ভাৰতবৰ্ষৰ প্ৰকৃতিক বিভাগ আৰু জলবায়ু
Chapter 9
১। ভাৰতবৰ্ষ এখন কি দেশ ?
উত্তৰ- ভাৰতবৰ্ষ এখন বিশাল দেশ।
২। মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে কিমান স্থান অধিকাৰ কৰি আছে?
উত্তৰ- মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে সপ্তম স্থান অধিকাৰ কৰি আছে ।
৩। ভাৰতবৰ্ষ কোন এছিয়াৰ এখন অতি উল্লেখযোগ্য় দেশ ?
উত্তৰ- ভাৰতবৰ্ষ দক্ষিণ এছিয়াৰ এখন অতি উল্লেখযোগ্য় দেশ ।
৪। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?
উত্তৰ- ভাৰতবৰ্ষৰ মুঠ মাটিকালি হ'ল- ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ ।
৫। ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কি ৰেখা পাৰ হৈ গৈছে ?
উত্তৰ- ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
৬। ভাৰতবৰ্ষক প্ৰাকৃতিকভাৱে কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰ- ভাৰতবৰ্ষক প্ৰাকৃতিকভাৱে চাৰিটা ভাগত ভাগ কৰা হৈছে।
৭। পৃথিৱীৰ সৰ্ববৃহৎ পৰ্বতমালাটো কি ?
উত্তৰ- পৃথিৱী সৰ্ববৃহৎ পৰ্বতমালাটো হৈছে- হিমালয় পৰ্বত ।
৮। প্ৰায় ৫০ নিযুত বছৰৰ আগতে কি নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল ?
উত্তৰ - প্ৰায় ৫০ নিযুত বছৰৰ আগতে টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল।
৯। টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল বুলি কোনে কয় ?
উত্তৰ- টেথিছ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কয় ।
১০। হিমালয় পৰ্বতমালাত প্ৰধানকৈ কেইটা শৃংখল আছে ?
উত্তৰ- হিমালয় পৰ্বতমালাত প্ৰধানকৈ তিনিটা শৃংখল আছে।
DABP007848
0 Comments