হেঁকেটি 

(HICCOUGH )


হেকেটি (HICCOUGH) কি কাৰণে হয়?

👉 সাধাৰণতে যকৃত, পাকস্থলীৰ ৰোগীসকলৰ হেঁকেটি হয়। তদুপৰি স্নায়বিক দুৰ্ব্বলতা, ৰক্তশূন্যতা, অধিক মানসিক পৰিশ্ৰম, যক্ষ্মা, পেটচলা, অর্জীণ, মাদক দ্রব্য সেৱন, ইনফ্লুয়েঞ্জা, ইউৰেমীয়, বিষমজ্বৰ, হাঁই-ফাই ইত্যাদিৰ কাৰণেও হেঁকেটি হয়।


হেকেটি (HICCOUGH) বন্ধ কৰিবলৈ কি কৰিব? 

👉  পিপলিৰ চূৰ্ণ মৌৰ লগত কেইদিনমান খালেই হেঁকেটি (দীর্ঘদিনীয়া) বন্ধ হয়।

👉  হালধিৰ গুড়া চিলিমত লৈ তাৰ ধোঁৱা টানিলে হেঁকেটি বন্ধ হয়।

👉 পিঁয়াজৰ ৰস ২ চামুচত এক চামুচ মৌ মিহলাই খালে ভাল হয়।

👉  পদিনাৰ পাত পিহি মিচিৰিৰ সৈতে খালে হেঁকেটি বন্ধ হয়।

👉 ডালিম ফলৰ ছাল ১০ মিঃগ্রাঃ মিহিকৈ খুন্দি এক চামুচ চেনি মিহলাই খালে হেঁকেটি বন্ধ হয়।

👉 খুব মিহি-মিহিকৈ আদা এটুকুৰা চকলিয়াই খালে সকলো প্ৰকাৰ হেঁকেটি সহজে বন্ধ হোৱা দেখা যায়।

👉  ডাব নাৰিকলৰ পানী, চেঁচা পানী, সৰু ইলাচি, মৌ, মূলাৰ পাত, মিচিৰি, আম, কুঁহিয়াৰৰ ৰস, ঘিউ, আদাৰ ৰস, চেনি পানী সুপথ্য।



***