প্লীহা বা পিলাই বৃদ্ধি

(ENLARGED SPLEEN)




প্লীহা  বৃদ্ধিৰ (ENLARGED SPLEEN) কাৰণ কি ?

👉তেজ অপৰিষ্কাৰ, এই ৰোেগ হোৱাৰ প্ৰধান কাৰণ। মেলেৰীয়া জ্বৰ আৰু ক'লা জ্বৰত দীর্ঘদিন ধৰি ভূগিলে প্লীহা বৃদ্ধি হয়। প্লীহা বৃদ্ধি সাধাৰণতে উপসৰ্গহে।


প্লীহা বৃদ্ধি (ENLARGED SPLEEN) লক্ষণ কি ? 

👉প্লীহা বাঢ়ি যোৱাৰ কাৰণে পেটৰ বিষ হয়, খোৱা-বোৱাত অসুবিধা হয়, মূৰ ঘূৰায়, শৌচ টান হয়, অৰুচিভাৱ আহে, শৰীৰ দুৰ্বল হৈ পৰে। চকুৰ তলত চেলাউৰিৰ ভিতৰ ফাল বগা হয়। শৰীৰত তেজ কম হোৱাৰ কাৰণে ছালৰ বৰণ নিস্তেজ হয়।


প্লীহা বৃদ্ধি (ENLARGED SPLEEN) প্রতিৰোধৰ উপায় কি ?

👉 কেঁচা অমিতাৰ আঠা এটোপালত অলপ চেনি দি খালে প্লীহা বৃদ্ধি ৰোগ ভাল হয়। অমিতা তৰকাৰী কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়।

👉পিপলিৰ গুড়া ১২ গ্রাম মৌৰ লগত মিহলি কৰি একেৰাহে ৮/১০ দিন খালেই এই ৰোগ ভাল হয়।

👉কেঁচা মূলা চকল চকলকৈ কাটি তাত জালুকৰ গুড়ি মিহলাই অলপ সৈন্ধৱ নিমখ দি দিনে তিনিবাৰকৈ ৬/৭ দিন খাব লাগে।

👉পকা আমৰ ৰস ৫০ গ্রাম, ২৫ গ্রাম মৌৰ লগত মিহলাই খালে প্লীহা বৃদ্ধি ৰোগ ভাল হয়।

👉ছটিয়না গছৰ বাকলি পুৰি খাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে প্লীহা বৃদ্ধি ৰোগ নাশ হয়।

👉পচতীয়াৰ পাতৰ ৰস প্ৰতিদিনে ১২ গ্রামকৈ একেৰাহে এসপ্তাহ খালে যথেষ্ট সুফল পোৱা যায়।

👉গাজৰৰ আচাৰ খালে প্লীহা ৰোগ ভাল হয়।

👉 ছাল কুঁৱৰীৰ ৰস ১২ গ্রাম অলপ হালধি গুড়ি মিহলি কৰি ১০/১২ দিন খালে আৰোগ্য হয়।

👉নহৰু নাইবা পটলৰ শিপা খুন্দি পেটত প্রলেপ দিব লাগে।

👉চূণৰ পানীৰ লগত চিৰতা ব্যৱহাৰ কৰিলে ৰোগ ভাল হয়।



প্লীহা বৃদ্ধি (ENLARGED SPLEEN) হলে  কি খাব লাগে ?


👉নহৰু, অমিতা, পূৰাকল, চজিনা, ভাতকেৰেলা, ধনীয়া, জীৰা, বাহকৰ পাত, মৌ, ইলাচি, ডালিম, জিলমিল, জামু আৰু জেতুকা পাতৰ ৰস সু-পথ্য।


প্লীহা বৃদ্ধি (ENLARGED SPLEEN) হলে  কি খাব নালাগে ?

👉পিঠা, দাইল খাব নালাগে। মাদকদ্রব্য আৰু টান বস্তু বৰ্জন কৰিব লাগে, দূৰ ভ্ৰমণ আৰু পৰিশ্ৰম কৰা বেয়া।



জালোদৰ বা পেটৰ শোথ (ASCITES)পৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে ?



👉হালকা হাঁটা: দৈনিক কিছু সময় হালকা হাঁটা খুব সহায়ক। ই হৃদৰোগ স্বাস্থ্যৰ বাবে ভাল।

যোগা: সহজ আৰু মৃদু যোগা পোজসমূহ, যেনে শবাসন বা ভুজঙ্গাসন, মানসিক শান্তি আৰু শিথিলতা বৃদ্ধিত সহায় কৰে।

শ্বাস-প্ৰশ্বাসৰ ব্যায়াম: ধ্যান আৰু গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম মনৰ চাপ কমাত সহায়ক।

কঠোৰ ব্যায়াম এড়ানো: ফুটবল, বাস্কেটবল বা অন্য গা-গৰম কৰোঁতী কাৰ্যকলাপএড়াবলৈ চেষ্টা কৰক।




***