অজীর্ণ (APESIA)


                      
অজীর্ণ (APESIA) কিহৰ বাবে হয় ?


👉গুৰুপাকী বস্তু,অতিপাত মছলা, চাহ, কফি, মাদকদ্রব্য, আদি খোৱাৰ কাৰণে অৰ্জীণ হয়। অধিক পৰিমাণে আৰু অনিয়মীয়াকৈ খাদ্য খালে,আহাৰ খৰধৰকৈ খোৱাৰ কাৰণেও অৰ্জীণ হ'ব পাৰে। তদুপৰি মানসিক উত্তেজনা, অত্যাধিক চিন্তা, শোক, অপমান, আদিৰ কাৰণেও এই ৰোগ হয়।


অজীর্ণৰ (APESIA) লক্ষণ কি কি ?

👉ভোক নালাগে, পেট ফুলি উঠে, উগাৰ আহে, কাম-বন বা চিন্তা-চর্চ্চা কৰিবলৈ মন নাযায়। টোপনি কম হয় আৰু ৰক্তহীনতাই দেখা দিয়ে। বমি হ'ব পাৰে।

------------------------------


অজীর্ণৰ চিকিৎসা কেনেকৈ হয় !


অজীৰ্ণৰ (APESIA)পৰা মুক্তি পাবলৈ কি খাব ?


👉 তুলসী পাতৰ সৈতে জালুক ৩,৪ টা চোবালে বদহজম ভাল হয়।

👉 ৭ গ্রাম শুকান ধনীয়া, ২৫ গ্রাম জালুক আৰু ২৫ গ্রাম নিমখ ভালদৰে পিহি আধা চামুচকৈ ৰাতি আহাৰ খোৱাৰ পাচত খাব লাগে।

👉 শিলিখা, পিপলি আৰু সৈন্ধৱ নিমখ ১৫ গ্রামকৈ মিহলি কৰি দিনে ২ বাৰকৈ খালে অৰ্জীণ ৰোগ আৰোগ্য হয়।

👉 ৰাতি আহাৰ খোৱাৰ আগত আৰু পাছত আদাৰ ৰস, নেমুৰ ৰস আৰু সৈন্ধৱ নিমখ মিহলাই খালে অজীর্ণ ভাল হয়।

👉 দেৰোণ শাক তৰকাৰী কৰি বা পাতত দি খালে অর্জীণ ৰোগ নাশ হয়।

👉আমলখিৰ ৰস ৪ চামুচ, মাটি কঁঠালৰ ৰস ৪ চামুচ আৰু ২ চামুচ মৌ মিহলি কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে অতি চমৎকাৰ ফল দিয়ে।

👉 এটা পিঁয়াজ কাটি তাত নেমুৰ ৰস চেপি আহাৰৰ লগত খালে অর্জীণ দূৰ হয়।

👉এগিলাচ পানীত ১০ গ্রাম চফগুটি আৰু ৫ গ্রাম পুৰণি আমলখিৰ ৰস এৰাতি ৰাখি পিছদিনা ৰাতিপুৱা ভালদৰে চেকি তাত ক'লা নিমখ মিহলাই খালে অর্জীণ ৰোগ আৰোগ্য হয়।

👉আহাৰ খোৱাৰ পাচত কফি খালে উপকাৰ পোৱা যায়।

👉মৰাণ আদাৰ ৰসৰ লগত আমলখিৰ ৰস মিহলি কৰি একেৰাহে দহদিন খালে অৰ্জীণ ৰোগ ভাল হয়।


কোনো বিশেষ খাদ্যবস্তুৰ পৰা যদি অৰ্জীণ ৰোগ হয়,তেন্তে  কি কৰিব ?


👉ভাত খাই অর্জীণ হ'লে ক'লা নিমখ খাব লাগে।

👉মাছ, মাংস আৰু তেলজাতীয় বস্তু খাই অর্জীণ হ'লে কাজি নেমুৰ ৰস গিলাচ খালে অর্জীণতা নাশ হয়।

👉মিঠা বা মিঠাই জাতীয় বস্তু খাই অর্জীণ হ'লে ঠাণ্ডা পানী খোৱা ভাল। অলপ নিমখ মিশ্ৰণ কৰিলে অধিক উপকাৰ হয়।

