কেচুমুৰীয়া বা অর্শ (PILERS)



 কেচুমুৰীয়া (PILERS) কি ? 

👉কেচুমুৰীয়া হৈছে এটি স্বাস্থ্য সমস্যা, য'ত গুদৰ ভিতৰত বা বাহিৰত স্ফীতি বা নীতি সৃষ্টি হয়। ইয়াক সাধাৰণতে অর্শও বোলা হয়।


 কেচুমুৰীয়াৰ (PILERS) কাৰণ কি ?

👉 যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰগ্রহণ, বেছি মছলা দিয়া খাদ্য, উত্তেজক দ্রব্য, অখাদ্য বস্তু খোৱাৰ কাৰণে এই ৰোগ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। শৌচদ্বাৰ অপৰিষ্কাৰকৈ থকা আৰু একেৰাহে বহু সময় ধৰি টান বস্তুত বহি থাকিলেও এই ৰোগ হ'ব পাৰে।


 কেচুমুৰীয়াৰ (PILERS) লক্ষণ কি কি ?


👉মল ত্যাগৰ সময়ত ৰক্তপাত

👉গুদত স্ফীতি বা ব্যথা

👉মল ত্যাগৰ সময় অসুবিধা

👉অস্বস্তি বা চিত্ৰ দ্ৰষ্টাৰ অনুভূতি


------------------------------


কেচুমুৰীয়া (PILERS) ঘৰুৱা চিকিৎসা কি কি আছে !


কেচুমুৰীয়া (PILERS) কেনেকৈ নিৰাময় কৰিব পাৰি ?


আমি সহজে পোৱা বিভিন্ন বন-দৰবৰ দ্বাৰা এই ৰোগ অতি সহজে আৰোগ্য কৰিব পৰা যায়।


👉 দুপৰীয়া টেঙাৰ পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দি ১৫ মিনিট সময় বাখিব লাগে।

👉পদুম ফুলৰ কেঁচাপাতৰ ৰস চেনি আৰু মাখনৰ সৈতে খালে অৰ্শৰোগ নিবাৰিত হৈ থাকে।

👉একোটাকৈ পকা বেল নিয়মীয়াকৈ ৮/১০ দিন খালে ৰোগ উপশম হয়।

👉তেজ পৰিলে আধা গিলাচ গাখীৰত ২ গিলাচ গোল নেমুৰ ৰস মিহলি কৰি খালে এই ৰোগ ভাল হয়।

👉 মেথি গুটি ১০ গ্রাম খুন্দি ঐ গিলাচ গাখীৰৰ সৈতে খালে অৰ্শত তেজ পৰা বন্ধ হয়।

👉 গৰমে গৰমে ২৫ গ্রাম মাটিমাহ খালে তেজপৰা অৰ্শ ভাল হয়।

👉 কেঁচুমুৰীয়াত তেজ পৰিলে ৰাতিপুৱা আহাৰৰ লগত মচুৰ দাইল খোৱাৰ পাচত ১ গিলাচ বিশুদ্ধ মাখন খালে ৰোগ উপশম হয়।

👉 অৰ্শত তেজ পৰিলে ৬০ গ্রাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়। অকল তিল খোৱাৰ পাচত পানী খালে তেজ নপৰা অৰ্শ ৰোগ ভাল হয়। দিনে তিনিবাৰকৈ খাব লাগে।

👉 গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এড়ি তেল প্রায় এমাহ একেৰাহে লগালে অর্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়।

👉এগিলাচ পানীত এচামুচ ফিকিৰি মিহলাই সদায় গুহ্যদ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই সেই মিশ্রণত জুবুৰিয়াই গুহ্যদ্বাৰত অলপ সময় ৰাখি থ'লে তেজ পৰা বন্ধ হয় আৰু কেঁচুমুৰীযা ৰোগ ভাল হয়।

👉চফগুটি, জীৰা, ধনীয়া এক চামুচকৈ লৈ ২ কাপ পানীত মিহলাই, উতলাই আধা পানী ৰ'লে চেকি, এক চামুচ খাঁটি ঘিউ মিহলাই খালে ভাল হয়।

👉 নিয়মীয়াকৈ হাড়জোৰা লতাৰ ৰস ৪/৫ টোপালৰ লগত পানী মিহলাই খালে এই ৰোগ ভাল হয়।

👉নিমৰ গুটিৰ পৰা তৈয়াৰ কৰা পাউদাৰ মৌৰ সৈতে সমপৰিমাণৰ ২৫ গ্রাম মিশ্রণ কৰি দিনে ২ বাৰকৈ খালে তেজপৰা বন্ধ হয়।

