Chapter 19

ৰাভাবীৰ প‍‍‍‍শুৰাম 

    👉Text Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। চমু উত্তৰ লিখা –


( ক ) শাম্ভৰ ৰাজ্যৰ শালমাৰীৰ অধিপতি কোন আছিল ? 

উত্তৰঃ পশুৰাম ।


( খ ) কাৱৈবাৰীৰ থানাদাৰ কোন আছিল ? 

উত্তৰঃ চান্দ বাহাদুৰ ।


( গ ) পশুৰামে মােগলক প্রতিহত কৰিবলৈ ক’ত গড় বান্ধিছিল ? 

উত্তৰঃ কঠালবাৰীত ।


( ঘ ) মির্জানাথন কোন আছিল ? 

উত্তৰঃ মুছলমান নবাব আছিল । 


( ঙ ) পশুৰাম আৰু মােগলৰ যুদ্ধৰ কাৰণ কি আছিল ? 

উত্তৰঃ মােগলে পশুৰামৰ অধীনত থকা শালমাৰীক নিজৰ আয়ত্তলৈ নিব বিচৰা কাৰণে পশুৰাম আৰু মােগলৰ যুদ্ধ হৈছিল । 


( চ ) কঁঠালবাৰীত পশুৰামে মােগলক কেইদিনত প্রতিহত কৰিছিল ? 

উত্তৰঃ ১৩ দিনত প্রতিহত কৰিছিল ।


( ছ ) মির্জাই কঁঠালবাৰী অধিকাৰ কৰাৰ পিছত পশুৰামে কলৈ গৈছিল ? 

উত্তৰঃ ৰংজুলিলৈ গৈছিল ।


 ২। কোঠ মানে কি ? পশুৰামে ক’ত কোঠ বান্ধিছিল ? 

উত্তৰঃ সৈন্য থাকিবৰ বাবে গড় মাৰি বেৰা ঠাইকে কোঠ বুলি কোৱা হয় । কঠালবাৰী আৰু ৰংজুলিত। 


 ৩। মির্জাই ৰংজুলি কোঠ কেনেদৰে আক্ৰমণ কৰিছিল ? 

উত্তৰঃ মির্জাই কেইবাহাজাৰ গাৰাে মানুহ লগত লৈ সৈন্য সামন্তৰে ৰংজুলি কোঠ আক্রমণ কৰিছিল ৷ ইয়াৰ বাবে মির্জাই পাঁচটা গড় মৰাইছিল । পঞ্চমটো গড় ৰংজুলি কোঠৰ নিচেই ওচৰত আছিল । সেই গড়টোত সােমাই মির্জাই দোকমােকালিতে ৰংজুলি কোঠলৈ গুলিয়াইছিল। 


৪। ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে মির্জাই কেইটা গড় মাৰিছিল ? 

উত্তৰঃ পাঁচটা গড় মাৰিছিল । 


৫। পঞ্চম গড়টো ক’ত আছিল ? দোকমােকালি অৱস্থাত মির্জাই কি কৰিছিল ? 

উত্তৰঃ ৰংজুলি কোঠৰ নিচেই ওচৰত আছিল । দোকমােকালি অৱস্থাত মির্জাই পঞ্চম গড়টোত সােমাই ৰংজুলি কোঠলৈ গুলিয়াইছিল । 


৬। মির্জাই কলৈ পলাই গৈছিল ? 

উত্তৰঃ হাতীবচা ধাৰীলৈ । 


৭। কাৰ সহায়ত মির্জাই ৰংজুলি অধিকাৰ কৰিছিল ? বচাধাৰীত মির্জাৰ সৈন্যই কি কৰিছিল ? 

উত্তৰঃ গােবিন্দ দাসৰ সহায়ত । বচাধাৰীত মির্জাৰ সৈন্যই তিনি হাজাৰ গৰু সাঙুৰি নিয়াৰ লগতে ১,৭০০ মানুহাে বন্দী কৰি নিছিল । 


প্রশ্ন ৮। পশুৰামৰ পৰিয়ালত কোন কোন আছিল আৰু কোনে তেওঁলােকক বন্দী কৰি নিছিল ? 

উত্তৰঃ তিনিজন পুতেক আৰু এগৰাকী ঘৈণীয়েক। তেওঁলােকক মুছলমানে বন্দী কৰি নিছিল । 


প্রশ্ন ৯। হাৰ নমনা বীৰ পশুৰাম কাৰ হাতত বন্দী হৈছিল ? 

উত্তৰঃ মােগল নবাব মির্জাৰ হাতত বন্দী হৈছিল । 


প্রশ্ন ১০। ৰাভা বীৰ পশুৰাম কেনেকুৱা ব্যক্তি হিচাপে পৰিচিত লিখা । 

উত্তৰঃ ৰাভা বীৰ পশুৰাম কেতিয়াও হাৰ নমনা স্বভাৱৰ মানুহ আছিল। স্বাধীনচিতীয়া মনােভাৱৰ এই বীৰপুৰুষজনৰ কোনাে বিলাস – বৈভৱলৈ আকাংক্ষা নাছিল । তেওঁ মাথাে ল’ব বিচাৰিছিল স্বাধীনতাৰ সােৱাদ । সেইবাবেই মােগলৰ হাতত বাৰে বাৰে পৰাজিত হৈয়াে যুদ্ধ কৰি গৈছিল। নিজৰ অলপীয়া সৈন্যৰেই মােগলৰ স’তে ৰণ জিকি তেওঁ যি স্বাধীনতাৰ বন্তি জ্বলাই ৰাখিব বিচাৰিছিল , আপােন মুলুকৰ ষড়যন্ত্রকাৰীৰ বাবে সেয়া হৈ নুঠিল । তথাপি এজন বীৰ হিচাপে পশুৰাম যুগে যুগে পূজিত হৈ থাকিব । 