👉পিঠা বা ঘিউত ৰন্ধা বস্তু খাই অর্জীণ হ'লে গৰম পানী আৰু নেমুৰ ৰস খাব লাগে।

👉গাখীৰ খাই অৰ্জীণ হ'লে ঘোল খোৱা উচিত। নহৰুও ভাল।

👉জামু আৰু মটৰ মাহ খাই অর্জীণ হ'লে শিলিখা খোৱা ভাল।

👉আম খাই অর্জীণ হ'লে গাখীৰ গৰম কৰি খাব লাগে।

👉ওলকবি খাই অর্জীণ হ'লে গুৰ খালে অর্জীণতা দূৰ হয়।

👉জ্বলা খাই অর্জীণ হ'লে তেল খোৱা ভাল।

👉আফিং খাই অর্জীণ হ'লে গাখীৰ খালে যথেষ্ট উপকাৰ হয়।

👉 নাৰিকল খাই অর্জীণ হ'লে চাউল চোবাই খাব লাগে।

👉কল খাই অর্জীণ হ'লে নিমখ নাইবা ঘিউ খাব লাগে।

👉বেল বা ঘোল খাই অর্জীণ হ'লে মহানিমৰ গুটি খাব লাগে।

👉যিকোনো শাক খাই অৰ্জীণ হ'লে সৰিয়হৰ গুৰি খোৱা ভাল।

👉কোমোৰা আৰু কুঁহিয়াৰ খাই অৰ্জীণ হ'লে আদা চোবাই খোৱা উচিত।

👉ঘিউ খাই অৰ্জীণ হ'লে জামিৰ টেঙা খালে উপকাৰ হয়।

👉খিচিৰী খাই অর্জীণ হ'লে সৈন্ধৱ নিমখ খাব লাগে।

👉 সুমথিৰা খাই অর্জীণ হ'লে গুড় খাব লাগে।

👉পায়স খাই অর্জীণ হ'লে গুড়, দাইলৰ ৰস খাব লাগে।

👉মাদক-দ্রব্য খাই অৰ্জীণ হ'লে পুৰণি তেঁতেলি টেঙা, কুঁজি থেকেৰাৰ ৰস খাব লাগে।

👉কেৰেলা খাই অৰ্জীণ হ'লে দৈ বা নেমুৰ ৰস খাব লাগে।


--------------------------------

অজীর্ণ (APESIA) হলে  কি খাব লাগে ?

👉বেল, নৰসিংহৰ পাত, নেমুৰ ৰস, কালমেঘৰ পাতৰ দোৰোণ, মৰাণ আদা, নহৰু, শিলিখা, পুৰাকল, মানিমুনি, পুৰণি কলৰ খাৰ, জিলমিল, ভেদাইলতাৰ ৰস, ৰস উপকাৰী। ত্রিফলা সুপথ্য।


অজীর্ণ (APESIA) হলে  কি খাব নালাগে ?

👉আলু, ঘিউ, তেল, মাছ, মাংস চাহ, সহজে হজম নোহোৱা বস্তু, দাইল, আৰু বেছিকৈ পানী খোৱা বেয়া।


---------------------------------------


অজীৰ্ণ আৰু অন্যান্য ৰোগৰ মাজত কি পাৰ্থক্য আছে ? 

👉লক্ষণ: অজীৰ্ণৰ লক্ষণ হৈছে পেটৰ ফুলা, বদহজম, বমি কৰা, আৰু খাদ্যৰ পৰা অস্বস্তি অনুভৱ কৰা। আন আন ৰোগত বিভিন্ন লক্ষণ দেখা যাব পাৰে, যেনে জ্বৰ, কাশি, বা শ্বাসপ্রশ্বাসৰ সমস্যা।

কাৰণ:অজীৰ্ণ সাধাৰণতে খাদ্যৰ সঠিক হজম নহোৱাৰ বাবে হয়, যাৰ কাৰণ হৈ পাৰে অধিক তেল, মসলাযুক্ত খাবাৰ খোৱা বা অতি খোৱা। আন ৰোগসমূহ ভাইৰাছ, বেক্টেৰিয়া, বা অন্যান্য পৰিবেশগত কাৰকবোৰৰ দ্বাৰা হয়।

দীর্ঘকালীনতা:অজীৰ্ণ সাধাৰণতে তাত্ক্ষণিক সমস্যা, আৰু সঠিক চিকিত্সা বা খাদ্য পৰিবৰ্তনেৰে সহসা সঠিক হয়। আন ৰোগসমূহ কেতিয়াবা দীঘলীয়া সময়লৈ স্থায়ী হয় আৰু অধিক গুৰুতৰ চিকিত্সা দাবী কৰে।

চিকিৎসা:অজীৰ্ণৰ বাবে সাধাৰণতে পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত জলপানৰ পৰামৰ্শ দিয়া হয়। আন ৰোগসমূহৰ বাবে বিশেষ ঔষধ, থেৰাপী, বা চিকিৎসা প্ৰয়োজন হতে পাৰে।


----------------------------------------


অজীৰ্ণৰ পৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে?



👉অজীৰ্ণৰ পৰা মুক্তি পাবলৈ কিছুমান সহজ ব্যায়াম কৰাটো উপকাৰী হ’ব পাৰে। এইবোৰ ব্যায়ামে পাচন প্ৰক্ৰিয়া উন্নত কৰিব পাৰে আৰু পেটৰ অস্বস্তি কমাব পাৰে। তলত কিছু ব্যায়ামৰ উল্লেখ কৰা হৈছে:

👉বৃদ্ধৰ চৰ্চা (Walking): দৈনিক ২০-৩০ মিনিটৰ Walking কৰিলে পাচনত সহায় কৰে আৰু পেটৰ অস্বস্তি কমায়।

👉পেটৰ চক্ৰ (Abdominal Twists): পেটৰ চক্ৰ কৰিবলৈ স্থিতিশীল অৱস্থাত বহি পেটৰ পৰা দাই আৰু সোঁফালে চক্ৰাবৰণ কৰিব।


👉কেটেলবেল বা তলাবোৰত শ্ৰোত: সোজা হৈ মাটিত শোৱাত ১-২ মিনিট সময় দিয়ক। ইয়াৰ দ্বাৰা পেটৰ মাংসপেশী শিথিল হয়।

👉নিতম্বৰ টান (Hip Stretch): পেটৰ কাৰণে নিতম্বৰ ওপৰলৈ আৰু তললৈ টান দিয়া। ইয়াৰ দ্বাৰা পাচন সঠিক হয়।

👉যোগব্যায়াম: কিছু সহজ যোগ , যেনে পৱনমুক্তাসন (Wind-Relieving Pose) আৰু শিশুৰ পোজ (Child’s Pose) বিশেষকৈ উপকাৰী।

👉শ্বাস ক্ৰিয়া: দীঘলকৈ শ্বাস লোৱাটো শিথিল কৰাৰ বাবে সহায়ক। ধীৰে ধীৰে শ্বাস লোৱাৰ সময়ত পেটৰ মাংসপেশী শিথিল কৰক।




***