কাহ 

(COUGH)



কাহ (COUGH) কাৰণ কি কি?

👉স্ট্রেপকোক্কাচ, ষ্টাফিলোক্কাচ, ইনফ্লুয়েঞ্জা আদি ৰোগৰ কাৰণে কাহ হ'ব পাৰে। ই প্রকৃততে উপসৰ্গহে। ৰোগৰ জীৱাণু মুখ আৰু নাকেদি দেহত প্ৰৱেশ কৰে। বিড়ি, চিগাৰেট খালেও কাহ হয়।


কাহ (COUGH) মূল লক্ষণ কি কি?

👉ডিঙি শুৰশুৰায়, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰায়, হাঁচি আহে, গা বিষায়, না কদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ হয়।


কাহ (COUGH) পৰা কিদৰে বাচিব পাৰি?

👉ভাল ঘিউত গুৰ মিহলি কৰি জুইত গৰম কৰি খুউৱাৰ উপৰিও ঘিউ আৰু নিমখ সম পৰিমাণৰ মিহলি কৰি বুকুত মালিচ কৰিব লাগে।

👉৩/৪ টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়।

👉কেঁচা মূলাৰ ১২ চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮ চামুচ মিহলি কৰিদিনে ২ বাৰকৈ খাব লাগে।

👉কুঁহিয়াৰৰ ৰস ১০০ মিঃলিঃ দিনে ২ বাৰ খালে শুকান কাহ ভাল হয়।

👉বিড়ি, চিগাৰেট খোৱাৰ কাৰণে শুকান কাহ হ'লে মৰাণ আদা এডোখৰ চোবাই খালে সেই কাহ সহজে আৰোগ্য হয়।

👉২০ টোপালমান নহৰু ৰসৰ লগত মাটিকঠালৰ ৰস অলপ মিহলি কৰি চৰবত কৰি খালে সকলো প্ৰকাৰৰ কাহ ভাল হয়।

👉পুৰণি কাহত এচামুচ হালধিৰ ৰসত ২ চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে।

👉 শিশুৰ কাহ হ'লে ৪/৫ টা দোৰণ ফুল পিহি ১ চামুচ মৌজোলৰ লগত মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়।

👉তৰুৱা কদমৰ ৫০ গ্রাম পাতৰ ৰস ২ চামুচ পানী আৰু ৫ গ্রাম চেনি মিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়।

👉বগা বাহকৰ পাতৰ ৰস ৫ চামুচ দিনে তিনিবাৰ খাব লাগে।


কাহ (COUGH) হলে কি খাব লাগে ?

👉তুলসী, জালুক, পিপলি, তিতাফুল, (বগা বাহক), পূৰাকল, জিলমিল শাক (শুকান কাহত), নহৰু, মৰাণ আদা, মহানিম, মৌ, শিলিখা, ছাগলীৰ গাখীৰ, লং, কেহেৰাজ, কাজিনেমু, ভেঁকুৰী, কেঁচা হালধি আদি সুপথ্য।


কাহ (COUGH) হলে কি খাব নালাগে ?

👉 মিঠাবস্তু, কল, কচু, লাও, পিঁয়াজ, পূৰৈশাক, ভেণ্ডি, কলমৌ, গাখীৰ, মাখন, বেঙেনা, ধঁপাত, বিড়ি, চিগাৰেট আদি অপথ্য।