ওকণি
(PEDICULOSIS)
ওকণি (PEDICULOSIS) পৰা মুক্ত পাবলৈ কি কৰিব লাগে ?
👉 আমলখি আৰু গোলনেমুৰ ৰস সমপৰিমাণে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্রণেৰে মূৰ ধুব লাগে।
👉 ধতুৰা পাতৰ ৰস মূৰত সানিলে ওকণি মৰে।
👉 গন্ধ বিৰিঙাৰ পাতৰ ৰস সানিলে ওকণি মৰে।
👉 দুপৰীয়া টেঙাৰ পাত কেইখিলা মান খুন্দি মূৰত প্রলেপ দি থ'লে ওকণি মৰে।
👉 ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱাত পাণৰ ৰস সানি শুলে ওকণি মৰে।
👉মহা নিমৰ পাতেৰে মূৰ ধুলে ওকণি নাইকিয়া হয়।
👉 আটলাচ গছৰ কুঁহিপাতৰ ৰসেৰে মূৰ ধুলে ওকণি মৰে।
👉 পাণৰ বা পিঁয়াজৰ ৰস মূৰত লগালে ওকণি মৰে।
👉মহাভৃঙ্গৰাজৰ পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে।
👉চিত্ৰনলাৰ তেল নাৰিকলৰ তেল মিহলি কৰি সানিব লাগে।
👉কালমেঘৰ পাত খুন্দি মূৰত প্ৰলেপ দি আধা ঘণ্টাৰ পাচত মূৰ ধুলে ওকণি সহজে মৰে।
ওকণি (PEDICULOSIS) হলে কি খাব লাগে ?
👉তিতা দ্রব্য- বিশেষকৈ মহানিমৰ পাত, চিৰতা আদি খাব লাগে আৰু খুন্দি মূৰত আধা ঘন্টা প্রলেপ দিয়া ভাল। মূৰ সদায় পৰিষ্কাৰকৈ ধব লাগে।
ওকণি (PEDICULOSIS) হলে কি খাব নালাগে ?
👉বেছিকৈ মিঠা বস্তু খাব নালাগে। ওকণি হোৱা লোকৰ লগত একেলগে থাকিব নালাগে বা তেনে লোকৰ কাপোৰ-কাণি বা ফণি আদি ব্যৱহাৰ কৰিব নালাগে।
............................................
👉ওকণি সাধাৰণতে দুবিধ। এবিধে গাৰ ছালত থাকি তেজ শোষণ কৰে আৰু আনবিধে চুলিৰ গুৰিত থাকি তেজ শোষণ কৰে। এই ওকণিয়ে কামুৰিলে টাইফাচ (Typhus) ৰোগ হয়। ওকণি হ'লে ছালত খহু হয় আৰু খজুৱায়।
***