্তৰ- (খ) ১২১৫ খ্ৰি.ত চুকাফা ।


৬) চুকাফাৰ দলটো কিমান বছৰ কাল যাত্ৰা ভ্ৰমণ কৰিছিল?

(ক) ১৪ বছৰ

(খ) ১৭ বছৰ

(গ) ১৩ বছৰ

উত্তৰ- (গ) ১৩ বছৰ ।


৭) চুকাফা দলটো কোনখন ৰাজ্য স্থাপন কৰে?

(ক) খামজাং

(খ) পাংচৌ

(গ) নং য়াং

উত্তৰ- (ক) খামজাং ।


৮) কিমান খ্ৰি.ত চুকাফা দলটো লুইত পাৰৰ সৌমাৰ অঞ্চল তিপামত উপস্থিত হয়?

(ক) ১২২৬ খ্ৰি.ত ১৪ বহাগ

(খ) ১৩৫৬ খ্ৰি.ত ১২ আঘোণ

(গ) ১২২৮ খ্ৰি.ত ১৬ আঘোণ

উত্তৰ- (গ) ১২২৮ খ্ৰি.ত ১৬ আঘোণ ।


৯) চুকাফা দলটোৱে কিমান খ্ৰি.ত চৰাইদেউত ৰাজধানী স্থাপন কৰে?

(ক) ১৫৫৩ খ্ৰি.ত

(খ) ১২৫৩ খ্ৰি.ত

(গ) ১২৫৬ খ্ৰি.ত

উত্তৰ- (খ) ১২৫৩ খ্ৰি.ত ।


১০) চেৰাই দয়ৰ অৰ্থ কি?

(ক) উজ্জ্বল পাহাৰৰ নগৰ

(খ) সেমেকা মাটিৰ নগৰ

(গ) উজ্জ্বল পাহাৰৰ গাওঁ

উত্তৰ- (ক) উজ্জ্বল পাহাৰৰ নগৰ ।


১১) আহোম ৰজাসকলৰ প্ৰথম ৰাজধানী কি?

(ক) খামজাং

(খ) চৰাইদেউ

(গ) ম্যুং ডুন

উত্তৰ- (খ) চৰাইদেউ ।


১২) আহোম ৰজা চুকাফাই শাসন কৰিবলৈ লোৱা ঠাইখিনিৰ নাম কি?

(ক) ম্যুং মাও

(খ) ছিয়েং চেন

(গ) ম্যুং ডুন চূণখাম

উত্তৰ- (গ) ম্যুং ডুন চূণখাম ।


১৩)চুকাফাই ১২১৫ খ্ৰি.ৰ পৰা ১২৫৩ খ্ৰি.লৈ মুঠ কিমান বছৰ কাল ভ্ৰমণ কৰিছিল?

(ক) ৩৫ বছৰ

(খ) ৩৮ বছৰ

(গ) ৪২ বছৰ

উত্তৰ- (খ) ৩৮ বছৰ ।


১৪) চৰাইদেউত উপস্থিত হওঁতে চুকাফা কিমান বয়স হৈছিল?

(ক) ৬২ বছৰ

(খ) ৭৪ বছৰ

(গ) ৬৭ বছৰ

উত্তৰ- (ক) ৬২ বছৰ ।


১৫) ম্যুং ডুন চূণ খাম’ৰ অৰ্থ কি?

(ক) পাহাৰ পৰ্বতেৰে ভৰা সেউজীয়া পৰিৱেশ

(খ) সোণৰ বাগিচাৰে ভৰা দেশ

(গ) সেউজীয়া পৰিৱেশ আৰু চৰাই-চিৰিকটিৰে ভৰা দেশ

উত্তৰ- (খ) সোণৰ বাগিচাৰে ভৰা দেশ ।


১৬) চুকাফা কিমান খ্ৰি.ত মৃত্যু ঘটিল?

(ক) ১২৫৬ খ্ৰি.ত

(খ) ১৩৬৮ খ্ৰি.ত

(গ) ১২৬৮ খ্ৰি.ত

উত্তৰ- (গ) ১২৬৮ খ্ৰি.ত ।


১৭) অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?

(ক) মৈমনসিং

(খ) চুকাফা

(গ) কতমেশ্বৰ

উত্তৰ- (খ) চুকাফা ।


১৮) চুকাফাই ৰাজ্য শাসনৰ সুবিধাৰ্থে কেইগৰাকী  মন্ত্ৰী নিয়োগ কৰিছিল?

(ক) দুই গৰাকী

(খ) তিনিগৰাকী

(গ) চাৰিগৰাকী

উত্তৰ- (ক) দুই গৰাকী ।


১৯) চুকাফা অসমলৈ অহাৰ সময়ত দিখৌ দিচাং নৈৰ মাজৰ ঠাইখিনি কোন জাতিয়ে শাসন কৰিছিল?

(ক) হাতীচুং

(খ) মৰাণ আৰু বৰাহী

(গ) বৰাহী গোষ্ঠী

উত্তৰ- (খ) মৰাণ আৰু বৰাহী ।


২০) কাৰ আদৰ্শ আৰু নীতিৰ ভিত্তিত ‘ম্যুং ডুন খাম’ স্থাপিত হৈছিল?

(ক) চুকাফা

(খ) বুঢ়াগোহাঁই

(গ) বৰগোহাঁই

উত্তৰ- (ক) চুকাফা


Type by: Bikash  Bora