চোতাল

১। অসমীয়া গাঁৱলীয়া সমাজত চোতাল নথকা ঘৰ আছেনে?

(ক) নাই বুলিবই পাৰি

(খ) বহুত আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নাই বুলিবই পাৰি ।

২। ঘৰৰ আগফালে থকা চোতালক কি বোলে?

(ক) পিছচোতাল

(খ) আগচোতাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আগচোতাল ।

৩। ঘৰৰ পিছফালে থকা চোতালক কি বোলে?

(ক) পিছচোতাল

(খ) আগচোতাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পিছচোতাল ।

৪। কাক কেন্দ্ৰ কৰিয়েই ঘৰখনত এটা শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি উঠে?

(ক) পথাৰখনক

(খ) গোহালিটোক

(গ) চোতালখনক

উত্তৰ- (গ) চোতালখনক ।

৫। চোতাল শব্দটো কৰ পৰা আহিছে?

(ক) বঙালী ভাষাৰ পৰা

(খ) সংস্কৃত চত্ব শব্দৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সংস্কৃত চত্ব শব্দৰ পৰা ।

৬। শৃংখলাবদ্ধ শব্দৰ অৰ্থ কি?

(ক) পৰিপাটি লগা

(খ) মংগলজনক

(গ) বাম ঠাই

উত্তৰ- (ক) পৰিপাটি লগা ।

৭। থলী শব্দৰ অৰ্থ কি?

(ক) দ ঠাই

(খ) বাম ঠাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাম ঠাই ।

৮। মাংগলিক শব্দৰ অৰ্থ কি?

(ক) শ্ৰেণীবদ্ধ হোৱা

(খ) অতীজৰে পৰা চলি অহা নীতি-নিয়ম

(গ) মংগলজনক

উত্তৰ- (গ) মংগলজনক ।

৯। পৰম্পৰা শব্দৰ অৰ্থ কি?

(ক) অতীজৰে পৰা চলি অহা নীতি-নিয়ম

(খ) মংগলজনক

(গ) পৰিপাটি লগা

উত্তৰ- (ক) অতীজৰে পৰা চলি অহা নীতি-নিয়ম ।

১০। অসমৰ গঞা ৰাইজৰ বাবে চোতালখন একপ্ৰকাৰ কি?

(ক) এক বিপদজনক সম্পদ

(খ) এবিধ এৰাব নোৱাৰা সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) এবিধ এৰাব নোৱাৰা সম্পদ ।

১১। চোতাল শব্দৰ আভিধানিক অৰ্থ কি ?

(ক) ঘৰৰ ভিতৰৰ বহল ঠাই

(খ) দুৱাৰমুখৰ আগৰ বহল সমান ঠাই

(গ) বহল ঠাই, খলা-বমা

উত্তৰ- (খ) দুৱাৰমুখৰ আগৰ বহল সমান ঠাই ।

১২। কাৰ কাৰণে চোতাল এখন অপৰিহাৰ্য  অংগ ?

(ক) ব্য়ৱসায় কৰাৰ মানুহৰ বাবে

(খ) চাকৰি কৰা মানুহৰ বাবে

(গ) খেতি কৰা মানুহৰ বাবে

উত্তৰ- (গ) খেতি কৰা মানুহৰ বাবে ।

১৩। খেতি কৰা মানুহৰ বাবে চোতাল কিয় প্ৰয়োজন ?

(ক) চোতালতে খেতি কৰিব বাবে

(খ) বীজবোৰ ৰ’দত শুকুৱাব বাবে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) বীজবোৰ ৰ’দত শুকুৱাব বাবে ।

১৪। অসমীয়া নাৰীয়ে চোতালত কি কৰে ?

(ক) কাপোৰ মেলে

(খ) ভাত ৰান্ধে

(গ) তাঁত বয়ে

উত্তৰ- (গ) তাঁত বয়ে ।

১৫। কোনে ঘৰৰ চোতালখন সাৰি-পুছি পৰিষ্কাৰ কৰি ৰাখে ?

(ক) জীয়ৰী-বোৱাৰীয়ে

(খ) ঘৰৰ মুৰব্বীয়ে

(গ) কোনেও পৰিষ্কাৰ নকৰে

উত্তৰ- (ক) জীয়ৰী-বোৱাৰীয়ে ।

১৬। অসমীয়া সমাজত মৃত্য়ুৰ পিছত মৃতকৰ দেহতো কি কৰা হয় ?

(ক) পুৰি পেলোৱা হয়

(খ) পুতি থোৱা হয়

(গ) চোতালত বগা কাপোৰেৰে ঢাকি থয়

উত্তৰ- (গ) চোতালত বগা কাপোৰেৰে ঢাকি থয় ।

১৭। আগত দিনত চোতালহ বহি ককা-আইতাহঁতে সন্ধিপৰত নাতি-নাতিনীহঁতক কি কৰে ?

(ক) পঢ়ায়

(খ) সাধু শুনায়

(গ) ভাত খোৱায়

উত্তৰ- (খ) সাধু শুনায় ।

১৮। বহাগ বিহুত কি কৰে ?

(ক) হুচৰি গায়

(খ) মেজি পোৱাই

(গ) তুলসীৰ তলত চাকি জ্বলাই

উত্তৰ- (ক) হুচৰি গায় ।

১৯। ‘অনুষ্ঠান’ শব্দটো ভাঙিলে হ’ব ?

(ক) স+ঠ

(খ) ষ+ঠ

(গ) শ+ঠ

উত্তৰ- (খ) ষ+ঠ ।

২০। কিহে ঘৰ এখনৰ পৰিচয় বহু পৰিমাণে বহন কৰে ?

(ক) ঘৰৰ পৰিৱেশে

(খ) ঘৰৰ গৃহস্থয়ে

(গ) চোতালএখনে

উত্তৰ- (গ) চোতালএখনে ।

Type - Boby Bora