গোধৰোগ বা শ্লীপদৰোগ 

(ELEPHATIASIS)



গোধৰোগ বা শ্লীপদৰোগ (ELEPHATIASIS) কাৰণ কি কি?

👉ধৰোগ বা শ্লীপদৰোগ ৰোগ সাধাৰণতে সাগৰীয় উপকূল অঞ্চলত বাস কৰা লোকৰ বেছিকৈ হোৱা দেখা যায়। পানীৰ দোষতো এই ৰোগ হ'ব পাৰে।


গোধৰোগ বা শ্লীপদৰোগ (ELEPHATIASIS) মূল লক্ষণ কি কি?

👉ভৰিৰ তলৰ অংশ ডাঙৰ হৈ পৰে। খোজ কঢ়াত অসুবিধা হয়।


গোধৰোগ বা শ্লীপদৰোগ (ELEPHATIASIS)পৰা কিদৰে বাচিব পাৰি?

👉 অপৰাজিতাৰ শিপা, ঠাৰি আৰু পাত বটি লগালে ৰোগ ভাল হয়।

👉 গুলন্স লতা বা আমৈলতাৰ ৰস সৰিয়হ তেলৰ লগত মিহলাই ব্যৱহাৰ কৰিলে শ্লীপদ ৰোগ আৰোগ্য হয়।

👉 বগা সৰিয়হ, ছজিনাৰ ছাল খুন্দি প্রলেপ দিয়া ভাল।

👉 মানিমুনি পাত খুন্দি প্রলেপ দিলে উপকাৰ হয়।

👉  বগা কেঁহৰাজৰ পাতৰ ৰস ২৫০ মিঃলিঃ তিনি ভাগ কৰি দিনে তিনিবাৰ খাব লাগে। প্রায় এমাহ খালে এই ৰোগ ভাল হয়।

👉  দুই / তিনিখন পদুম ফুলৰ কুমলীয়া পাত খুন্দি তাত ২ চামুচ চেনি মিহলি কৰি একেৰাহে ১০/১৫ দিন খালে গোধ ৰোগ ভাল হয়।


গোধৰোগ বা শ্লীপদৰোগ হলে কি খাব লাগে?

👉তিতাকেৰেলা, ভাতকেৰেলা, বেতৰ গাঁজ, কল-খাৰ, শিলিখা, চজিনা, নহৰু, গৰম পানী খোৱা ভাল। লঘুপাকী আহাৰ খাব লাগে।


গোধৰোগ বা শ্লীপদৰোগ হলে কি খাব নালাগে?

👉 সহজে হজম নোহোৱা খাদ্য, মাদকদ্রব্য, উৰহি আদি খাব নালাগে। ধূমপান কৰা নিষেধ।


***