Class 1 Assamese
পাঠ - ৯
ছবি চাই সাধু কওঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
ছবি ১ঃ এদিন এটা শিয়াল অৰণ্যৰ মাজেৰে গৈ থাকোতে এডাল কলগছত লাগি থকা কল এঠোকত তাৰ চকু পৰিল।
ছবি ২ঃ কলঠোক দেখি শিয়ালৰ লোভ লাগিল আৰু সি কলঠোক পাৰি আনি খাবলৈ যত্ন কৰিলে।
ছবি ৩ঃ কিন্তু কলঠোক শিয়ালে পাৰি আনিব নোৱাৰিলে। কিন্তু সি হাৰ নামানিলে আৰু বাৰে বাৰে যত্ন কৰিলে। কিন্তু সি বিফল হ'ল আৰু হাৰ মানি ল'লে।
ছবি ৪ঃ সেই সময়তে তাৰ লগৰ শিয়ালবোৰে তাক দেখা পালে আৰু ওচৰলৈ আহি সকলো কথাৰ গ'ম ল'লে।
ছবি ৫ঃ এতিয়া আটাইকেইটা শিয়াল লগ লাগি কলঠোক পাৰিবলৈ যত্ন কৰিলে। এইবাৰ সিহঁত আটায়ে মিলি কলঠোক পাৰিবলৈ সফল হ'ল।
ছবি ৬ঃ কলঠোক পাৰি আনি সিহঁত আটায়ে তৃপ্তিৰে খালে।
এই সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে লগে - ভাগে কাম কৰিলে সকলো কাম সহজে কৰিব পাৰি।
Sri Mampi Kakati
Check by - Mukesh Borah
DABP007399