 ১১। বাক্য ৰচনা কৰা ( অর্থ প্রকাশ কৰি ) 

 ভূ – পাই , পিছ – হুহকি , দোকমােকালি , বিধ্বস্ত , হাৰ নমনা , বিলাস বৈভৱ , সৈন্য – সামন্ত , স্বাধীচিতীয়া । 


উত্তৰঃ ভূ – পাই ( উমান পাই ) :- পুলিচ অহাৰ ভু – পাই চোৰটো পলাল। 


পিছ-হুহকি ( পিছুৱাই যােৱা ) :- আহােম সেনাৰ সন্মুখত তিষ্ঠিব নােৱাৰি মােগল সৈন্যই পিছ – হুহকি গৈছিল । 


দোকমােকালি ( ৰাতিপুৱাৰ সামান্য পােহৰ হােৱা মুহূর্ত ) :- দেউতাই সদায় দোকমােকালিতে উঠি ফুৰিবলৈ যায় । 


বিধ্বস্ত ( বিনাশ , ধ্বংস ) :- বানপানীয়ে বিধ্বস্ত কৰি থৈ যােৱা পথাৰখনলৈ চাই খেতিয়কৰবাৰে মূৰে কপালে হাত দি বহি আছে । 


হাৰ নমনা ( পৰাজয় স্বীকাৰ নকৰা ) :- সি ক’তােৱেই সহজে হাৰ নামানে , যিমান টান কামেই নহওক সি কৰিহে এৰিব । 


বিলাস – বৈভৱ ( সুখ ভােগ তথা লাহ – বিলাহ ) :- সন্যাসীসকলৰ বিলাস – বৈভৱৰ প্রতি অলপাে আকাংক্ষা নাথাকে । 


সৈন্য – সামন্ত ( সেনাপতি সকলক ধৰি সকলাে সেনা ) :- পুৰুৱে তেওঁৰ সৈন্য সামন্ত লৈ ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰক আগ – ভেটা দি ধৰিছিল । 


স্বাধীচিতীয়া ( স্বতন্ত্র ) :- লগৰীয়াবােৰৰ পৰা আতৰি আহি সি এতিয়া স্বাধীনচিতীয়া ভাৱে ব্যৱসায় আৰম্ভ কৰিছে । 


 ১২। তলৰ খালী ঠাইত উপযুক্ত শব্দ ব্যৱহাৰ কৰি বাক্যবােৰ পূৰ্ণ কৰা— ( উদাহৰণ কাউৰীৰ মুখত তেজাল মাংস মটুকুৰা দেখি শিয়ালৰ জিভা লক-লকাবলৈ ধৰিলে । ) 


( ক ) পুলিচক দেখি চোৰজনৰ হাত – ভৰি ভয়ত ____ ধৰিলে ।

উত্তৰঃ পুলিচক দেখি চোৰজনৰ হাত – ভৰি ভয়ত কপিবলৈ ধৰিলে । 


( খ ) বাঘটো দেখা মাত্রকে মােৰ গাৰ নােম ভয়ত ___ উঠিছিল । 

উত্তৰঃ বাঘটো দেখা মাত্রকে মােৰ গাৰ নােম ভয়ত শিয়ৰি উঠিছিল ৷


( গ ) লাচিত বৰফুকনৰ পৰাক্ৰমত মােগল সৈন্য ____ মানিছিল । 

উত্তৰঃ লাচিত বৰফুকনৰ পৰাক্ৰমত মােগল সৈন্য হাৰ মানিছিল ।


( ঘ ) পশুৰামৰ কোনাে বিলাস – বৈভৱলৈ _____নাছিল । 

উত্তৰঃ পশুৰামৰ কোনাে বিলাস – বৈভৱলৈ আকাংক্ষা নাছিল । 


( ঙ ) সৈনিকজনে শত্রুপক্ষক গুলীয়াবলৈ বন্দুক ____ ৰাখিছে ।

উত্তৰঃ সৈনিকজনে শত্রুপক্ষক গুলীয়াবলৈ বন্দুক সাজু ৰাখিছে । 


প্রশ্ন ১৩। শব্দার্থ লিখা –


          থানাদাৰ , প্রতিহত , কোঠ , বিধ্বস্ত , মুলুক , ভার্যা , দোকমােকালি । 


উত্তৰঃ 

থানাদাৰ :- থানাৰ ভাৰপ্ৰাপ্ত বিষয়া । 

প্রতিহত :- বাধাপ্রাপ্ত , আহত , আঘাতপ্রাপ্ত । 

কোঠ :- সৈন্যৰ ছাউনী , গড় । 

বিধ্বস্ত :- বিনাশ , নষ্টকৰ , হানিকৰ । 

 মুলুক :- দেশ , ৰাজ্য , ঠাই । 

ভার্যা :- সহধর্মিনী , পত্নী , ঘৈণী । 

দোকমােকালি :- নিচেই পুৱাৰ অলপ অলপ পােহৰ।


 


Check by - Mukesh Borah