পাকস্থলিৰ ঘা (GASTRIC ULCER)



পাকস্থলিৰ ঘা (GASTRIC ULCER) কাৰণ কি ?

👉পেটৰ বিকাৰ, পিত্তসাৰ বৃদ্ধি, অধিক খাদ্য খোৱা,অত্যধিক ভোকত আহাৰ নোখোৱা, বাহি বস্তু খোৱা, বেছিকৈ মছলা খোৱা, আহাৰ ভালদৰে চোবাই নোখোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন গ্ৰহণ কৰা, শৌচ বন্ধ, সময়মতে আহাৰ নোখোৱা, মানসিক বিকাৰ আৰু হৃদ ৰোগ আদিৰ কাৰণে এই পাকস্থলিৰ ঘা হ'ব পাৰে। দীর্ঘদিন ধৰি কোষ্ঠকাঠিন্য বা অর্জীণতাৰ কাৰণেও এই ৰোগ হয়। অধিক মানসিক ছাপ আৰু উত্তেজনাৰ কাৰণেও পাকস্থলিৰ ঘা হ'ব পাৰে।


পাকস্থলিৰ ঘা (GASTRIC ULCER) লক্ষণ কি?

👉পেটৰ ওপৰ ভাগত বিষ হয়। কেতিয়াবা বেছিআৰু কেতিয়াবা কম হয়, বমি হয়, তেজবমিও হ'ব পাৰে। পেট ফুলে, ভোক নালাগে, পেট বিষায়, অৰুচি, অর্জীর্ণ হয় আৰু অধিক পিয়াহ লাগে, ৰক্তহীনতাই দেখা দিয়ে, মাত সৰু হৈ যায়, মানসিক কষ্ট হয় আৰু সাধাৰণতে ভোক কম হয়। ভাত খোৱাৰ আগত বা পাছত পেটৰ বিষ হ'ব পাৰে।


পাকস্থলিৰ ঘা (GASTRIC ULCER)পৰা মুক্তি পাবলৈ কি কৰা উচিত ?


👉নহৰু ৰস ১২ গ্ৰামত সামান্য পানী মিহলি কৰি একেৰাহে ১৫ দিন খালে এই ৰোগ ভাল হয়।

👉 দুই চামুচ আমলখিৰ ৰসত দুই চামুচ মৌ মিহলাই ৰাতিপুৱা খাব লাগে। এনেদৰে ৩০ দিন খোৱা ভাল।

👉ঘেঁহুৰ পাত আৰু ঠাৰি খুন্দি তাৰ ৰস এগিলাচকৈ ৰাতি আৰু ৰাতিপুৱা খাব লাগে নাইবা আধা কাপ ঘেঁহু ধুই এবাটি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত সেই পানী খাব লাগে।

👉এচামুচ গাজৰৰ ৰসত এচামুচ আমলখিৰ ৰস মিহলাই ২ চামুচ মৌ দি ৰাতিপুৱা খালে এই ৰোগ নাইকিয়া হয়। কেৱল গাজৰৰ ৰস খালেও এই ৰোগত তেজবমি হ'লে বন্ধ হয়।

👉এটা পানীৰ পাত্ৰত এটা আপেল টুকুৰা টুকুৰ কৰি কাটি সেই পাত্ৰ ঢাকনি দি গৰম কৰি ১৫ মিনিটৰ পাচত তাক চেকি তাত ২ চামুচ মৌ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।

👉 মিঠা পকা আমৰ ৰস উলিয়াই চেকি খাব লাগে।

👉দহচীয়া কেঁচা অমিতা এটা আঞ্জা কৰি, কোনো তেল বা মছলা আদি প্রয়োগ নকৰাকৈ, এমাহমান খালে এই ৰোগ ভাল হয়।তা

👉কেঁচা কল, হালধিৰ ৰস ৰাতিপুৱা আৰু গধূলি ১০০ গ্রামকৈ খাব লাগে।

👉মধুৰি আমৰ ৩ টা কুমলীয়া পাতৰ আগ একে উশাহতে চিঙি খাব। খালে গেছট্রিক ৰোগ ভাল হয়। একেৰাহে তিনি পালি খাব লাগে।


পাকস্থলিৰ ঘা (GASTRIC ULCER) হলে  কি খাব লাগে ?

👉 আমলখি, মৌ, ত্রিফলা, শিলিখা, কেঁচা হালধি।


পাকস্থলিৰ ঘা (GASTRIC ULCER) হলে  কি খাব নালাগে ?

👉 মাদকদ্রব্য, ধূমপান, তামোল, চাহ, মছলা, জ্বলা খাদ্য।


***