কোষ্ঠকাঠিন্য (CONSTIPATION) 


কোষ্ঠকাঠিন্য (CONSTIPATION) কাৰণ কি ?

👉 কফি, উগ্র মাদকদ্রব্য সেবন, অর্জীণ বস্তু খোৱা,অধিক গৰম মছলাযুক্ত আহাৰ খোৱা, অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ, উপবাসে কেইবাদিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক চিন্তা অধিক হোৱা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদিয়েই প্ৰধান কাৰণ। আঁহজাতীয় খাদ্য কমকৈ খালেও হ'ব পাৰে।


কোষ্ঠকাঠিন্য (CONSTIPATION) লক্ষণ কি?

👉এই ৰোগৰ পৰাই শৰীৰত বিভিন্ন ৰোগ উৎপন্ন হয়। শৌচ সহজে নহয়। শৌচ কঠিন হয়, গুহ্যদ্বাৰত শৌচ লাগি ধবে, পেটৰ বিষ হয়, ভোক কম হয়, অৰুচিভাৱ, টোপনি কম, বুকুৰ বিষ, মূৰৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে। শৌচ অতি টান হোৱাৰ কাৰণে গুহ্যদ্বাৰ অনেক সময়ত ফাটি যোৱা দেখা যায়।


------------------------------------

কোষ্ঠকাঠিন্য(CONSTIPATION)পৰামুক্তিপাবলৈকি কৰা উচিত ?

👉 ত্রিফলা ১৫ গ্রাম পানীত গুলি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খালে কোষ্ঠকাঠিন্য ৰোগ আৰোগ্য হয়।

👉 এড়ি তেল গৰম পানী বা গৰম গাখীৰৰ লগত মিহলি কৰি খালেও এই ৰোগ ভাল হয়। এড়ি তেলৰ পৰিমাণ ২৫ গ্রাম।

👉শিলিখাৰ গুড়ি গো-মূত্ৰৰ লগত নিয়মিত ব্যৱহাৰ কৰিব লাগে।

👉 ৬২ গ্রাম তিল সামান্য গুৰৰ সৈতে খালে উপকাৰ পোৱা যায়।

👉 সৰিয়হৰ তেলৰে পেট মালিচ কৰিব লাগে।

👉 কেহেৰু পাতৰ ৰস ১০ গ্ৰামত অলপ চেনি মিহলাই খাব লাগে।

👉 সোণাৰু গছৰ পুৰঠ গুটি (ক'লা বৰণৰ হ'লে) ১০/১৫ টা চোবাই খালে ভাল হয়।


👉 তিলৰ বাকলি এৰুৱাই সমান পৰিমাণৰ মাখন আৰু মিচিৰি ২০ গ্রামকৈ মিহলি কৰি ৰাতিপুৱা খালে এই ৰোগ আৰোগ্য হয়।

👉 তিল, চাউল আৰু মচুৰ দাইলৰ খিচিৰী ৰান্ধি খালেও ভাল।

👉 ৰাতিপুৱা শুদা পেটত আৰু ৰাতি শোৱাৰ আগতে এগিলাচ গৰম পানীত এটা কাজি নেমুৰ ৰস চেপি খাব লাগে।

👉 এটা কেঁচা অমিতাৰ তৰকাৰী কৰি দিনে ২ বাৰকৈ খাব লাগে। পকা অমিতা খালেও কোষ্ঠকাঠিন্য দূৰ হয়।

👉 সৰু ল'ৰা-ছোৱালীৰ কোষ্ঠকাঠিন্য হ'লে পাণৰ ঠাৰিত এড়ি তেল সানি গুহ্যদ্বাৰত লগাব লাগে।


---------------------------------

কোষ্ঠকাঠিন্য (CONSTIPATION) হলে  কি খাব লাগে ?

👉নিমৰ পাত, মানকচু, হালধি, চিৰতা, পুৰণি পকা থেকেৰা, তেঁতেলি, মূলা, পালেং শাক, মণ্ড, জামু, ধনীয়া, পকা ফলমূল, মেথি, দোৰোণ, জিলমিল, পকা বেল, নহৰু, পিঁয়াজ, অমিতা, সুপথ্য। ঔটেঙা, চজিনা অতি উপকাৰী।


কোষ্ঠকাঠিন্য (CONSTIPATION) হলে  কি খাব নালাগে ?

👉 তামোল, নাৰিকল আৰু সহজে হজম নোহোৱা বস্তু, চাহ, কফি, টান বস্তু বিশেষকৈ- টকৌ, মধুৰী,মাদকদ্রব্য, ঘিউ, মাখন, মছলা, জলকীয়া বেয়া। 


--------------------------------------

কোষ্ঠকাঠিন্য মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে ? 



👉কোষ্ঠকাঠিন্য মুক্তি পাবলৈ কিছু ধৰণৰ ব্যায়াম সহায়ক হব পাৰে। ইয়াৰ কিছু উল্লেখযোগ্য ব্যায়াম হ'ল:

পেটৰ কৰ্মৰ ব্যায়াম: পেটৰ পেশীসমূহক শক্তিশালী কৰাৰ বাবে পেটৰ পৃষ্ঠত চাপ দিবৰ বাবে কিছুমান সঠিক ধৰণৰ ব্যায়াম কৰিব পাৰে।

হাঁটিবলৈ যাব: দৈনিক ৩০ মিনিট হাঁটা কৰাটো অতি সহায়ক। ইয়াৰে অন্ত্ৰৰ গতিশীলতা বাঢ়ে।

পদক্ষেপৰ ব্যায়াম: সিধা অৱস্থাত হাত আৰু ভৰিৰ সহায়ত ঠাঁৱৰ পৰা উঠা আৰু পঢ়া, ইয়াৰে পাচলিৰ পেশীসমূহ সক্রিয় থাকে।

যোগাসন: "পশ্চিমোত্তানাসন" আৰু "পবনমুক্তাসন" মত ইয়াৰে অন্ত্ৰৰ স্বাস্থ্য উন্নত হয়।

ব্যায়ামৰ উপৰিও পৰ্যাপ্ত পানী খোৱা আৰু সঠিক আহাৰ গ্ৰহণ কৰাটোও দৰকাৰী। যদি সমস্যা অব্যাহত থাকে, ডাক্তৰৰ পৰামৰ্শ ল’ব।


***