👉 নাহৰ গছৰ পূৱ ফালৰ ৪ ইঞ্চি দীঘল ২ ইঞ্চি বহল ১০ ছটা নাহৰ ছাল এৰুৱাই পানীত ভালদৰে ধুই খুন্দি দিনে তিনিবাৰকৈ প্ৰতি বাৰত

👉মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ ২৫ গ্রামত এচামুচ আদাৰ ৰস মিহলি কৰি খালে অর্শ ভাল হয়।

👉পিঁয়াজ, ঘিউ, চেনি সমপৰিমাণৰ লৈ (২৫ গ্রামকৈ) মিহলি কৰি একেৰাহে কেইদিনমান খালেই অৰ্শত তেজ পৰা বন্ধ হয়।

👉 এটা মূলা কাটি শৌচদ্বাৰত এৰাতি বান্ধি ৰাখি পিচদিনা মূলাৰ বসেবে মলদ্বাৰ ধুলে অর্শ ৰোগ ভাল হোৱা দেখা যায়।
পেটিব বোগ

👉চামুচ কৰি একেৰাহে তিনদিন খালেই অর্শ ৰোগ ভাল হয়।


👉কৰবী গছৰ শিপা খুন্দি মলদ্বাৰত প্ৰলেপ দিব লাগে।

👉 কচুৰ থোৰ কণজলকীয়াৰ সৈতে পাতত দি খালে অৰ্শৰোগ ভাল হয়।

👉 ওলকচু তেঁতেলি পাত দি সিজাই খাব লাগে। ওলকচু ৫০ গ্রাম দুই গিলাচ পানীত সিজাই তাত এমুঠিতেঁতেলি পাত দি দিনে এবাৰকৈ এমাহ খালে ভাল হয়।

👉 ছাল কুঁৱৰীৰ ১ চামুচ ৰসত সামান্য গৰু ঘিউ মিহলাই খালে অৰ্শৰোগ ভাল হয়।

👉 সোণাৰু গছৰ গুটিৰ মাজৰ অংশ (মলমৰ দৰে ওলোৱা কোমল অংশ) ১০ গ্রাম মান লৈ তাত অলপ পানী মিহলি কৰি ৰাতিপুৱা খাব লাগে আৰু মলম গুহ্যদ্বাৰত লগাব লাগে।

👉 মিঠা আমৰ গুটি পুৰি ছাইখিনি নাৰিকলৰ তেলৰ লগত দিনে ২ বাৰ মান লগালে অৰ্শৰোগ আৰোগ্য হয়।


 কেচুমুৰীয়াৰ (PILERS) সময়ত কি খোৱা উচিত ?


👉অমিতা, ওলকচু, ডাবৰ পানী, মানিমুনি, খুতুৰা, ভেদাইলতা, কৰ্দ্দৈ টেঙা, ওলকবি, বেতৰ গাজ, নহৰু, পুৰণি চাউলৰ ভাত, আমলখি, শিলিখা, চেংমৰা, কচুৰ আঞ্জা, ত্রিফলা সুপথ্য।



কেচুমুৰীয়াৰ (PILERS) সময়ত কি খোৱা  অনুচিত ?

👉 ৰাতি উজাগৰে থকা, অধিক সঙ্গম কৰা, জোৰেৰে মল- মূত্ৰ ৰোধ কৰা, চাইকেল চলোৱা, ঘোঁৰাত উঠা, উপবাস কৰা বেয়া। ৰ'দত থাকিব নালাগে। জ্বলা-পোৰা, গুৰুপাকী বস্তু, উৰহি, পূৰৈ শাক, মাছ, মাংস, লাও, বৰা চাউলৰ বস্তু খাব নালাগে। চকোৱা চাউল, উখুরা চাউল অপকাৰী।


---------------------------------------

কেচুমুৰীয়া বা অর্শ (PILERS) সময়ত ব্য়ায়্য়াম কৰিব পাৰি নে ?


কেচুমুৰীয়া বা অর্শৰ সময়ত ব্যায়াম কৰা বিষয়টো খুবেই গুৰুত্বপূর্ণ। সাধাৰণতে, কিছু সাৱধানতাসহ ব্যায়াম কৰা উপকাৰী হব পাৰে। ইয়াত কিছুমান পইণ্ট দিয়া হৈছে:

👉হাঁটাহাঁটি: সহজ হাঁটা ভাল। ইয়াত অধিক চাপ নপৰে।

👉যোগা: যোগা কৰাৰ পৰা শাৰীৰিক শক্তি আৰু নমনীয়তা বৃদ্ধি পায়।

👉পদব্রজ: যদি শৰীৰে সহায় কৰে, তেন্তে নিয়মিত পদব্রজ কৰা ভাল।




***