বিহু আদৰণি

১। বিহু আদৰণি কবিতাটিৰ কবি কোন?

(ক) মিত্ৰদেৱ মহন্ত

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) নৱকান্ত বৰুৱা

উত্তৰ- (ক) মিত্ৰদেৱ মহন্ত ।

২। এই কবিতাটিৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৯৬ চনত

(খ) ১৮৯৪ চনত

(গ) ১৮৩৩ চনত

উত্তৰ- (খ) ১৮৯৪ চনত ।

৩। তেখেতৰ কিমান তাৰিখে আৰু ক’ত জন্ম হৈছিল?

(ক) ৩০ জুন ডিব্ৰুগড়ত

(খ) ৩ জুলাই লক্ষীমপুৰত

(গ) ৯ জুন যোৰহাটত

উত্তৰ- (গ) ৯ জুন যোৰহাটত ।

৪। তেখেতে কিমান চনত গোলাঘাট হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে?

(ক) ১৯৯৯ চনত

(খ) ১৯৫০ চনত

(গ) ১৯৪৭ চনত

উত্তৰ- (খ) ১৯৫০ চনত ।

৫। অৱসৰৰ পাছত তেখেতে কি সত্ৰৰ সত্ৰাধিকাৰ হয়গৈ?

(ক) লেটুগ্ৰাম সত্ৰৰ

(খ) কমলাবাৰী সত্ৰৰ

(গ) বেঙেনাআটি সত্ৰৰ

উত্তৰ- (ক) লেটুগ্ৰাম সত্ৰৰ ।

৬। জুনজুনি নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

(খ) মিত্ৰদেৱ মহন্তৰ

(গ) নৱকান্ত বৰুৱাৰ

উত্তৰ- (খ) মিত্ৰদেৱ মহন্তৰ ।

৭। মোহনভাগ নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

(খ) নৱকান্ত বৰুৱাৰ

(গ) মিত্ৰদেৱ মহন্তৰ

উত্তৰ- (গ) মিত্ৰদেৱ মহন্তৰ ।

৮। কবিৰ মাকে বিহুক আদৰিবৰ বাবে কি কি কৰিছে?

(ক) খোপালৈ বুলি ৰচঙ্গা কপৌৰ খুল আনি থ’লে

(খ) শালৰ গামোছা কাটি থ’লে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) খোপালৈ বুলি ৰচঙ্গা কপৌৰ খুল আনি থ’লে ।

৯। কবিয়ে জেতুকা,থেৰেজু আৰু বৰ্হমথুৰি কিয় যোগাৰ কৰিছে?

(ক) পূজাক আদৰিবৰ বাবে

(খ) বিহুক আদৰিবৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিহুক আদৰিবৰ বাবে ।

১০। কোনটো বিহুক ৰঙালী বিহু বুলি কোৱা হয়?

(ক) কাতি বিহুক

(খ) মাঘ বিহুক

(গ) বহাগ বিহুক

উত্তৰ- (গ) বহাগ বিহুক ।

১১। কবিয়ে চ’তাই বুলি কাক সম্বোধন কৰিছে?

(ক) চ’ত মাহক

(খ) বহাগ মাহক

(গ) জেঠ মাহক

উত্তৰ- (ক) চ’ত মাহক ।

১২। অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ এই জনপ্ৰিয় গীতটোৰ ৰচক কোন?

(ক) আনন্দৰাম বৰুৱা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) মিত্ৰদেৱ মহন্ত

উত্তৰ- (গ) মিত্ৰদেৱ মহন্ত ।

১৩। কোনটো বিহুক ভোগালী বিহু বুলি কোৱা হয়?

(ক) মাঘ বিহুক

(খ) কাতি বিহুক

(গ) বহাগ বিহুক

উত্তৰ- (ক) মাঘ বিহুক ।

১৪। বহাগ বিহুত আমি কি কৰোঁ?

(ক) মেজ্বি জলাওঁ

(খ) তুলসীৰ তলত চাকি বন্তি দিওঁ

(গ) হুচৰি গাওঁ

উত্তৰ- (গ) হুচৰি গাওঁ ।

১৫। সুগৰ শব্দৰ অৰ্থ কি?

(ক) ৰঙচুৱা

(খ) সুৰত বন্ধা

(গ) চ’ত

উত্তৰ – (খ) সুৰত বন্ধা ।

১৬। বিহু আদৰণি কবিতাটোৰ কবিজনে কিমান চনত সাহিত্যাচাৰ্য উপাধি লাভ কৰে?

(ক) ১৯৮১ চনত

(খ) ১৮৮২ চনত

(গ) ১৯৮২ চনত

উত্তৰ- (গ) ১৯৮২ চনত ।

১৭। তেখেতৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৯৮৩ চনত

(খ) ১৯৮১ চনত

(গ) ১৮৫৫ চনত

উত্তৰ- (ক) ১৯৮৩ চনত ।

১৮। তেখেতৰ কিমান তাৰিখে মৃত্যু হৈছিল?

(ক) ২৩ এপ্ৰিল

(খ) ২৬ মাৰ্চ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ২৬ মাৰ্চ ।

১৯। ৰচঙ্গা শব্দৰ অৰ্থ কি?

(ক) ৰঙচুৱা

(খ) সুৰত বন্ধা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰঙচুৱা ।

২০। চেনেহজৰী নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

(খ) নৱকান্ত বৰুৱাৰ

(গ) মিত্ৰদেৱ মহন্তৰ

উত্তৰ- (গ) মিত্ৰদেৱ মহন্তৰ ।

Type - Boby Bora 



Post ID: