গা ফটা বা ছাল ফটা
গা ফটা বা ছাল ফটা পৰা মুক্তি পাবলৈ কি কৰা উচিত ?
👉 কেঁচা হালধিৰ ৰস ২০ মিঃলিঃ খোৱাৰ উপৰিও কেঁচা হালধি খুন্দি ৰাতি শোৱাৰ আগতে ছালত লগাব লাগে।
👉ৰাতিপুৱা ১০ টাকৈ আমলখি খোৱা ভাল।
👉 গেৰোৱা ফাটিলে ছতিয়না গছৰ ছালৰ আঠা লগাব লাগে। বৰ গছৰ বা আঁহত গছৰ আঠাও উপকাৰী।
👉 বকফুলৰ গুড়াৰ লগত ম'হৰ দৈ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা মাখন একেলগে মিহলাই মলমৰ দৰে তৈয়াৰ কৰি এই ঠাইত সানিলে ছাল নিমজ আৰু উজ্জ্বল হৈ পৰে।
👉গোলনেমুৰ ৰস ২৫ মিঃলিঃকৈ নিতৌ ৰাতিপুৱা শুদা পেটত খোৱাৰ উপৰিও নেমু এটা দুফাল কৰি ছালত সানিব লাগে।
গা ফটা বা ছাল ফটা হলে কি খাব লাগে ?
👉 টেঙা জাতীয় বস্তু খোৱা ভাল। গাৰ ছাল পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু তেল ঘঁহিব লাগে। লঘুপাকী খাদ্য খোৱা উচিত। খাদ্যপ্রাণ ক,খ, আৰু গ যুক্ত আহাৰ বেছিকৈ খাব লাগে।
গা ফটা বা ছাল ফটা হলে কি খাব লাগে ?
👉বিড়ি, চিগাৰেট, ধঁপাত খোৱা বেয়া।
***