পেট কামোৰণী

(ABDOMINAL GRIPES)



পেটকামোৰণী (ABDOMINAL GRIPES) কাৰণ কি ?

👉গুৰুপাকী আৰু অত্যধিক ভোজন, ঘনাই ঘনাই যিকোনো বস্তু খোৱা, অতিপাত গৰম বা চেঁচা বস্তু খোৱা, অৰ্জীণ, দীর্ঘদিন ধৰি কোষ্ঠবদ্ধতা, ঋতু পৰিবৰ্তনৰ বাবে, চাহ, কফি, মাদকদ্রব্য আদি অধিক পৰিমাণে খালে এই ৰোগ হয়।


পেট কামোৰণী (ABDOMINAL GRIPES) লক্ষণ কি ?

👉পেটত চিকুত মাৰি ধৰে। পেট বিষায়, পেট ফুলে। শৌচ হোৱা সময়ত বিষ কম হয় আকৌ কেতিয়াবা শৌচ হোৱাৰ পাছত বিষ বেছি হয়।


পেট কামোৰণী পৰা মুক্তি পাবলৈ কি কৰা উচিত ?

👉চটি আৰু ক'লা নিমখ পিহি গৰম গাখীৰৰ সৈতে খাব লাগে।

👉 ৫০ গ্রাম নৰসিংহৰ পাতৰ ৰস উলিয়াই অলপ পানী মিশ্ৰণ কৰি খালে পেট কামোৰণী ভাল হয়।

👉 ৩/৪ বছৰীয়া পুৰণি কুঁহিয়াৰৰ ৰস ১০০ মিঃলিঃ দিনে ২ বাৰ খালে যথেষ্ট উপকাৰ হয়।

👉 দুই চামুচকৈ আদাৰ ৰস আৰু মৌজোল মিহলি কৰি অলপ গৰম পানীৰ লগত খালে সুফল পোৱা যায়।

👉তিনি গ্রামকৈ পদিনা, হিং, জিৰা, জালুক, নিমখ, একেলগে পিহি খালে পেট কামোৰণী আৰোগ্য হয়।

👉 পিঁয়াজৰ ৰসৰ লগত (৫০ গ্রাম) অলপ চেনি মিহলি কৰি খালে পেট কামোৰণী ভাল হয়।

👉 নহৰুৰ ৰস ১০ মিঃলিঃ উলিয়াই অকণমান নিমখ মিহলি কৰি খালে পেট কামোৰণী ভাল হয়।

👉 ২ চামুচ মূলাৰ ৰসত নিমখ মিহলি কৰি মিচিৰিৰ সৈতে খাব লাগে।পদিনা, মূলা আৰু অলপ চেনি মিশ্ৰণ কৰি খালে পেটৰ বিষৰ জটিলতা একেবাৰে নাইকিয়া হয়।

👉 পিৰালি কুঁৱৰী বা নয়নতৰাৰ কেইখিলামান পাত ১০০ মিঃলিঃ

👉 মুচন্দৰী ১ মুঠি ৫/৬ ফুটা নহৰুৰ লগত খাব লাগে।


 পেট কামোৰণী (ABDOMINAL GRIPES) হলে  কি খাব লাগে ?

👉মহানিম, থেকেৰা, শিলিখা, কুঁহিয়াৰৰ ৰস, চিৰতা তিতা, মণ্ডৰ দাইল, গৰম পানী, নেমুৰ ৰস উপকাৰী।


পেট কামোৰণী (ABDOMINAL GRIPES) হলে  কি খাব লাগে ?

👉গুৰুপাকী বস্তু, চাহ, কফি, মাদকদ্রব্য, মটৰ মাহ, কেঁচা বস্তু, বাহি বস্তু খোৱা নিষেধ।


পেট কামোৰণী (ABDOMINAL GRIPES) হলে  ব্য়ায়্য়াম কৰিব লাগে ?



👉পেট কামোৰণী (ABDOMINAL GRIPES) হলে কিছু ব্য়ায়াম কৰাটো সহায়ক হব পাৰে, কিন্তু সেয়া বেদনা আৰু অসুস্থতাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে, তলত উল্লেখ কৰা কিছু ব্য়ায়াম কৰাটো সুবিধা দিব পাৰে:

গভীৰ শ্বাস লোৱা: ধীৰে ধীৰে শ্বাস লোৱা আৰু এদল দিনৰ বাবে এটা শান্ত স্থানত বহা। এইটোৱে পেটৰ চাপ কমাব পাৰে।

পেটৰ লঘু প্ৰসাৰ: পিছৰ পৰা মূৰ মাৰি, পেটৰ পেশী শিথিল কৰিব।

পদৰ ওপৰ-তল সলনি কৰা: হাত আৰু পা সোজা কৰি ওপৰলৈ তোলক আৰু তাৰ পিছত তললৈ নামক। এইটো পেটৰ বাবে সহায়ক।

সিঁহত বা কোঁচাত উঠা: তলত শুই থাকি হাত আৰু পা একেলগে সোঁতাল পৰা। এইটো পেটৰ শিথিলতা বৃদ্ধি কৰে।

বাকলাক উপৰি উঠা: পেটৰ পাছলৈ শুই থাকি কোমৰ আৰু হাঁটু উপৰলৈ তোলক।


***