যকৃত ৰোগ
(LIVER DISEASES)
যকৃতৰ ৰোগ (LIVER DISEASES) কিয় হয়?
👉অত্যাধিক মাদকদ্রব্য, খালী পেটত চাহ, কফি,অধিক মছলাযুক্ত আহাৰ, গুৰুপাকী বস্তু, অধিক মিঠাই খোৱাৰ কাৰণে এই ৰোগ হ'ব পাৰে। হৃদৰোগ, যক্ষ্মা, উপদংশ অতিসাৰ, অৰ্শ, গ্ৰহণী, মেলেৰীয়া আদি ৰোগে আক্রমণ কৰিলেও এই ৰোগ হয়। অপৰিষ্কাৰ পানী আৰু গাখীৰ খালেও যকৃত ৰোগ হোৱা দেখা যায়।
যকৃত (LIVER DISEASES) ৰোগৰ মূল লক্ষণ কি কি?
যকৃতৰ ৰোগৰ (LIVER DISEASES) পৰা বাচিবলৈ কিহৰ পৰা পৰিহাৰ কৰিব লাগে?
👉 মানকচুৰ মাটিৰ ওপৰৰ কোমল সাহখিনি জহা চাউলৰ লগত সিজাই পায়স কৰি খাব লাগে।
👉তুলসীৰ পাত পানীত সিজাই তাক চেকি ৰসখিনি খালে যকৃত বৃদ্ধি বা যকৃতৰ অন্যান্য ৰোগ ভাল হয়।
👉চিৰতাৰ কাথ, বঙা আলু, জিলমিল শাক যকৃত বোগৰ কাৰণে উপকাৰী (একেলগে খাব নালাগে)।
👉প্রতি দিনে ৰাতিপুৱা আকণৰ আঠা দুই টোপাল পানীৰ লগত মিহলি কৰি খালে যকৃত ৰোগ আৰোগ্য হয়।
👉দিনে এটা কেঁচা বা পকা অমিতা খাব লাগে।
👉মূলাৰ পাতৰ স্মত মৌ মিহলি কৰি খালে উপকাৰ হয়।
👉 নহৰু ১০ গ্রাম, জিবা ১ গ্রাম, আদা ১ গ্রাম, জালুক ১ গ্রাম পিহি একেলগ কৰি আহাৰৰ লগত খালে যকৃতৰ ৰোগ সহজে আৰোগ্য হয়।
👉এক গ্রাম পৰিমাণৰ ছাল কুঁৱৰীৰ পাতৰ ৰস দিনে এবাৰকৈ একেৰাহে এসপ্তাহ খালে যকৃতৰ ৰোগ ভাল হয়।
👉 নহৰু বটি পেটত প্রলেপ দিলে যকৃত আৰু প্লীহাৰ কঠিনতা নিবাৰিত হয়। নাইবা নহৰু ১ টা আৰু পটলৰ শিপা একেলগে খুন্দি প্রলেপ দিব লাগে।
👉কেঁচুৱাৰ এই ৰোগ হ'লে কেৰেলা খুৱালে উপকাৰ হয়, নাইবা কেৰেলাৰ ৰস আধা চামুচকৈ দিনে ২ বাৰ খুৱাব লাগে।
👉 গাজৰৰ ৰসত মৌজোল মিহলি কৰি ৰাতিপুৱা আৰু গধূলি খালে উপকাৰ হয়।
👉 পিপলি গুড়া পুৰণি গুৰৰ লগত মিহলি কৰি খালে যকৃত ৰোগ ভাল হয়।
👉 কলডিল পাৰৰ মাংসৰ সৈতে ভাজি খালে যকৃত ৰোগ ভাল হয়।
👉আমৈলতা বা গুলন্স লতাৰ ক্কাথ মৌৰ লগত খালে যকৃত ৰোগ নাশ হয়।
যকৃত ৰোগ (LIVER DISEASES) হলে কি খাব লাগে?
যকৃত ৰোগ (LIVER DISEASES) হলে কি খাব নালাগে?