বায়ু ৰোগ
(FLATULENCE)
👉জলকীয়া,বাহি ভাত খোৱা, অধিক পৰিমাণে গুৰুপাকী বস্তু, মছলা আদি খোৱাৰ কাৰণে এই ৰোগ হ'ব পাৰে। স্নায়বিক কাৰণত, কৌষ্ঠকাঠিন্য, শৌচ-প্ৰস্ৰাৱৰ গতি ৰোধ কৰিলে, নিমখ আৰু গাখীৰ একেলগে খালে বায়ুৰোগ হয়। অত্যধিক ভোজন আৰু অত্যধিক শাৰীৰিক পৰিশ্ৰম কৰিলেও এই ৰোগ হ'ব পাৰে।
বায়ু ৰোগৰ (FLATULENCE) লক্ষণসমূহ কি কি?
👉পেট ওফন্দি পৰে। আহাৰ খোৱাৰ পাছত পেটে পোট-পাত শব্দ কৰি থাকে। পেটৰ বিষ হয়, শৌচ কঠিন হয়, ঘাম ওলায় আৰু ৰোগী মূর্ছা যাবও পাৰে।
বায়ু ৰোগৰ(FLATULENCE)বাবে ঘৰতে কি উপায় আছে?
👉 গৰম গাখীৰত মৌ মিহলাই খালে পেটত বায়ু জমা নহয়।
👉 ত্রিফলা (আমলখি, শিলিখা, ভোমোৰাৰ গুড়া) পানীত মিহলাই ৰাতি শোৱাৰ আগতে খাব লাগে ।
👉 গৰম গাখীৰত ১ টা পিপলি দি গৰম কৰি খালে পেটৰ বায়ু জমা হ'ব নোৱাৰে।
👉 কেঁচা মূলাৰ লগত ক'লা নিমখ মিহলাই খালে পেটত বায়ু জমা হ'ব নোৱাৰে।
👉 এক চামুচ নহৰুৰ ৰসত আধা কাপ গৰম পানী মিহলি কৰি খালে যথেষ্ট উপকাৰ পোৱা যায়।
👉 আহাৰ খোৱাৰ পাছত গুৰ ২০ গ্রাম খাব লাগে।
👉 নাড়ীৰ চাৰিওফালে সৰিয়হ তেলেৰে মালিচ কৰিব লাগে।
👉 আদা টুকুৰা কৰি নিমখৰ সৈতে আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে খাই গৰম পানী খাব লাগে।
👉পেটত বায়ুজমা হোৱাৰ কাৰণে যদি ৰোগীৰ বুকু পোৰে, মূৰ্চ্ছা যায় তেন্তে গাজৰৰ ২০ মিঃলিঃ ৰসত অলপ পৰিমাণৰ মৌজোল মিহলি কৰি দিনে ২ বাৰকৈ খুৱাব লাগে।
👉৪/৫ চামুচ পদিনাৰ ৰসত দুই চামুচ মৌ মিহলাই অলপ পানী দি ৰাতিপুৱা শুদা পেটত কিছুদিন খালে বায়ুৰোগ ভাল হয়।
👉২ টালং পিহি কাপ পানীত উতলাই তাৰ আধা হ'লে ঠাণ্ডা কৰি খাব লাগে। একেদৰে নিতৌ ৩ বাৰকৈ একেৰাহে ৬/৭ দিন খোৱা উচিত।
👉৫ গ্রাম গৰম গাখীৰত অলপ হালধিৰ ৰস আৰু নিমখ মিহলি কৰি খালে তৎক্ষণাৎ ভাল ফল পোৱা দেখা যায়।
👉২০ গ্রাম কেঁচা চফগুটি পিহি তাক মিচিৰিৰ সৈতে খালে বায়ুৰোগ ভাল হয়।
👉 খোৱা হিং এটুকুৰা পানীত গৰম কৰি সেই পানী খালে পেটৰ বায়ু নাশ হয়।
👉৫/৬ টা শিলিখা ভাজি আহাৰৰ লগত খাব লাগে। আহাৰ খোৱাৰ আগে পিছে শিলিখা চোবাই খাব পাৰিলেও ভাল।
বায়ু ৰোগৰ (FLATULENCE) হলে কি খাব লাগে?
👉ভীমকলৰ পচলা, পাণ, জিলমিল, মধুৰি আম, কালমেঘ, চজিনাৰ ফুলকেঁচাই খোৱা আলু, মানিমুনি, তিতাকেৰেলা, পিঁয়াজ, কোমোৰা, ধুন্দুলি, গৰুৰ দৈ, পাৰৰ মাংস, মিছামাছ, গৰৈ মাছ, ইলিচ মাছ, কুকুৰাৰ মাংস, মৈথি, তেজপাত, সৰিয়হ তেল, তিল, অপৰাজিতা ফুল উপকাৰী। আহাৰ খোৱাৰ আধাঘন্টাৰ আগতে একাপ গৰম পানী খাব লাগে।
বায়ু ৰোগৰ(FLATULENCE)হলে কি খাব লাগে?
👉মূবুত, মণ্ড, গোমধান, পকা বেল, চেনিপুঠি মাছ, টেঙা, চীনা বাদাম,লা, ওলকবি, বাদাম ভজা, কচু, কঠালৰ গুটি, খেচাৰী দাইল, চেঙা মাছ, আঁৰি মাছ, উৰহি, মচুৰ মাহ খাব নালাগে। ঘিউ বা ইয়াৰে ৰন্ধা বস্তু, জলকীয়া, মাদকদ্রব্য খোৱা নিষেধ। ৰাতি উজাগৰে থাকিব নালাগে।
বায়ু ৰোগৰপৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে?
***
0 Comments