স্বৰ্গদেউ চুহুংমুং 

১) কোনজন ৰজাৰ দিনৰ পৰা আহামসকলক স্বৰ্গদেউ বোলা হৈছিল?

(ক) ছুকাফা

(খ) চুহুংমুঙৰ

(গ) চুডাংফাৰ

উত্তৰ- (খ) চুহুংমুঙৰ ।


২)  টাই ভাষাত ৰজাক কি বুলি কোৱা হৈছিল?

(ক) চাও-ফা

(খ) চুং-ফা

(গ) হুং মা

উত্তৰ- (ক) চাও-ফা ।


৩) চাও মানে কি?

(ক) স্বৰ্গ

(খ) চুহুং

(গ) ৰজা বা সন্মানীয় ব্যক্তি

উত্তৰ- (গ) ৰজা বা সন্মানীয় ব্যক্তি ।


৪) ফা মানে কি?

(ক) স্বৰ্গ

(খ) লেংদন

(গ) ছ্যুকাফা

উত্তৰ- (ক) স্বৰ্গ ।


৫) আহোমসকলে নিজকে কাৰ বংশধৰ বুলি ভাৱিছিল?

(ক) স্বৰ্গনাৰায়ণ

(খ) স্বৰ্গদেউ

(গ) ইন্দ্ৰৰ

উত্তৰ- (গ) ইন্দ্ৰৰ ।


৬) চুহুংমুঙৰ দেউতাকৰ নাম কি?

(ক) চুপিমফা

(খ) খুনবাও

(গ) কাৰচেং

উত্তৰ- (ক) চুপিমফা ।


৭) চুহুংমুঙৰ অৰ্থ কি?

(ক) বিখ্যাত দেশৰ ৰজা

(খ) বিখ্যাত দেশৰ বাঘ

(গ) দেশৰ শাসনভাৰ

উত্তৰ- (খ) বিখ্যাত দেশৰ বাঘ ।


৮) চুহুংমুং দিহিং নৈ পাৰলৈ ৰাজধানী তুলি আনিছিল কাৰণে তেওঁক কি ৰজা বুলি কোৱা হয়?

(ক) দিহিঙীয়া ৰজা

(খ) ফৈদৰ দিহিং

(গ) দিহিংৰ কংচেং

উত্তৰ- (ক) দিহিঙীয়া ৰজা ।


৯) অসমৰ ইতিহাসৰ মহিয়সী নাৰী মূলা গাভৰু কাৰ পত্নী আছিল?

(ক) ফ্ৰাচেংমুং বৰগোহাঁই

(খ) বুঢ়াগোহাঁই

(গ) মৰঙ্গীয়াখোৱা গোহাঁই

উত্তৰ- (ক) ফ্ৰাচেংমুং বৰগোহাঁই ।


১০) চুহুংমুঙৰ দিনত চুতীয়াৰ ৰজা কোন আছিল?

(ক) দুৰ্লভনাৰায়ণ

(খ) চন্দ্ৰনাৰায়ণ

(গ) ফ্ৰাচেংমুং

উত্তৰ- (খ) চন্দ্ৰনাৰায়ণ ।


১১) থাপিত-সাঞ্চিত  অৰ্থ কি?

(ক) কৰতলীয়া

(খ) তলতীয়া শাসনকৰ্তা

(গ) কনচেং শাসনকৰ্তা

উত্তৰ- (খ) তলতীয়া শাসনকৰ্তা ।


১২) ধনশিৰি উপত্যকাৰ নামনি অঞ্চলটো চোৱা-চিতা কৰিব কাৰণে কিহৰ পদৰ সৃষ্টি কৰিছিল?

(ক) ‘বুঢ়াগোহাঁই’

(খ) ‘শদিয়াখোৱা গোহাঁই’

(গ) ‘মৰঙ্গীখোৱা গোহাঁই’

উত্তৰ- (গ) ‘মৰঙ্গীখোৱা গোহাঁই’ ।


১৩) কৰতলীয়া ৰজাজনৰ নাম কি?

(ক) ডেটচুং

(খ) ফ্ৰাচেংমুং

(গ) চুহুংমুঙ

উত্তৰ- (ক) ডেটচুং ।


১৪) কিমান খ্ৰি.ত পোন প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

(ক) ১৪৯৭ খ্ৰি.ত

(খ) ১৫৩২ খ্ৰি.ত

(গ) ১৫২৭ খ্ৰি.ত

উত্তৰ- (গ) ১৫২৭ খ্ৰি.ত ।


১৫) ‘স্বৰ্গনাৰায়ণ’ কোনগৰাকী আহোম স্বৰ্গদেউৰ হিন্দু নাম?

(ক) চুহুংমুং

(খ) কাৰচেঙ্গ

(গ) চুডাংফা

উত্তৰ- (ক) চুহুংমুং ।


১৬) কোনগৰাকী আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দুৰ শকাব্দ মতে বছৰ গণনা নিয়ম আৰম্ভ হয়?

(ক) চুডাংফা

(খ) চুহুংমুং

(গ) ডয়-কাও চেং

উত্তৰ- (খ) চুহুংমুং ।


১৭) লাক্নি কি?

(ক) দিন গণনা কৰা

(খ) মাহ গণনা কৰা

(গ) বছৰ গণনা কৰা

উত্তৰ- (গ) বছৰ গণনা কৰা ।


১৮) স্বৰ্গদেউৰ সৰ্বশ্ৰেষ্ঠ ৰজা চুহুংমুং ৰ মৃত্যু ঘটিছিল?

(ক) ১৫৩৯ খ্ৰি.ত

(খ) ১৫৫৩ খ্ৰি.ত

(গ) ১৫৬৯ খ্ৰি.ত

উত্তৰ- (ক) ১৫৩৯ খ্ৰি.ত ।


১৯) ‘বৰপাত্ৰ গোহাঁই’ পদবীধাৰী প্ৰথমগৰাকী ব্যক্তিৰ নাম কি?

(ক) ডেটচুং

(খ) খুনবাও

(গ) কনচেং বা নগা

উত্তৰ- (গ) কনচেং বা নগা ।


২০) কিমান খ্ৰি.ৰ যুদ্ধত মুছলমানক হৰুৱাই আহোমে কি কি কাঢ়ি লৈছিল?

(ক) ৪০টা ঘোঁৰা, ২০\৪০ টামান কামান

(খ) ৩৫ টা ঘোঁৰা, ২৫ টামান কামান

(গ) ৫ টা ঘোঁৰা, ১৫\২০ টামান কামান

উত্তৰ- (গ) ৫ টা ঘোঁৰা, ১৫\২০ টামান কামা



Type by- Bikash Bora